Friday, 24 February 2023

*গোলাঘাটত কৃষক মেলা ২০২৩ ৰ সফল সামৰণি*

*গোলাঘাটত কৃষক মেলা ২০২৩ ৰ সফল সামৰণি*

শ্ৰেষ্ঠ বিপনীৰ বঁটা লাভ কৰে জিলা ৰেচম বিভাগে


২৪ ফেব্ৰুৱাৰী,২০২৩ গোলাঘাট:

কালিৰে পৰা গোলাঘাট জিলা পুথিভঁৰালৰ সন্মুখত  জিলা কৃষি বিভাগৰ উদ্যোগত আৰু  কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA) ৰ সহযোগত আয়োজন কৰা কৃষক মেলা ২০২৩ৰ  সফল সামৰণি পৰে। দুদিনিয়াকৈ অনুষ্ঠিত হোৱা কৃষক মেলা খনত যথেষ্ট ৰাইজৰ ভিৰ পৰিলক্ষিত হোৱা দেখা পোৱা যায়। আজিৰ দ্বিতীয় দিনাৰ পুৱা  গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত সংগীতা বৰঠাকুৰে  আজিৰ কৃষি ক্ৰেটা বিক্ৰেতা সমাৰোহ খন শুভ উদ্ধোধন কৰে। তেওঁ নিজৰ বক্তব্যত বেণ্ডৰ মানদণ্ড, জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব,কৃষিৰ জৰিয়তে সংস্থাপন, দ্বৈত কৃষি, অসমৰ চন পৰি থকা মাটি সমূহত খেতি সম্পৰ্কত ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে। তদুপৰি কৃষক ৰাইজক উদ্দেশ্য কৰি কয় যে কৃষি জাগৰণ সৃষ্টি কৰাটো অতি গুৰুত্ব পূৰ্ণ। গোলাঘাট জিলাৰ পৰাই কৃষি জাগৰণ আৰম্ভ কৰাৰ পোষকতা কৰে ।তদুপৰি কৃষক সকলে যাতে ফছলৰ উচিত মূল্য, বজাৰ সংযোগৰ ওপৰত গুৰুত্ব পূৰ্ণ বক্তব্য প্ৰদান কৰে।

গোলাঘাট জিলাৰ প্ৰগতিশীল খেতিয়ক তংক বৰাই কৃষক বিদ্ৰোহ, শীতলীকৰণ ভৱনৰ প্ৰয়োজনীয়তা আদি বিষয় সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই আত ধৰা ক্ৰেটা বিক্ৰেতা সমাৰোহ খনত প্ৰায় অৰ্ধ শতাধিক কৃষকে অংশগ্ৰহন কৰে। 

ইয়াৰ পাছত অনুষ্ঠিত হোৱা মুকলি সভাত জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই সভাপতিত্ব কৰে। উক্ত সভাত কৃষি মেলা খনত অংশগ্ৰহন কৰা বিপনী সমূহক বঁটা প্ৰদান কৰে। তদুপৰি কৃষক মেলা খনৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা সমূহৰ বঁটা প্ৰদান কৰে। শ্ৰেষ্ঠ বিপনী লাভ কৰে ৰেচম বিভাগ বিভাগে। দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ বিপনী বঁটা লাভ কৰে ক্ৰমে আত্মাৰ কাকডোঙা উন্নয়ন খণ্ড আৰু আত্মাৰপদুমনি উন্নয়ন খণ্ড দলে। সংসধিত কৃষি উৎপাদন শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মুনমী শইকীয়া গগৈয়ে।দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে মনুৱাৰা বেগম আৰু সঞ্জীৱ গগৈয়ে। কেঁচা কৃষি উৎপাদন শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে  দিচৈ ভেলী কৃষক উৎপাদন কোম্পানীয়ে। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ৰাতুল হাজৰিকা আৰু কোখেশ্বৰ শইকীয়াই। গোলাঘাট জিলাৰ আত্মাৰ ডেপুটী প্ৰকল্প সঞ্চালক তপন মহন্তই আঁত ধৰা মুকলি সভা খনত সলাগৰ শৰাই আগবঢ়াই মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই।  

ঊল্লেখযোগ্য যে কৃষক মেলা খনত কৃষকসকলৰ সুবিধাৰ বাবে ২০ খনতকৈও অধিক প্ৰদৰ্শনী দোকানৰ ব্যৱস্থা কৰা হৈছিল আৰু জিলা খনৰ বিভিন্ন অঞ্চলৰ প্ৰায় ১৫০০ কৃষক আৰু গোলাঘাট নগৰবাসীয়েও দুদিনৰ ভিতৰত অংশগ্ৰহন কৰে। ঊল্লেখ যে সামগ্ৰিকভাৱে অংশগ্ৰহণকাৰী কৃষকসকলে এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু অনুভৱ কৰে যে এনে  কৃষক মেলাবোৰে কৃষকসকলক বহনক্ষম ভাৱে কৃষকৰ উপাৰ্জন বৃদ্ধিৰ সহায় প্ৰদান কৰে।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...