গোলাঘাট ১১ জুলাই,২০২৩ঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ গমাৰিগুৰি খণ্ড অভিযান পৰিচালনা গোটৰ অধীনৰ কাছমাৰী গাঁও পঞ্চায়তৰ মলয় আত্মসহায়ক গোটৰ এগৰাকী সদস্য মঞ্জু শইকীয়াই ড্ৰেগন ফলৰ খেতি কৰি সাফল্য অৰ্জন কৰিছে। মহিলাগৰাকীয়ে স্বামীৰ সৈতে লগ হৈ ২০২২ চনত ৩৮টা পকী খুটা ব্যৱহাৰ কৰি ১৫০ জোপা ড্ৰেগন ফলৰ পুলি ৰোপণ কৰিছিল। জিলা অভিযান পৰিচালনা গোট, গোলাঘাট আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকৰ প্ৰয়াসত জিলা কৃষি বিষয়াৰ কাৰ্যালয়, গোলাঘাটৰ পৰা পুলিসমূহ যোগান ধৰা হৈছিল। ২০২৩ চনৰ মে' মাহত প্ৰথমবাৰৰ বাবে উৎপাদন আৰম্ভ হয়। উল্লেখযোগ্য যে মে' মাহৰ পৰা ডিচেম্বৰ মাহলৈকে ড্ৰেগন ফল চিঙাৰ উপযুক্ত সময়। প্ৰাৰম্ভিকভাৱে এই খেতিৰ বাবে ৩০ হাজাৰ টকা ব্যয় কৰা হৈছিল। ইয়াৰে ৭০ শতাংশ ধন পকী খুটা নিৰ্মাণৰ নামত ব্যয় হয়। তেওঁলোকে কেৱল গৰুৰ গোবৰ আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰি এই খেতি কৰে। তেওঁলোকে এতিয়ালৈকে প্ৰায় ৬০ কিলোগ্ৰাম ফল চিঙিছে আৰু ওচৰৰ বিভিন্ন ঠাইত প্ৰতি কিলোগ্ৰামত প্ৰায় ৩০০ টকাকৈ বিক্ৰী কৰিছে। ৰোপণৰ প্ৰথম বছৰ এজোপা গছে ১৫ কিলোগ্ৰামপৰ্যন্ত ফল দিয়ে। সকলো ঠিকে থাকিলে এইবাৰ ফল চিঙাৰ বতৰত তেওঁলোকে ১৫০০ কিলোগ্ৰাম ফল উৎপাদন হ'ব বুলি আশা প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে ড্ৰেগন ফলৰ খেতি গ্ৰামাঞ্চলৰ লোকৰ বাবে জীৱিকাৰ এটা ভাল মাধ্যম হ'ব পাৰে।
NORTHEAST NEWS INDIA