Thursday, 1 June 2023

*মিলেট খেতি সন্দৰ্ভত মধ্য কাজিৰঙা গাঁও পঞ্চায়তত সজাগতা সভা*

*মিলেট খেতি সন্দৰ্ভত মধ্য কাজিৰঙা গাঁও পঞ্চায়তত সজাগতা সভা*

১ জুন,২০২৩ বোকাখাত:

গোলাঘাট জিলা কৃষি বিভাগৰ অসম মিলেট মিছনৰ উদ্যোগত আজি মধ্য কাজিৰঙা গাঁও পঞ্চায়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। আন্তজাৰ্তিক মিলেট বৰ্ষৰ লগত সংগতি ৰাখি আজি অসমত মিলেটৰ বাবে কৃষক শীৰ্ষক সজাগতা সভা অনুষ্ঠিত হয়।

মিলেট খেতি সন্দৰ্ভত অনুস্থিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে মধ্য কাজিৰঙা গাওঁ পঞ্চায়তৰ সভাপতি দিগন্ত বৰাই। মুকলি সভাখনত আদৰণী ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই। তেওঁ নিজা ভাষনত অসম মিলেট মিছনৰ উদ্দেশ্য, মিলেটৰ গুণাগন, ব্যৱসায়িক  লাভালাভ আদিৰ সন্দৰ্ভত কৃষক সকলৰ আগত ভাষণ প্ৰদান কৰে।

 ইয়াৰ পাছত মিলেট খেতি সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। বোকাখাত মহকুমা কৃষি  বিষয়া সুৰুজ শইকীয়াই কৃষক সকলক উদ্দেশ্য কৰি মিলেটৰ গুণাগুণ, পানীৰ প্ৰয়োজন, পুষ্টি, বহনশীল ভবিষ্যত, জলবায়ু অনুকূল কৃষি হিচাপে মিলেট আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই। তদুপৰি কৃষি ক্ষেত্ৰত বিভিন্ন ৰাসায়নিক সাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ সন্দৰ্ভত প্ৰশিক্ষন প্ৰদান কৰে।আজিৰ সজাগতা সভাখনত মিলেটৰ জিলা নডেল বিষয়া তথা জেষ্ঠ কৃষি উন্নয়ন বিষয়া শান্তনু দত্তই মিলেটৰ স্বাস্থ্য উপকাৰিতা, কৃষকৰ আয় হিচাপে মিলেট সন্দৰ্ভত কৃষক সকলক উদ্দেশ্য কৰি বক্তব্য প্ৰদান কৰে।  উল্লেখযোগ্য আজিৰ এই সজাগতা সভা খনত প্ৰায় দুই শতাধিক কৃষক ৰাইজে অংশগ্ৰহন কৰে। গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ অতিৰিক্ত কৃষি সঞ্চালক অনুপম গগৈ, কৃষ্ণ ৰঞ্জন শইকীয়া, মহকুমা কৃষি বিষয়া (এগ্ৰ) বসন্ত বৰমুদৈ, কৃষি উন্নয়ন বিষয়া বৈচিত্ৰ্য হকচাম, মৃত্যুঞ্জয় শইকীয়াকে ধৰি বোকাখাত মহকুমা কৃষি কাৰ্যালয়ৰ বহুকেইজন কৰ্মচাৰী উপস্থিত থাকে।

ঊল্লেখযোগ্য যে আজিৰ সজাগতা সভাখনত কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনী প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বীমা কৰাৰ  ব্যবস্থা কৰা হৈছে। এই কাৰ্যসূচীত বহুতো কৃষকৰ সমাগম পৰিলক্ষিত হয়।ইয়াৰোপৰি মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাৱঁৰ হিতাধিকাৰী সকলৰ মাজত ধানৰ বীজ, জৈৱিক সাৰ, ৰাসায়নিক সাৰ আদিকে ধৰি বিভিন্ন কৃষিকৰ্মৰ সামগ্ৰী বিতৰন কৰা হয়৷

NORTHEAST NEWS INDIA

Monday, 29 May 2023

দীঘলী পুখুৰীৰ পাৰত অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন ‘জাতীয় মহিলা শক্তি’ৰ প্ৰতিবাদ

 *দীঘলী পুখুৰীৰ পাৰত অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন ‘জাতীয় মহিলা শক্তি’ৰ প্ৰতিবাদ


*


২৯ মে, ২০২৩ঃ দীঘলী পুখুৰীৰ পাৰত অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন ‘জাতীয় মহিলা শক্তি’ৰ প্ৰতিবাদ। 

মল্ল যুঁজাৰুসকলক দিল্লীৰ পুলিচ-প্ৰশাসনে কৰা অত্যাচাৰ, অপমানৰ বিৰোধিতাৰে হাতে হাতে মমবাতি লৈ প্ৰতিবাদ জাতীয় মহিলা শক্তিৰ। 


protest #guwahati #delhi #WrestlersProtest #AJP

Tuesday, 23 May 2023

প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত সজ্ঞীৱনী NGO ৰ সহযোগত Cleaning Wetland ( KURUKA RANGAJAN BEEL) নামেৰে এক সজাগতা কাৰ্য্যসূচী


 *প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত সজ্ঞীৱনী NGO ৰ সহযোগত Cleaning Wetland ( KURUKA RANGAJAN BEEL) নামেৰে এক সজাগতা কাৰ্য্যসূচী*


গোলাঘাট ২৩ মে ২০২৩ঃ ক্ৰমাত বাঢ়ি অহা প্ৰদূষণৰ কবলত পৰিছে বহুতো প্ৰকৃতিক জলাশয় ইয়াৰ অন‍্যতম জলাশয় হৈছে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত কোৰোকা ৰঙাজান বিল ইয়াৰ প্ৰধান কাৰণ হৈছে স্থানীয় দাতিকাষৰীয়া কিছুমান অসচেতন লোক। যি সকলে নানা ধৰণৰ আৱৰ্জনা বিলত পেলাই আহিছে ফলত বিলৰ জলাশয়ত থকা বিভিন্ন ধৰণৰ জলজ প্ৰানীৰ লগতে থলুৱা প্ৰজাতিৰ মাছৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে । 

আজি এই বিলত প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত সজ্ঞীৱনী NGO ৰ সহযোগত Cleaning Wetland ( KURUKA RANGAJAN BEEL) নামেৰে এক সজাগতা কাৰ্য্যসূচী লৈ বিলখনৰ কিছু অংশত আৱৰ্জনা পৰিস্কাৰ কৰা হয় 

অনাগত দিনত জলাশয় আদিৰ লগতে যি কোনো স্থানত আৱৰ্জনা বিশেষকৈ প্লাষ্টিক, কাচৰ বটল ইত্যাদি পেলোৱাৰ পৰা বিৰত থাকিবৰ বাবে উপস্থিত ৰাইজক আহ্বান জনোৱা হয় । 

শেষত বৃষৰোপন কাৰ্য্যৰে সজাগতা কাৰ্য্যসূচী অন্ত পৰে 

এই সজাগতা কাৰ্য্যত বিলখনৰ মহলদাৰ শ্ৰী যুত সুনীল গগৈয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে সজাগতা কাৰ্য্যত অংশগ্ৰহণ কৰা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে।


NORTHEAST NEWS INDIA

Monday, 15 May 2023

আহ্বান

।।জয় মা আৰু প্ৰকৃতি।।

                 *মা আৰু প্ৰকৃতি*

সেই মানৱ জাতি সম্পত্তি আৰু শৰীৰক লৈ কেতিয়াও অংহকাৰ নকৰিবা, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কব নোৱাৰাকৈ আহে। 

সেৱাৰে
মা আৰু প্ৰকৃতি 
প্ৰতিষ্ঠাপক।

Sunday, 14 May 2023

শিঙিয়া পোটনী সোনাৰী গাঁও নবীন পুথিভঁৰাল আৰু ব'হাগ বিহুৰ বিদায় উৎসৱ

যোৱা ইং ১৩ মে ২০২৩ তাৰিখে
 শিঙিয়া পোটনী সোনাৰী গাঁও নবীন পুথিভঁৰাল আৰু ব'হাগ বিহুৰ বিদায় উৎসৱৰ নিশা সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট কবি সাহিত্যিক সমাজ সেৱক ড° কেশৱ বৰা আৰু শ্ৰী যুত ৰমেশ গোস্বামী বিশিষ্ট সংগীত শিল্পী জীৱন সিং লগতে উদ্বোধক উৎপল বণিয়াক বিহু কমিটিয়ে বিপুল সম্বৰ্দ্ধনা জনাই। 
 ড° কেশৱ বৰা মা আৰু প্ৰকৃতি কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি উপৰিও নগাঁও জিলাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

NORTHEAST NEWS INDIA

Monday, 8 May 2023

জাননী

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড

জাননী


ইয়াৰ  দ্বাৰাই  জনসাধাৰণক  অৱগত  কৰা  হয়  যে, 132kV গ্ৰীড উপ-কেন্দ্ৰ, এইজিচিএল, বোকাখাটৰ অধীনৰ 132 kV যোৰহাট (পশ্চিম)-বোকাখাট বিদ্য়ুৎ  পৰিবাহী   লাইনৰ  Coridor Cleaning ৰ অৰ্থে অহা 10 মে' 2023 তাৰিখে পুৱা  5:00 বজাৰ পৰা 10:00 বজালৈকে পৰিকল্পিত ভাৱে বিদ্য়ুৎ কৰ্তনৰ ব্য়ৱস্থা কৰা হৈছে | 
উক্ত  সময়চোৱাত  বোকাখাট,  কহঁৰা,  ৰজাবাৰী,  বিহৰা,  নুমলীগড়,  তেলগৰম, কমাৰগাঁও,  বাদুলীপাৰ,  খুমটাই  তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্ৰভাৱিত হ'ব পাৰে। 
উপৰোক্ত সময়চোৱাত ৰাইজক আমাৰ সৈতে সহযোগিতা কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। অসুবিধাৰ বাবে আমি একান্তই দু:খিত।



সহকাৰী মহাপ্ৰৱন্ধক,
গোলাঘাট বিদ্য়ুৎ সংমণ্ডল,
এপিডিচিএল, ইউএআৰ, গোলাঘাট

NORTHEAST NEWS INDIA

মণিপুৰৰ সাম্প্ৰতিক অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ নাগৰিক বা তেওঁলোকৰ যিকোনো সম্বন্ধীয় ব্যক্তি যদি ৰাজ্যখনত আৱদ্ধ হৈ আছে তেনেহ'লে উদ্ধাৰৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তাৰ বাবে নাগৰিকসকলে 03774-283282/1077 অথবা আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 6026900533 ত যোগাযোগ কৰিব পাৰিব।NORTHEAST NEWS INDIA

মণিপুৰৰ সাম্প্ৰতিক অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ নাগৰিক বা তেওঁলোকৰ যিকোনো সম্বন্ধীয় ব্যক্তি যদি ৰাজ্যখনত আৱদ্ধ হৈ আছে তেনেহ'লে উদ্ধাৰৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তাৰ বাবে নাগৰিকসকলে 03774-283282/1077 অথবা আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 6026900533 ত যোগাযোগ কৰিব পাৰিব।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...