Tuesday, 25 April 2023

*বিশ্ব মেলেৰিয়া দিৱস উদযাপন*

*বিশ্ব মেলেৰিয়া দিৱস উদযাপন*


আজি ২৫ এপ্ৰিল, ২০২৩ সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এখন সজাগতা ৰেলী আৰম্ভ কৰা হয় ।
 ৰেলীখন মুকলি কৰে গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ ৰঞ্জিত ভূঞা দেৱে । তেখেতে  ৰেলী মুকলি কৰাৰ আৰম্ভণিতে নিজৰ বক্তব্যত এই দিৱসৰ তাৎপৰ্য আৰু ৰোগটোৰ বিষয়ে মন্তব্য দাঙি ধৰি কয় যে ৰাইজৰ মাজত সজাগতাবৃদ্ধিৰ দ্বাৰা এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। স্বাস্থ্য বিভাগে কৰি থকা সজাগতা মূলক কাৰ্যসূচীত ৰাইজৰ সহযোগিতা অতিকৈ মহত্বপূৰ্ণ । ৰাইজে বিভিন্ন সজাগতাৰ বাৰ্তা সমূহ মানি চলিলে মেলেৰিয়া বা অন্যান্য বাহক জনিত ৰোগৰ পৰা বাচি থাকিব পাৰিব।

আজিৰ সজাগতা ৰেলিখনত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ  উপ অধীক্ষক ডঃ বিপুল দাস, জিলা মেলেৰিয়া বিষয়া নৱনিতা দাস, জিলা বাহক জনিত ৰোগ কনচালটেন্ট বিঞ্জি ৰহমান, এন এইচ এমৰ বিষয়া, জি এন এম প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰীসকল, আশাকৰ্মী আৰু বিভাগৰ কৰ্মচাৰী সকল আদিয়ে অংশগ্ৰহণ কৰে।

বিশ্ব মেলেৰিয়া দিৱসৰ উপলক্ষে গোলাঘাট জিলাৰ গোটেই কেইটা স্বাস্থ্য খণ্ডত আজিৰ দিনটোত প্ৰতিটো স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ অঞ্চলবোৰত বিভিন্ন কাৰ্যসূচী যেনে সজাগতা সভা, সজাগতা মূলক প্ৰচাৰ পত্ৰিকা বিতৰণ, আঠুৱা ঔষধিকৰণ, মাইকিং, মহৰ বংশবৃদ্ধিৰ উৎস চিনাক্তকৰণ আৰু চাফাই অভিযান ইত্যাদি কাৰ্যসূচী পালন কৰা হয় । 

NORTHEAST NEWS INDIA

Friday, 21 April 2023

*বৰদৈচিলা যুৱ সংঘৰ উদ্যোগত আৰু পোটনী পানী গাঁৱৰ ৰাইজৰ সহযোগত ৰঙালী বিহুৰ উপলক্ষে দিনজোৰা কাৰ্যসূচী*

*বৰদৈচিলা যুৱ সংঘৰ উদ্যোগত আৰু পোটনী পানী গাঁৱৰ ৰাইজৰ সহযোগত ৰঙালী বিহুৰ উপলক্ষে দিনজোৰা কাৰ্যসূচী*

২১ এপ্রিল,২০২৩ঃ বৰদৈচিলা যুৱ সংঘৰ উদ্যোগত আৰু পোটনী পানী গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত ৰঙালী বিহুৰ উপলক্ষে দিনজোৰা কাৰ্যসূচী মাজতে কালক্ৰমত হেৰাই যাব ধৰা অসমীয়া কলা কৃষ্টি সংস্কৃতিৰ উদ্ধাৰ শীৰ্ষক আলোচনাচক্ৰত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে ড° কেশৱ বৰাই। 
ভাষণত ড° কেশৱ বৰাই অসমীয়া জাতি উদ্ধাৰৰ হকে সাবলীল ভাৱে ভাষণ দিয়ে। অসমীয়া জাতি কেতিয়াও কোনো কাৰণত দুখীয়া জাতি হ'ব নোৱাৰে। বিহুৰ অসমীয়া জাতিৰ সমাহাৰ সমন্বয় প্ৰতীক। বিহুৰ অতীত পৰম্পৰা আৰু হেৰাই যাব ধৰা লোক কলা কৃষ্টি সংস্কৃতিৰে চহকী জাতিটোৰ উদ্ধাৰৰ হকে নৱ প্ৰজন্মৰ সকলক হাতে হাত ধৰি সমন্বয় বাটেৰে আগুৱাই লৈ যাব লাগিব। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ থকা কৃষি সৈতে নিবিড় সম্পৰ্ক বিহুৰ ঐতিহ্য ধৰি ৰাখিব পাৰিলেহে বিহু পতাৰ সাৰ্থক হ'ব।

NORTHEAST NEWS INDIA

Friday, 14 April 2023

সমগ্র বিশ্বৰ মানৱ জাতিলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা

।।জয় মা আৰু প্ৰকৃতি।। 

সমগ্র বিশ্বৰ মানৱ জাতিলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা শ্ৰদ্ধা ভক্তি ও সেৱা জনাইছো। 

মানৱ জাতিৰ জীৱনৰ এটি অংগ বহাগ বিহু। মা আৰু প্ৰকৃতিয়ে এই সময় চোৱাত ন ৰূপেৰে এটি নতুন দিগন্তৰ সূচনা আনে। প্ৰকৃতিয়ে ন ৰূপেৰে ঠন ধৰি উঠে। 
সেই বিশ্বৰ মানৱ জাতি আহক আমি মানৱ জাতিয়েও এই সুভখনত আমি  লুভ, মোহ, কাম, ক্ৰোধ, দম্ভ, অংহকাৰ, সকলো ত্যাগ কৰো। যি দৰে মা আৰু প্ৰকৃতিয়েও সুষ্ঠভাবে ঠন ধৰি উঠে সকলো বেয়া বিষবাষ্প নাইকিয়া কৰি। 
আহঁক আমি সকলোৱে এক মানৱবন্ধনেৰে এখন সুস্থ সবল সমাজ গঠন কৰি মা আৰু প্ৰকৃতি ৰ চৰনত সেৱা লওঁ। 

বিশ্বৰ সমগ্র মানৱ জাতিলৈ আহ্বান জনাইছো আহক সকলোৱে সকলো অঞ্চলতে, সকলোকে লগত লৈ এখন সুস্থ সবল মা আৰু প্ৰকৃতিৰ সমাজ গঠন কৰিবলৈ যোগাযোগ কৰক।

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
প্ৰতিষ্ঠাপক।। 
Email - mother.and.nature2021@gmail.com

Thursday, 13 April 2023

সেই বিশ্বৰ মানৱ জাতি, টকাৰে সকলো নহয়। টকা মাথো এটা বিনিময়। এখন সুস্থ পৃথিবীৰ, এখন সুস্থ সমাজতকৈ টকা ডাঙৰ বস্তু নহয়। সদায় মনত ৰাখিব লাগিব আমি মানৱ জাতিয়ে।

সেই বিশ্বৰ মানৱ জাতি, টকাৰে সকলো নহয়। টকা মাথো এটা বিনিময়। এখন সুস্থ পৃথিবীৰ, এখন সুস্থ সমাজতকৈ টকা ডাঙৰ বস্তু নহয়। সদায় মনত ৰাখিব লাগিব আমি মানৱ জাতিয়ে।

Wednesday, 12 April 2023

*প্ৰত্যেক ভি এইহ এছ এন চি সভাত বনৰীয়া কাঠফুলা সেৱনৰ পৰা আঁতৰি থাকিবলৈ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত*

*প্ৰত্যেক ভি এইহ এছ এন চি সভাত বনৰীয়া কাঠফুলা সেৱনৰ পৰা আঁতৰি থাকিবলৈ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত*

*বনৰীয়া কাঠফুলা নেখাবলৈ ৰাইজক আহ্বান*

  গোলাঘাট ১২ এপ্রিল,২০২৩ঃ গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগে বুধবাৰৰ দিনটোত গাওঁ স্বাস্থ্য অনাময় আৰু পৰিপুষ্টি দিৱসৰ ( V H S N C - Village Health Sanitation and Nutrition Committee) দিনটোত প্ৰত্যেক VSNC সভাত বনৰীয়া কাঠফুলা সেৱন নকৰিবলৈ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰে।

স্বাস্থ্য কৰ্মী সকলে বনৰীয়া কাঠফুলা খোৱাৰ ফলত বিষক্ৰিয়া হৈ মৃত্যু মুখত পৰিব লগা হব পাৰে বুলি ৰাইজক সচেতন কৰে। হাবি - বননিত পোৱা কাঠফুলা খাদ্যৰ বাবে স্বাস্থ্যকৰ হয় নে নহয় চিনাক্ত কৰা টো জটিল। সেইবাবে এনে কাঠফুলা খাই বিষক্ৰিয়া হোৱাটো নিশ্চিত। 

আজি বিশেষ VHSNC হিচাপে পালন কৰি সমূহ চিকিৎসা কৰ্মী, তৃণমূল পৰ্যায়ৰ স্বাস্থ্যকৰ্মিয়ে গৰ্ভৱতী মহিলা আৰু শিশু সকলক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী, মাতৃ আৰু শিশু স্বাস্থ্যজনিত দিশ সমূহৰ উপৰত সজাগতাৰ লগতে বিশেষভাবে বনৰীয়া কাঠফুলা বিষয়টোৰ উপৰত গুৰুত্ব আৰোপ কৰা হয়। VHSNC সভাত চিকিৎসক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ আঁচনি পৰিচালন গোটৰ বিষয়া - কৰ্মচাৰী আদিও উপস্থিত থাকে।

বনৰীয়া কাঠফুলা সেৱনৰ ভয়াবহতাৰ উপৰত ৰাইজৰ সজাগতা উদ্দেশ্য ইতিমধ্যে স্বাস্থ্য কৰ্মী সকলে IDSP ( Integrated Disease Surveillance Programme) গোটৰ বিষয়া সকলৰ লগত গাওঁ সভা আৰু স্বাস্থ্য শিবিৰ সমূহত সজাগতা সভা অনুষ্ঠিত কৰি সজাগতা প্ৰচাৰপত্ৰ (leaflet) বিতৰণ কৰিছে। 

NORTHEAST NEWS INDIA

Saturday, 8 April 2023

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা বোকাখাট মহকুমা অসামৰিক চিকিৎসালয়ত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱ*

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা বোকাখাট মহকুমা অসামৰিক চিকিৎসালয়ত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱ*


  গোলাঘাট ০৮ এপ্রিল,২০২৩ঃ স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনটোত অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱে বোকাখাট স্থিত  শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় বাহ্যিক মূল্যায়নকাৰী হিচাপে পৰিদৰ্শন কৰে। তেখেতৰ লগত বাহ্যিক মূল্যায়নকাৰী হিচাপে বোকাখাটৰ মহকুমাধিপতি ড: নেহা যাদবো উপস্থিত থাকে ।


 মাননীয় মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খনত এজন মেডিচিন স্পেচিয়েলিষ্ট, হ্ৰদ ৰোগ বিশেষজ্ঞ, শল্যচিকিৎসক, এনাছথেচিষ্টৰ অতি প্ৰয়োজন বুলি মন্তব্য কৰে।

বোকাখাট মহকুমাটো যিহেতু অতিকৈ ব্যস্ততাপূৰ্ণ এটি অঞ্চল যত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ সমাগম দেখা পোৱা যায় আৰু লগতে বহু কাৰ্যসূচী ৰূপায়ন হৈ থাকে তেনে এটা অঞ্চলত উচ্চ মানদণ্ডৰ স্বাস্থ্য সেৱাৰ বহু প্ৰয়োজন আছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।

মন্ত্ৰী গৰাকীয়ে ড: নেহা যাদৱৰ লগত পুৰুষ ৱাৰ্ড, মহিলা ৱাৰ্ড, আই চি ইউ, প্ৰাক প্ৰসব কক্ষ, প্ৰসবোত্তৰ কক্ষ আদি পৰিদৰ্শন কৰে আৰু বোকাখাটৰ পৰা ৰেফাৰৰ সংখ্যা কমিছে বুলি উল্লেখ কৰে।

মাননীয় মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খনত পানী যোগানৰ ব্যবস্থাৰ বুজ লয় আৰু প্ৰসাৱগাৰ - সৌচাগৰ সমূহ পৰিষ্কাৰ - পৰিচ্চন ৰখাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে। 

মহকুমাধিপতি গৰাকীয়ে উল্লেখ কৰে যে চিকিৎসালয় খনৰ আন্তঃ গাঠনি আৰু পৰিস্কাৰ পৰিবেশ প্ৰশংসাৰ পাত্ৰ যদিও জলনিকাশৰ সামান্য সমস্যা সমূহৰ শীঘ্ৰে সমাধান কৰাৰ বাবে পদক্ষেপ লোৱা হব বুলি উল্লেখ কৰে।

ড: যাদৱে ৰোগী আৰু আত্মীয় সকলৰ লগত বাৰ্তালাপৰ দ্বাৰা চিকিৎসালয় খনৰ স্বাস্থ্য সেৱাৰ প্ৰতি তেখেতসকলে সন্তোষ প্ৰকত কৰা বুলি জনায়। লগতে তেওঁ কয় যে উৰ্দ্ধতৰ কৃতিপক্ষক চিকিৎসা বিষয়াৰ প্ৰয়োজনতাৰ বিষয়ে অৱগত কৰা হব। 

জৰুৰীকালিন চিকিৎসা ব্যৱস্থাক আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ লোৱাৰ দৰকাৰ আছে বুলি মহকুমাধিপতিয়ে মন্তব্য কৰে।

বাহ্যিক মূল্যায়নৰ প্ৰক্ৰিয়াত চিকিৎসালয়ৰ অধীক্ষক ড: বদিলাল দেউৰী, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ড: অজয় কাকতি,  এণ এইহ এমৰ ব্লক প্ৰগ্ৰাম মেনেজাৰ মনদ্বীপ ৰঞ্জন খাওন্ডকে আদি কৰি এন এইহ এম ৰ খণ্ড স্বাস্থ্য গোটৰ সমূহ বিষয়া, স্বাস্থ্যকৰ্মী তথা অন্য কৰ্মচাৰী উপস্থিত থাকে।

NORTHEAST NEWS INDIA

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত খুমটাই বিধান সভা সমষ্টিৰ মাননীয় বিধায়াক শ্ৰী মৃণাল শইকীয়া দেৱ*

প্ৰেছ বিজ্ঞতি: ৮/০৪/২০২৩

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত খুমটাই বিধান সভা সমষ্টিৰ মাননীয় বিধায়াক শ্ৰী মৃণাল শইকীয়া দেৱ*


৮ এপ্ৰিল, ২০২৩ তাৰিখে স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনটোত খুমটাই বিধান সভা সমষ্টিৰ মাননীয় বিধায়াক শ্ৰী মৃণাল শইকীয়া দেৱে চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বাহ্যিক মূল্যায়নকাৰী হিচাপে পৰিদৰ্শন কৰে।

 মাননীয় বিধায়ক গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰত উপস্থিত ৰোগী সকলৰ লগত বাৰ্তালাপ কৰি স্বাস্থ্য কেন্দ্ৰটোৰ স্বাস্থ্য সেৱা প্ৰদানৰ প্ৰতি প্ৰতিক্ৰিয়াৰ মূল্যায়ন কৰাৰ লগতে ড্ৰেছিং ৰূম, ঔষধালয়,ঔষধ বিতৰণ ব্যবস্থা, প্ৰসব কক্ষ, পৰীক্ষাগাৰ, বিভিন্ন ধৰণৰ পৰীক্ষাৰ উপলব্ধতা, প্ৰতিষেধক প্ৰদান কক্ষ, প্ৰতিষেধক প্ৰদানৰ মান আদিৰ বুজ লয়।

মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাক্তৰ দিলীপ ৰাজবংশী,  এণ এইহ এমৰ খণ্ড স্বাস্থ্য গোটৰ সমূহ বিষয়া আৰু স্বাস্থ্যকৰ্মী সকলৰ লগত আলোচনাত মিলিত হৈ তেখেতে স্বাস্থ্য কেন্দ্ৰত প্ৰয়োজনিয় চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, জি এন এম সকলৰ বাবে এটি কোঠা আৰু আন্তঃ গাঠনিৰ উন্নতিকৰণৰ দিশ সমূহক অধিক প্ৰাধান্য দিয়াৰ বাবে তেখেতৰ মূল্যায়নত চিনহৃত কৰি গুণগত স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ পৰামৰ্শ প্ৰদান কৰে।  

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...