*ই-ৰিক্সা চালকসকলক অহা ১০ মাৰ্চৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ যানবাহন কৰ আৰু যাৱতীয় নথি পত্ৰসমূহৰ নবীকৰণ কৰাবলৈ আহ্বান*
২৩ ফ্ৰেব্ৰুৱাৰী,২০২৩ গোলাঘাটঃ
গোলাঘাট জিলাবাসী ই-ৰিক্সা চালকসকলক অহা ১০ মাৰ্চৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ যানবাহন কৰ আৰু যাৱতীয় নথি পত্ৰসমূহৰ নবীকৰণ কৰাবলৈ আহ্বান জনোৱা হৈছে । জিলা পৰিবহণ বিষয়াই যানবাহন কৰ আদায় নিদিয়া আৰু যাৱতীয় নথি পত্ৰৰ ম্যাদ উকলি যোৱা ই-ৰিক্সা চালকে নিৰ্ধাৰিত সময় অতিক্ৰম কৰিলে জৰিমনা ভৰিব লগা হ'ব পাৰে বুলি স্পষ্ট কৰি দিছে । সেয়ে ই-ৰিক্সা চালকসকললৈ অনুৰোধ - যানবাহন কৰ আদায় দিয়াৰ লগতে নথি পত্ৰসমূহ নবীকৰণ কৰি পৰিবহণ বিভাগক সহযোগ কৰক ।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India