Saturday, 25 February 2023

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে

 ২৫ ফেব্রুৱাৰী,২০২৩ঃ সমগ্ৰ দেশৰ লগতে অসমৰো সমূহ জিলাৰ প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি (পি এম কিষান) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলৰ ভিতৰৰ বুজন সংখ্যক কৃষকলৈ ১৩ নং কিস্তিৰ অনুদান “Live Webcast ”  অনুষ্ঠানৰ জৰিয়তে অহা ২৭ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে বিয়লি ৩ বজাত প্ৰদান কৰা হ’ব৷ 

মন কৰিব : ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰ্ণাটকৰ বেলগাভীৰ পৰা আনুষ্ঠানিকভাৱে হিতাধিকাৰী কৃষকৰ মাজত অনুদান বিতৰণ কৰিবলগীয়া এই কাৰ্যসূচী উপলক্ষে অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’ব লগীয়া “Live Webcast” অনুষ্ঠানত হিতাধিকাৰী কৃষক ৰাইজে অংশগ্ৰহণ কৰিবলৈ তলত উল্লেখ কৰা লিংকৰ জৰিয়তে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত পঞ্জীয়ন কৰিব পাৰিব -

https://pmevents.ncog.gov.in/registration/index/107

পঞ্জীয়ন প্ৰক্ৰিয়াত কোনো অসুবিধাৰ সন্মুখীন হ'লে সংশ্লিষ্ট জিলাৰ কৃষি উন্নয়ন বিষয়া/কৃষি সম্প্ৰসাৰণ সহায়ক/মিডিয়া বিশেষজ্ঞ/এপাৰ্ট-আত্মাৰ অধীনৰ এ টি এম আৰু বি টি এম সকলৰ সৈতে যোগাযোগ কৰক৷

NORTHEAST NEWS INDIA

Friday, 24 February 2023

*গোলাঘাটত কৃষক মেলা ২০২৩ ৰ সফল সামৰণি*

*গোলাঘাটত কৃষক মেলা ২০২৩ ৰ সফল সামৰণি*

শ্ৰেষ্ঠ বিপনীৰ বঁটা লাভ কৰে জিলা ৰেচম বিভাগে


২৪ ফেব্ৰুৱাৰী,২০২৩ গোলাঘাট:

কালিৰে পৰা গোলাঘাট জিলা পুথিভঁৰালৰ সন্মুখত  জিলা কৃষি বিভাগৰ উদ্যোগত আৰু  কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA) ৰ সহযোগত আয়োজন কৰা কৃষক মেলা ২০২৩ৰ  সফল সামৰণি পৰে। দুদিনিয়াকৈ অনুষ্ঠিত হোৱা কৃষক মেলা খনত যথেষ্ট ৰাইজৰ ভিৰ পৰিলক্ষিত হোৱা দেখা পোৱা যায়। আজিৰ দ্বিতীয় দিনাৰ পুৱা  গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত সংগীতা বৰঠাকুৰে  আজিৰ কৃষি ক্ৰেটা বিক্ৰেতা সমাৰোহ খন শুভ উদ্ধোধন কৰে। তেওঁ নিজৰ বক্তব্যত বেণ্ডৰ মানদণ্ড, জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব,কৃষিৰ জৰিয়তে সংস্থাপন, দ্বৈত কৃষি, অসমৰ চন পৰি থকা মাটি সমূহত খেতি সম্পৰ্কত ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে। তদুপৰি কৃষক ৰাইজক উদ্দেশ্য কৰি কয় যে কৃষি জাগৰণ সৃষ্টি কৰাটো অতি গুৰুত্ব পূৰ্ণ। গোলাঘাট জিলাৰ পৰাই কৃষি জাগৰণ আৰম্ভ কৰাৰ পোষকতা কৰে ।তদুপৰি কৃষক সকলে যাতে ফছলৰ উচিত মূল্য, বজাৰ সংযোগৰ ওপৰত গুৰুত্ব পূৰ্ণ বক্তব্য প্ৰদান কৰে।

গোলাঘাট জিলাৰ প্ৰগতিশীল খেতিয়ক তংক বৰাই কৃষক বিদ্ৰোহ, শীতলীকৰণ ভৱনৰ প্ৰয়োজনীয়তা আদি বিষয় সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই আত ধৰা ক্ৰেটা বিক্ৰেতা সমাৰোহ খনত প্ৰায় অৰ্ধ শতাধিক কৃষকে অংশগ্ৰহন কৰে। 

ইয়াৰ পাছত অনুষ্ঠিত হোৱা মুকলি সভাত জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই সভাপতিত্ব কৰে। উক্ত সভাত কৃষি মেলা খনত অংশগ্ৰহন কৰা বিপনী সমূহক বঁটা প্ৰদান কৰে। তদুপৰি কৃষক মেলা খনৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা সমূহৰ বঁটা প্ৰদান কৰে। শ্ৰেষ্ঠ বিপনী লাভ কৰে ৰেচম বিভাগ বিভাগে। দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ বিপনী বঁটা লাভ কৰে ক্ৰমে আত্মাৰ কাকডোঙা উন্নয়ন খণ্ড আৰু আত্মাৰপদুমনি উন্নয়ন খণ্ড দলে। সংসধিত কৃষি উৎপাদন শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মুনমী শইকীয়া গগৈয়ে।দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে মনুৱাৰা বেগম আৰু সঞ্জীৱ গগৈয়ে। কেঁচা কৃষি উৎপাদন শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে  দিচৈ ভেলী কৃষক উৎপাদন কোম্পানীয়ে। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ৰাতুল হাজৰিকা আৰু কোখেশ্বৰ শইকীয়াই। গোলাঘাট জিলাৰ আত্মাৰ ডেপুটী প্ৰকল্প সঞ্চালক তপন মহন্তই আঁত ধৰা মুকলি সভা খনত সলাগৰ শৰাই আগবঢ়াই মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই।  

ঊল্লেখযোগ্য যে কৃষক মেলা খনত কৃষকসকলৰ সুবিধাৰ বাবে ২০ খনতকৈও অধিক প্ৰদৰ্শনী দোকানৰ ব্যৱস্থা কৰা হৈছিল আৰু জিলা খনৰ বিভিন্ন অঞ্চলৰ প্ৰায় ১৫০০ কৃষক আৰু গোলাঘাট নগৰবাসীয়েও দুদিনৰ ভিতৰত অংশগ্ৰহন কৰে। ঊল্লেখ যে সামগ্ৰিকভাৱে অংশগ্ৰহণকাৰী কৃষকসকলে এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু অনুভৱ কৰে যে এনে  কৃষক মেলাবোৰে কৃষকসকলক বহনক্ষম ভাৱে কৃষকৰ উপাৰ্জন বৃদ্ধিৰ সহায় প্ৰদান কৰে।

NORTHEAST NEWS INDIA

Thursday, 23 February 2023

*ই-ৰিক্সা চালকসকলক অহা ১০ মাৰ্চৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ যানবাহন কৰ আৰু যাৱতীয় নথি পত্ৰসমূহৰ নবীকৰণ কৰাবলৈ আহ্বান*

*ই-ৰিক্সা চালকসকলক অহা ১০ মাৰ্চৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ যানবাহন কৰ আৰু যাৱতীয় নথি পত্ৰসমূহৰ নবীকৰণ কৰাবলৈ আহ্বান*

 ২৩ ফ্ৰেব্ৰুৱাৰী,২০২৩ গোলাঘাটঃ
গোলাঘাট জিলাবাসী ই-ৰিক্সা চালকসকলক অহা ১০ মাৰ্চৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ যানবাহন কৰ আৰু যাৱতীয় নথি পত্ৰসমূহৰ নবীকৰণ কৰাবলৈ আহ্বান জনোৱা হৈছে ।  জিলা পৰিবহণ বিষয়াই যানবাহন কৰ আদায় নিদিয়া আৰু যাৱতীয় নথি পত্ৰৰ ম্যাদ উকলি যোৱা ই-ৰিক্সা চালকে নিৰ্ধাৰিত সময় অতিক্ৰম কৰিলে জৰিমনা ভৰিব লগা হ'ব পাৰে বুলি স্পষ্ট কৰি দিছে । সেয়ে ই-ৰিক্সা চালকসকললৈ অনুৰোধ - যানবাহন কৰ আদায় দিয়াৰ লগতে নথি পত্ৰসমূহ নবীকৰণ কৰি পৰিবহণ বিভাগক সহযোগ কৰক । 
NORTHEAST NEWS INDIA

*কলিয়াপানী গাঁও পঞ্চায়তত তৈল খেজুৰ খেতি সম্পৰ্কত প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত*

*কলিয়াপানী গাঁও পঞ্চায়তত তৈল খেজুৰ খেতি সম্পৰ্কত প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত*

২৩ ফেব্ৰুৱাৰী,২০২৩ গোলাঘাট:

গোলাঘাট জিলাৰ কলিয়াপানী গাঁও পঞ্চায়তত আজি তৈল খেজুৰ খেতি সম্পৰ্কত এখন কৃষক প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত হয়। আজিৰ এই প্ৰশিক্ষন কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে কৃষক সকলক তৈল পাম কৃষিৰ সুবিধা,আয়ৰ নতুন আহিলা,কেন্দ্ৰীয় ও ৰাজ্য চৰকাৰৰ এই খেতি সন্দৰ্ভত সুবিধা আদি বিষয়ত প্ৰশিক্ষক প্ৰাপ্তি গগৈয়ে কৃষক ৰাইজৰ উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। 

গোলাঘাট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ভাস্কৰ ফুকনে ভাৰত বৰ্ষত তৈল খেজুৰৰ গুৰুত্ব, খেতি কৰা সন্দৰ্ভত চৰকাৰে  কৃষকক প্ৰদান কৰা বিশেষ সুবিধা সাহায্য সমূহ, তৈল খেজুৰৰ উৎপাদন তথা উদ্যোগত প্ৰতক্ষ পৰোক্ষ নিয়োগ, কাৰিকৰী পৰামৰ্শ , তৈল খেজুৰ খেতিৰ সৈতে অন্য ফচল খেতি সন্দৰ্ভত কৃষক সকলৰ সৈতে মত বিনিম়য় কৰে। গোলাঘাট জিলা কৃষি বিভাগৰ হৈ কাৰ্য্যসূচী বিষয়া ড: অমৰজীত শইকীয়া আৰু সংবাদ বিশেষজ্ঞ
ভাৰ্গৱ শইকীয়াও আজিৰ এই কৰ্মশালা খনত অংশগ্ৰহন কৰে। 

উল্লেখযোগ্য যে আজিৰ এই প্ৰশিক্ষন কাৰ্যসূচীত কলিয়াপানী গাঁও পঞ্চায়তৰ সভাপতি ধৰ্মেশ্বৰ দাস, ভাৰতীয় জনতা পাৰ্টীৰ আঠগাওঁ মণ্ডলৰ সাধাৰণ সম্পাদক হেমেন গগৈ উপস্থিত থাকে। আজিৰ এই তৈল খেজুৰ খেতিৰ প্ৰশিক্ষন কাৰ্যসূচীত প্ৰায়  শতাধিক প্ৰগতিশীল কৃষক উপস্থিত থাকে।
NORTHEAST NEWS INDIA

*গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা 'কৃষক মেলা'*

প্ৰেছ বাৰ্তা:

*গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা 'কৃষক মেলা'*

* প্ৰদৰ্শনীস্থলীত বাঢ়িছে ৰাইজৰ ভিৰ*


২৩ ফেব্ৰুৱাৰী, গোলাঘাট:

আজিৰে পৰা গোলাঘাট জিলাত দুদিনীয়াকৈ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু  কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA) ৰ সহযোগত আয়োজন কৰা হৈছে কৃষক মেলা-২০২৩৷ গোলাঘাট জিলা পুথিভঁৰালৰ সমীপত অনুষ্ঠিত হোৱা এই কৃষি মেলাখনৰ মুখ্যদ্বাৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে শ্বহীদ জিণ্টো গগৈৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়া ঠগিৰাম গগৈয়ে। গোলাঘাট জিলাৰ উপায়ুক্ত ড: উদয় প্ৰবীণ কৃষক মেলাত উপস্থিত প্ৰদৰ্শনী সমূহ পৰিদৰ্শন কৰে লগতে কৃষক সকলৰ সৈতে মত বিনিময় কৰে। আজিৰ এই কৃষি মেলাত বন্তি প্ৰজ্বলন কৰে জিলা নিৰ্বাচনী বিষয় সুলক্ষনা বৰপাত্ৰ গোহাঁই য়ে। 

উল্লেখ যে  পুৱা কৃষক সকলৰ পঞ্জীয়নৰ অন্তত অতিথি সকলক সম্বৰ্ধনা জনাই জিলা কৃষি বিভাগে। ইয়াৰ পাছত গোলাঘাট জিলাত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ দ্বাৰা ৰূপায়ন কৰা কাৰ্য সন্দৰ্ভত আলোকপাত কৰে তপন মহন্তই। কৃষক মেলা খনৰ লগত সংগতি ৰাখি উদ্যান শস্য  বিভাগৰ এখন ক্ৰেতা বিক্ৰেতা সমাৰোহ অনুষ্ঠিত হয়।উক্ত সমাৰোহ খন অধ্যক্ষতা কৰে জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই। কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ড: ভৱেশ ডেকাই উদ্ধোধন কৰা  সমাৰোহ খনত প্ৰায়  শতাধিক কৃষকে অংশগ্ৰহন কৰে। ইয়াৰ পাছত কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বুঢ়ালিকচন কুঁহিয়াৰ গবেষণা কেন্দ্ৰৰ বিজ্ঞানী সকলে খেতিয়ক সকলৰ সৈতে মত বিনিময় কৰে।

আজিৰ এই কৃষকমেলাখনত জিলাখনৰ বহু কেইজন প্ৰগতিশীল কৃষকৰ নিজৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলাৰ আত্মাৰ অন্তৰ্গত বিভিন্ন উন্নয়ন খণ্ডৰ হৈও কৃষি ফচল আৰু উৎপাদন সামগ্ৰীৰ প্ৰদৰ্শনী বিপনী স্থাপন কৰা হৈছে। সেইদৰে গোলাঘাট জিলাৰ পশু চিকিৎসা বিভাগ, ৰেচম বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, খুমটাই, বুঢ়ালিকচন কুঁহিয়াৰ গবেষনা কেন্দ্ৰ আদিয়েও প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। আনকি কেইবাটাও মহিলা আত্মসহায়ক গোট, নাৰ্চাৰী তথা কৃষি প্ৰযুক্তিৰো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।এই মেলাত গোলাঘাট জিলাৰ বহুকেইখন  এফ পি চি সমূহে জৈৱিক ভাবে উৎপাদিত কৃষি সামগ্ৰীৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ঊল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা কৃষক মেলাত উপস্থিত থকা কৃষক সকলক  ভ্ৰম্যমান পৰীক্ষা ভেনৰ দ্বাৰা  স্বাস্থ্য পৰীক্ষা কৰা হয়। আজিৰ কৃষক মেলাত প্ৰায় পাঁচ শতাধিক ৰাইজৰ জন সমাগম হয়।

উল্লেখযোগ্য যে কাইলৈ পুৱা কৃষি বিভাগৰ এখন ক্ৰেটা বিক্ৰেতা সমাৰোহ অনুষ্ঠিত হব। ইয়াৰ পাছত বিয়লি ২ বজাৰ পৰা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হব। কৃষক মেলাৰ উদযাপন সমিতিৰ সম্পাদক তথা আত্মা, গোলাঘাটৰ মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱা আৰু উদযাপন সমিতিৰ সভাপতি তথা জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই ৰাইজৰ উপস্থিতি কামনা কৰিছে।
NORTHEAST NEWS INDIA

*নগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ বাবে অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাসমূহত ড্ৰাই ডে' ঘোষণা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৯১/২০২৩

*নগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ বাবে অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাসমূহত  ড্ৰাই ডে' ঘোষণা*

গোলাঘাট, ২৩ ফেব্ৰুৱাৰী : নাগালেণ্ডৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী তথা সংলগ্ন এলেকাসমূহত ২৫ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজাৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজালৈকে অৰ্থাৎ ভোটগ্ৰহণৰ অন্ত নপৰালৈকে আৰু লগতে ২ মাৰ্চ ভোটগণনাৰ দিনা ভোটগণনা প্ৰক্ৰিয়া শেষ নোহোৱালৈকে সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰা হৈছে । জিলা উপায়ুক্তই জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনাত কোৱা হৈছে যে উল্লিখিত দিনকেইটাত জিলাখনৰ সৰুপথাৰ আৰু ফৰকাটিং আবকাৰী চক্ৰৰ অধীনৰ অঞ্চলসমূহত সুৰাৰ বিপনীসমূহ বন্ধ থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু বিধি ২০১৬ আৰু জন প্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫ (চি) ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।  

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...