১ জুন,২০২৩ বোকাখাত:
গোলাঘাট জিলা কৃষি বিভাগৰ অসম মিলেট মিছনৰ উদ্যোগত আজি মধ্য কাজিৰঙা গাঁও পঞ্চায়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। আন্তজাৰ্তিক মিলেট বৰ্ষৰ লগত সংগতি ৰাখি আজি অসমত মিলেটৰ বাবে কৃষক শীৰ্ষক সজাগতা সভা অনুষ্ঠিত হয়।
মিলেট খেতি সন্দৰ্ভত অনুস্থিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে মধ্য কাজিৰঙা গাওঁ পঞ্চায়তৰ সভাপতি দিগন্ত বৰাই। মুকলি সভাখনত আদৰণী ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই। তেওঁ নিজা ভাষনত অসম মিলেট মিছনৰ উদ্দেশ্য, মিলেটৰ গুণাগন, ব্যৱসায়িক লাভালাভ আদিৰ সন্দৰ্ভত কৃষক সকলৰ আগত ভাষণ প্ৰদান কৰে।
ইয়াৰ পাছত মিলেট খেতি সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। বোকাখাত মহকুমা কৃষি বিষয়া সুৰুজ শইকীয়াই কৃষক সকলক উদ্দেশ্য কৰি মিলেটৰ গুণাগুণ, পানীৰ প্ৰয়োজন, পুষ্টি, বহনশীল ভবিষ্যত, জলবায়ু অনুকূল কৃষি হিচাপে মিলেট আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই। তদুপৰি কৃষি ক্ষেত্ৰত বিভিন্ন ৰাসায়নিক সাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ সন্দৰ্ভত প্ৰশিক্ষন প্ৰদান কৰে।আজিৰ সজাগতা সভাখনত মিলেটৰ জিলা নডেল বিষয়া তথা জেষ্ঠ কৃষি উন্নয়ন বিষয়া শান্তনু দত্তই মিলেটৰ স্বাস্থ্য উপকাৰিতা, কৃষকৰ আয় হিচাপে মিলেট সন্দৰ্ভত কৃষক সকলক উদ্দেশ্য কৰি বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য আজিৰ এই সজাগতা সভা খনত প্ৰায় দুই শতাধিক কৃষক ৰাইজে অংশগ্ৰহন কৰে। গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ অতিৰিক্ত কৃষি সঞ্চালক অনুপম গগৈ, কৃষ্ণ ৰঞ্জন শইকীয়া, মহকুমা কৃষি বিষয়া (এগ্ৰ) বসন্ত বৰমুদৈ, কৃষি উন্নয়ন বিষয়া বৈচিত্ৰ্য হকচাম, মৃত্যুঞ্জয় শইকীয়াকে ধৰি বোকাখাত মহকুমা কৃষি কাৰ্যালয়ৰ বহুকেইজন কৰ্মচাৰী উপস্থিত থাকে।
ঊল্লেখযোগ্য যে আজিৰ সজাগতা সভাখনত কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনী প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বীমা কৰাৰ ব্যবস্থা কৰা হৈছে। এই কাৰ্যসূচীত বহুতো কৃষকৰ সমাগম পৰিলক্ষিত হয়।ইয়াৰোপৰি মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাৱঁৰ হিতাধিকাৰী সকলৰ মাজত ধানৰ বীজ, জৈৱিক সাৰ, ৰাসায়নিক সাৰ আদিকে ধৰি বিভিন্ন কৃষিকৰ্মৰ সামগ্ৰী বিতৰন কৰা হয়৷
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India