জনসংযোগ, গোলাঘাট
গোলাঘাট, ১৫ জুলাই ২০২৩: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলাতো চাৰিওটা বিধানসভা সমষ্টিত ১০ দিনীয়াকৈ বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। আজি গোলাঘাট সমষ্টিত এখন, বোকাখাত সমষ্টিত দুখন আৰু খুমটাই সমষ্টিত এখন কৰ্মশালা আৰম্ভ হৈছে। গোলাঘাটৰ কলেজ তিনিআলিৰ এভাৰগ্ৰীণ ড্ৰামা এণ্ড ফিল্ম এডুকেশ্যন চেন্টাৰত শিশুৰ ওমলা চৰাৰ উদ্যোগত আজিৰে পৰা নাটকৰ কৰ্মশালা অনুষ্ঠিত হৈছে। আজি উদ্বোধনী অনুষ্ঠানত বিশিষ্ট শিল্পী মণীষা হাজৰিকা, বিশিষ্ট নিৱন্ধকাৰ, চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈ, বিশিষ্ট শিল্পী দুৰ্গাধৰ নেওগৰ লগতে পৰ্যবেক্ষক হিচাপে অৰুণ মহন্ত, ইলু বৰুৱা আৰু প্ৰদীপ হাজৰিকা, শিশু ওমলা চৰাৰ সম্পাদক নিলুফাৰ ই মাহতাবি আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। এই কৰ্মশালা দৈনিক পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত হ'ব। আনহাতে, খুমটাই সমষ্টিৰ মিছামৰাৰ মাধৱদেৱ পুথিভঁৰাল প্ৰাংগনত কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজিৰে পৰা নৃত্য আৰু পৰম্পৰাগত নৃত্য কৰ্মশালা অনুষ্ঠিত হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী পৰাগ বৰা, বেটিয়নি গাঁও পঞ্চায়তৰ সভাপতি বিদ্যা বিজয় দুৱৰা আৰু কৰ্মশালা পৰিচালনা সমিতিৰ সভাপতি অৰিন্দম শইকীয়া উপস্থিত আছিল। দৈনিক পুৱা ১০ বজাৰ পৰা এই কৰ্মশালা অনুষ্ঠিত হ'ব।
বোকাখাত সমষ্টিতো আজি দুখন কৰ্মশালা আৰম্ভ হৈছে। বোকাখাত মহকুমাৰ অন্তৰ্গত বংকোৱাল চিত্ৰকলা বিদ্যালয়ত শিপাভূমি নাট্যগোষ্ঠী গোলাঘাট, বংকোৱাল চিত্ৰকলা বিদ্যালয়ৰ সহযোগত সত্ৰীয়া নৃত্য আৰু পৰম্পৰাগত লোকনৃত্যৰ কৰ্মশালাৰ আজি শুভাৰম্ভ কৰা হয়। টাজাং কুটুম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনকধন বৰিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে বংকৱাল চিত্ৰকলা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক ইভান লইঙে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিপাভূমি নাট্যগোষ্ঠীৰ সদস্য পলাশ লইঙে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহ অধ্যাপক সোণমণি শৰ্মাই আজিৰ কৰ্মশালাখনি উদ্বোধন কৰে। সভাত অফলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত বৰি, বংকোৱাল গাঁৱৰ গাঁও প্ৰধান অজিত দাৱ, মহুৰামুখ প্ৰেছ ক্লাবৰ হৈ হেমন্ত লইং, বলোৰাম কামান আৰু বংকৱাল চিত্ৰকলা বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুকান্ত দাৱে বক্তব্য আগবঢ়ায়। কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশ ল'ব সত্ৰীয়া নৃত্যৰ বিশাৰদ নিৰু বাহেকে। দৈনিক ডেৰ বজাৰ পৰা ৩ বজালৈ এই কৰ্মশালা অনুষ্ঠিত হ'ব। আনহাতে, শিপাভূমি নাট্য গোষ্ঠী, গোলাঘাট আৰু দেখহ শুনহ কুৰুৱাবাহীয়ে ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আন এখন গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ কৰে। কৰ্মশালাত বন্তি প্ৰজ্বলন কৰে ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল দেৱীয়ে। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বোকাখাত খণ্ড উন্নয়ন বিষয়া পাৰ্থজিত গগৈ, বিশিষ্ট সাংবাদিক বুবুল দত্ত, বিশিষ্ট নাট পৰিচালক বিজয়ানন্দ হাজৰিকা আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতকোত্তৰ সোণমণি শৰ্মা। এই কৰ্মশালাৰ সময় হ'ব পুৱা ১০.৩০ বজাৰ পৰা ২ বজালৈ।
উল্লেখযোগ্য যে কৰ্মশালাসমূহত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব। কৰ্মশালাৰ অন্তত সকলোকে প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA