*গোলাঘাটৰ বীৰাঙ্গণা সাধনী কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰা- মেৰি মাটি মেৰা দেশ, খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম শীৰ্ষক তিনিওটা কাৰ্যসূচীৰে এখনি প্ৰস্তুতি সভা অনুষ্ঠিত*
গোলাঘাট ১৯ চেপ্তেম্বৰ,২০২৩ঃ আজি দিনৰ ১১-০০ বজাত গোলাঘাটৰ বীৰাঙ্গণা সাধনী কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰা- মেৰি মাটি মেৰা দেশ, খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম শীৰ্ষক তিনিওটা কাৰ্যসূচীৰে এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে অসম চৰকাৰৰ কৃষি, পশুপালন ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজীত ফুকন ডাঙৰীয়া, দেৰগাঁও বিধান সভাৰ মাননীয় বিধায়ক ভূপেন্দ্ৰ নাথ ভঁৰালীৰ প্ৰতিনিধি সাংস্কতিক কৰ্মী নুৰুল চুলতান ডাঙৰীয়া, গোলাঘাট পৌৰসভাৰ পৌৰনেত্ৰী শ্ৰীমতী দুলুমণি বৰবৰা, সমাজকৰ্মী দেৱপ্ৰদীপ বৰা, অসম ক্ৰীড়া বোৰ্ডৰ উপ-সভাপতি আকাশ ফুকন ডাঙৰীয়া, গোলাঘাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জীৱ দাস, সমাজকৰ্মী আচিকুৰ ৰহমান ডাঙৰীয়াই। জিলাখনৰ আটাইকেইটা পঞ্চায়তৰ পৰা সমাজখনৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ উপস্স্থিতিৰে পৰিপূৰ্ণ সভাখনত বিধায়ক বিশ্বজীত ফুকন ডাঙৰীয়াই সকলোকে মেৰি মাটি মেৰা দেশ শীৰ্ষক কাৰ্যসূচীত দেশৰ প্ৰতি আন্তৰিকতাৰে আত্মনিয়োগ কৰি, ৰাজনৈতিক উৰ্দ্ধত থাকি অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাত মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই খেল- মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামে গাঁৱৰ প্ৰতিভাবান যুৱক-যুৱতীসকলক প্ৰতিভা বিকাশৰ সুযোগ দিব বুলি আশা ব্যক্ত কৰে।
আনহাতে এই সভাতে প্ৰদৰ্শন কৰা হয় মাননীয় প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ মেৰা মাটি মেৰা দেশ-অমৃত কলহ যাত্ৰাৰ সন্দৰ্ভত প্ৰস্তুত কৰা বিতং বক্তব্য সম্বলিত তিনিটিকৈ ভিডিঅ আৰু থিমচং।
NORTHEAST NEWS INDIA