Wednesday, 15 February 2023

*বিশেষ টীকাকৰণ অভিযানঃ গোলাঘাটত শূন্যৰ পৰা ৫ বছৰলৈ ৩৭৮ টা শিশু আৰু ১০৪ গৰাকী গৰ্ভৱতী মহিলাৰ টীকাকৰণৰ লক্ষ্য**ৰেচন কাৰ্ড থকা ৫ লাখৰো অধিক লোকক আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৬/২০২৩

*বিশেষ টীকাকৰণ অভিযানঃ গোলাঘাটত শূন্যৰ পৰা ৫ বছৰলৈ ৩৭৮ টা শিশু আৰু ১০৪ গৰাকী গৰ্ভৱতী মহিলাৰ টীকাকৰণৰ লক্ষ্য*

*ৰেচন কাৰ্ড থকা ৫ লাখৰো অধিক লোকক আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ*
গোলাঘাট, ১৫ ফেব্ৰুৱাৰী : কাইলৈৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'বলগীয়া বিশেষ টীকাকৰণ অভিযান ২.০ ৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী সন্দৰ্ভত আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখনি পৰ্যালোচনা আৰু প্ৰস্তুতি সভা অনুষ্ঠিত হয় । এই বিশেষ টীকাকৰণ অভিযানত ইতিমধ্যে বাদ পৰি যোৱা, জন্মৰ পৰা ৫ বছৰ বয়সৰ শিশু আৰু গৰ্ভৱতী মাতৃসকলক টীকাকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সভাত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) কুলদীপ হাজৰিকাই এই অভিযান সফল কৰি তুলিবৰ বাবে উপস্থিত বিষয়াসকলৰ লগতে চিকিৎসক স্বাস্থ্যকৰ্মীসকলক অধিক তৎপৰতা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ এটিও শিশু আৰু এগৰাকীও গৰ্ভৱতী মহিলা যাতে বাদ নপৰে তাৰ বাবে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাকৈ কাম কৰিবলৈ তেওঁ স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে । বৈঠকত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই জিলাখনত ১০০ শতাংশ টীকাকৰণ যাতে সম্পূৰ্ণ হয় সেই লক্ষ্যৰে কাম কৰিবলৈ সকলোকে আহ্বান জনায় । উল্লেখযোগ্য যে গোলাঘাট জিলাত বিশেষ টিকাকৰণ অভিযান ২.০ ৰ প্ৰথম পৰ্যায়ত ৫২৯ আৰু দ্বিতীয় পৰ্যায়ত ৩৯৫ টা টীকাকৰণ কৰোৱা হৈছিল । এই পৰ্যায়ত শূন্যৰ পৰা ৫ বছৰলৈ ৩৭৮ টা শিশু আৰু ১০৪ গৰাকী গৰ্ভৱতী মহিলাৰ টীকাকৰণৰ লক্ষ্য লোৱা হৈছে । বোকাখাত, সৰুপথাৰ, চাৰিঙীয়া আৰু গোলাঘাট (নগৰ) খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত এইসমূহ টীকাকৰণ কৰোৱা হ'ব । 

ইফালে আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে যোগ্য হিতাধিকাৰীসকলৰ বাবে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুতকৰণৰ কাম ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে জিলাখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত মুঠ ৬,৪৬,৩৫৬ গৰাকী হিতাধিকাৰী আছে । এতিয়ালৈকে ইয়াৰে প্ৰায় ১ লাখ ৩০ হাজাৰ হিতাধিকাৰীয়েহে আয়ুষ্মান ভাৰত কাৰ্ড লাভ কৰিছে । বাকী থকা ৫ লাখৰো অধিক লোকে যাতে অহা ২৫ মাৰ্চৰ ভিতৰত এই কাৰ্ড লাভ কৰে তাৰ বাবে তেওঁ স্বাস্থ্য বিভাগক তৎপৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে গোলাঘাট জিলাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত এই কাৰ্ড প্ৰস্তুতকৰণৰ কাম অব্যাহত আছে । তেওঁ ৰেচন কাৰ্ড থকা লোকসকলক ওচৰৰ স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় । লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত বেংক সখী, বীমা সখী আদিয়ে ঘৰে ঘৰে গৈ এই কাৰ্ড প্ৰস্তুতকৰণৰ কাম কৰি আছে । উল্লেখযোগ্য যে এই স্বাস্থ্য বীমাৰ অধীনত এগৰাকী হিতাধিকাৰীৰ বাবদ চৰকাৰে বছৰি ৫ লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় বহন কৰিব । 

আজিৰ বৈঠকত জিলা টীকাকৰণ বিষয়া ডাঃ বিপুল কুমাৰ দাসে পাৱাৰপইন্ট প্ৰেজেণ্টেছনৰ সহায়ত এই অভিযানৰ অধীনত জিলাখনত টীকাকৰণৰ সবিশেষ তথ্য দাঙি ধৰে । সভাত সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জেচমিন বেগম, স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু মহকুমা স্বাস্থ্য বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

গোলাঘাট জিলাৰ কৃষিভূমি পৰিদৰ্শন অসম কৃষি আয়োগৰ

গোলাঘাট জিলাৰ কৃষিভূমি পৰিদৰ্শন অসম কৃষি আয়োগৰ
গোলাঘাট,১৫ ফেব্ৰুৱাৰী ২০২৩ : 

ৰাজ্য চৰকাৰে বাণিজ্যিক কৃষি উৎপাদনৰ বিকল্প অন্বেষণ কৰিবলৈ গঠন কৰা অসম কৃষি আয়োগে আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ কৃষি ভূমি পৰিভ্ৰমন কৰে। দলটোৱে প্ৰথমে জিলা খনৰ ফৰকাটিং কৃষি চক্ৰৰ অন্তৰ্গত দ চমুৱা গাঁওৰ বহু কেইজন খেতিয়কৰ সৰিয়হ,কবি,বিলাহী, আলু আদিৰ বহু কেইখন কৃষিভূমি পৰিদৰ্শন কৰি খেতিয়কৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত দলটোৱে ফৰকাটিং কৃষি চক্ৰৰ অন্তৰ্গত গোলাঘাট বিলাহী খেতিয়ক উৎপাদন কোম্পানীয়ে কৰা বিভিন্ন খেতি পথাৰ পৰিদৰ্শন কৰে লগতে খেতিয়ক সকলৰ সৈতে এখন সভাত অংশগ্ৰহন কৰে।উক্ত সভাত খেতিয়কৰ ফচল আৰু বজাৰ সন্দৰ্ভত খেতিয়ক সকলৰ সৈতে আলোচনা কৰে। অসম চৰকাৰৰ এই উচ্চস্তৰীয় আয়োগৰ সদস্য সকলে ইয়াৰ পাছত মৰঙি মৌজাৰ জাঠি পতিয়া গাঁওৰ কৃষি সজুলি ভাৰা দিয়া কেন্দ্ৰত(CHC) খেতিয়ক সকলৰ সৈতে এখন সভাত অংশগ্ৰহন কৰে লগতে খেতিয়ক সকলৰ বিভিন্ন সমস্যাৰ ওপৰতো বিষদ বাবে আলোচনা কৰে। উক্ত সভাত জিলাখনৰ কৃষি ভূমিত  চৰকাৰী সুবিধাৰ জৰিয়তে দ্বৈত খেতি, কৃষি যান্ত্ৰীকৰণ, খেতিয়কৰ উৎপাদন বৃদ্ধি,কৃষকৰ আয় বৃদ্ধি আদি বিষয়ত মত বিনিময় কৰে।তদুপৰি আজিৰ দিনটোত নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা শিতানৰ অধীনত মিথামচাপৰি জাথিপটিয়া ওখ মাটি উন্নয়ন প্ৰকল্পৰ আনুষ্ঠানিক ভাৱে ফিটা কাটি শুভাৰম্ভ কৰে।উক্ত সভাখনত নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধ শিতানৰ মহাপ্ৰবন্ধক মিণ্টো সন্দিকৈ, কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ড:ভৱেশ চন্দ্ৰ ডেকা, ড: ভৈৰৱ গগৈ আৰু প্ৰায় দুই শতাধিক কৃষক ৰাইজ উপস্থিত থাকে।  আজি গোলাঘাট জিলা পৰিদৰ্শন কৰা অসম কৃষি আয়োগৰ সদস্য সকল হল ক্ৰমে ড: নলিন মহন, ড: ভূৱন চন্দ্ৰ বৰা ,ড: অতুল চন্দ্ৰ শৰ্মা আৰু সংবাদ বিশেষজ্ঞ মৃদুস্মিতা চৌধুৰী। উল্লেখযোগ্য যে , অসম কৃষি আয়োগৰ এই উচ্চস্তৰীয় দলটোক সংগ দিয়ে গোলাঘাট জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাৰ লগতে বহুকেইজন কৃষি বিভাগৰ বিষয়াই।
NORTHEAST NEWS INDIA

Saturday, 11 February 2023

সকলোকে স্বাস্থ্য দিৱসৰ শুভেচ্ছাবার্তা গুৰুত্বপূর্ণ বিষয়:🚩

সকলোকে স্বাস্থ্য দিৱসৰ শুভেচ্ছাবার্তা
 গুৰুত্বপূর্ণ বিষয়:🚩

 1. ৰক্তচাপ : 120/80
 2. পালচ : 70 - 100
 3. তাপমাত্রা : 36.8 - 37
 4. শ্বাস: 12-16
 5. হিমোগ্লোবিন : পুৰুষ -13.50-18
 মহিলা - 11.50 - 16
 6. কোলেস্টৰেল : 130 - 200
 7. পটাচিয়াম : 3.50 - 5
 8. চ'ডিয়াম : 135 - 145
 9. ট্রাইগ্লিচাৰাইড : 220
 10. শৰীৰত তেজৰ পৰিমাণ : PCV 30-40%
 11. চেনীৰ মাত্রা : শিশুৰ বাবে  (70-130), প্রাপ্তবয়স্কৰ বাবে : 70 - 115
 12. আইৰন : 8-15 মিলিগ্রাম
 13. শ্বেত ৰক্ত ​​কণিকা WBC : 4000 - 11000
 14. প্লেটলেট : 1,50,000 - 4,00,000
 15. ৰঙা ৰক্ত ​​কণিকা RBC : 4.50 - 6 মিলিয়ন।
 16. কেলচিয়াম : 8.6 -10.3 mg/dL
 17. ভিটামিন D3 : 20 - 50 ng/ml.
 18. ভিটামিন বি 12 : 200 - 900 পিজি/মিলি ।

 বয়স্কসকলৰ বাবে বিশেষ পৰামর্শ 40/50/60 বছৰ

 ১- প্রথম পৰামর্শ : তৃষ্ণার্ত বা প্ৰয়োজন নাথাকিলেও সকলো সময়তে পানী খাওক । আটাইতকৈ ডাঙৰ স্বাস্থ্য সমস্যা আৰু তাৰ বেছিভাগেই শৰীৰত পানীৰ অভাৱ ।  প্রতিদিনে কমেও 2 লিটাৰ পানী খাওক ।

 ২- দ্বিতীয় পৰামৰ্শ : যিমান পাৰে শাৰিৰীক পৰিশ্ৰম কৰক । খোজকঢ়া, সাঁতুৰা, খেল-ধেমালি  আদি ।

 ৩-তৃতীয় পৰামৰ্শ : কমকৈ খাওক, লোভ পৰিত্যাগ কৰক ।

 ৪- চতুর্থ পৰামৰ্শ : অতি জৰুৰী নহ'লে গাড়ী ব্যৱহাৰ নকৰিব । যিমান পাৰে খোজ কাঢ়ক, পৰাপক্ষত লিফ্ট ব্যৱহাৰৰ পৰা দূৰৈত থাকক ।

 ৫- পঞ্চম পৰামৰ্শ : খং পৰিত্যাগ কৰক, দুশ্চিন্তা এৰাই চলক । ইতিবাচক ব্যক্তিৰ সৈতে সম্পৰ্ক ৰাখক ।

 6- ষষ্ঠ পৰামৰ্শ : প্রথমত: টকাৰ সৈতে সম্পৰ্ক পৰিত্যাগ কৰক । মানুহৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰক, হাহঁক, মন খুলি কথা পাতক । টকা লাগে জীয়াই থাকিবলৈ ; মনত ৰাখিব জীৱনটো টকাৰ বাবে নহয় ।

 শুভ স্বাস্থ্য দিৱস

NORTHEAST NEWS INDIA

Friday, 10 February 2023

*গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠানৰ বাবে মাচুল ধাৰ্য প্ৰশাসনৰ**২০ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ নোহোৱালৈকে সমন্বয় ক্ষেত্ৰত অনুষ্ঠানৰ বাবে দিয়া নহ'ব অনুমতি*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৫/২০২৩

*গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠানৰ বাবে মাচুল ধাৰ্য প্ৰশাসনৰ*

*২০ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ নোহোৱালৈকে সমন্বয় ক্ষেত্ৰত অনুষ্ঠানৰ বাবে দিয়া নহ'ব অনুমতি*

গোলাঘাট, ১০ ফেব্ৰুৱাৰী : গোলাঘাট জিলা প্ৰশাসনে গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰ (জেনেৰেল ফিল্ড)ৰ পৰিচালনা তথা চোৱা-চিতা কৰাৰ বাবদ ইয়াত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিব বিচৰা আয়োজকসকলৰ বাবে দৈনিক ১০০০ টকাৰ মাচুল আৰু ১০ হাজাৰ টকাৰ আমানত (security deposit) ধাৰ্য কৰিছে । অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাই এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি এই মাচুল আৰু আমানতৰ ধন আদায় দিয়াৰ পিছতহে সমন্বয় ক্ষেত্ৰত অনুষ্ঠানৰ বাবে অনুমতি দিয়া হ'ব । জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া চৰ্তাৱলী পালন কৰিলে উক্ত আমানতৰ ধন আয়োজকসকলক ওভতাই দিয়া হ'ব ।  আয়োজক সমিতিয়ে সাময়িক বিদ্যুৎ মাচুল বহন কৰিব লাগিব আৰু অনুষ্ঠানৰ বাবে অনুমতি লাভ কৰাৰ পিছত এ পি ডি চি এলক এই বিদ্যুতৰ মাচুল জমা দিব লাগিব । অতিৰিক্ত উপায়ুক্তগৰাকীয়ে এই নিৰ্দেশৰ উপৰি কয় যে অহা ২০ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ নোহোৱালৈকে সমন্বয় ক্ষেত্ৰত কোনো অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া নহ'ব । অন্য কোনো পক্ষই পৰীক্ষাৰ সময়ছোৱাত উচ্চ স্বৰত মাইক আদি বজাই ব্যাঘাত জন্মালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 9 February 2023

*গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩

*গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ*

গোলাঘাট, ৯ ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া আৰু অন্যান্য সংস্থাৰ সৈতে জিলাখনৰ ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয় । সভাত উপায়ুক্তগৰাকীয়ে জিলাখনৰ ধান ক্ৰয় কেন্দ্ৰসমূহৰ অৱস্থা আৰু ইয়াৰ মজুতকৰণ ক্ষমতাৰ বুজ লয় আৰু ক্ৰয় প্ৰক্ৰিয়া বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । সভাত ভাৰতীয় খাদ্য নিগমৰ অধীনত অতিৰিক্ত গুদাম স্থাপন, দুমাহৰ বাবে চাউল আগতীয়াকৈ সংগ্ৰহ কৰা, ভাৰতীয় খাদ্য নিগমে সন্মুখীন হোৱা শ্ৰমিকৰ সমস্যা, ধানৰ নমুনাৰ সঠিক পৰীক্ষণ, পৰীক্ষাৰ পিছত প্ৰত্যাখ্যানৰ ভিত্তি সঠিকভাৱে পৰীক্ষা কৰা আদি বিভিন্ন বিষয় লৈ আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে বিভাগটোৰ বিষয়াসকলক বিভিন্ন সমবায় সমিতিৰ অধীনৰ গুদামসমূহত কিমান খালী ঠাই আছে এই বিষয়ে পুনৰীক্ষন কৰিবলৈ নিৰ্দেশ দিয়ে যাতে আগতীয়াকৈ সংগ্ৰহ কৰা চাউলসমূহ সেই ঠাইত কোনো অসুবিধা নোহোৱাকৈ মজুত কৰিব পৰা যায় । সভাত অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ, যোগান বিভাগৰ উপ-সঞ্চালক আদিত্য দোলাকাষৰীয়া, যোগান পৰিদৰ্শক বিনায়ম কৃষ্ণ, মাণ্ডলিক প্ৰবন্ধক, ক্ৰয় প্ৰবন্ধক, মিলৰ স্বত্বাধিকাৰীসকল, ক্ৰয় কেন্দ্ৰৰ প্ৰবন্ধক আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Wednesday, 8 February 2023

*গৃহ জিলাত কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ বিজয় ট্ৰফি, ১৫ ফেব্ৰুৱাৰীত দুলীয়াজানত আৰম্ভ হ'ব প্ৰতিযোগিতা*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৩/২০২৩

*গৃহ জিলাত কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ বিজয় ট্ৰফি, ১৫ ফেব্ৰুৱাৰীত দুলীয়াজানত আৰম্ভ হ'ব প্ৰতিযোগিতা*
গোলাঘাট, ৮ ফেব্ৰুৱাৰী : অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত থকা যুৱ ক্ৰীড়া প্ৰতিভাসমূহক উলিয়াই অনা আৰু তেওঁলোকৰ মাজত ক্ৰীড়া সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত আয়োজন কৰা অষ্টাদশ সংস্কৰণৰ কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ বিজয় ট্ৰফি আজি সেনাবাহিনীৰ জয়পুৰ বেটেলিয়নৰ উদ্যোগত বীৰ শ্বহীদগৰাকীৰ গৃহ জিলা গোলাঘাটৰ খুমটাইলৈ অনা হয় । উল্লেখ্য যে শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আৰু নৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৃষ্ট কৰাৰ লক্ষ্যৰে ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত এই বিজয় ট্ৰফি লৈ ৰাজ্যৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰা হৈছে । এই উপলক্ষে গোলাঘাটৰ খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সেনাবাহিনীৰ উদ্যোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয় । অনুষ্ঠানত কেপ্টেইন জিন্টু গগৈৰ পিতৃ অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়া ঠগীৰাম গগৈ আৰু মাতৃ দুলুপ্ৰভা গগৈ, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ মুখ্য অতিথিৰূপে উপস্থিত আছিল । অনুষ্ঠানৰ অংশৰূপে সেনাবাহিনীৰ বেণ্ড প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান, দেশপ্ৰেমমূলক নৃত্য আদি পৰিৱেশন কৰা হয় । আজিৰ অনুষ্ঠানত ভাৰতীয় সেনাবাহিনীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া, শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত আছিল । উল্লেখযোগ্য যে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ দুলীয়াজানৰ নেহৰু ময়দানত কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ অষ্টাদশ সংস্কৰণ আৰম্ভ হ'ব । দুলীয়াজানৰ উপৰি তিনিচুকীয়া, ডিব্ৰুগড় আৰু ডিগবৈতো প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাত ৮ খন ৰাজ্যৰ ২৪ টা দলে অংশগ্ৰহণ কৰিব । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮২/২০২৩

*গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*

গোলাঘাট, ৮ ফেব্ৰুৱাৰী : গোলাঘাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকৰ প্ৰথম ভাগত ৰেচম, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, কৰ, পৰিবহণ, ভূমি সংৰক্ষণ, বন, মীন, পশুচিকিৎসা, পৰ্যটন, নগৰ আৰু গাঁও পৰিকল্পনা, জলসম্পদ, শিক্ষা, শ্ৰমিক কল্যাণ আদি বিভাগৰ লগতে কেইবাখনো বৰ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয় । বৈঠকত উপায়ুক্তগৰাকীয়ে সমবায়, দুগ্ধ উন্নয়ন, পৌৰ প্ৰশাসন, খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড, হাউচিং বর্ড, নগৰীয়া পানী আৰু পয় প্ৰণালী বৰ্ড, অসম গেছ কোম্পানী আৰু নাবাৰ্ডৰ অধীনৰ কাম-কাজ আৰু বিভিন্ন আঁচনিৰ ৰূপায়ন সন্দৰ্ভত আলোচনা কৰে । তেওঁ প্ৰতিটো বিভাগ আৰু সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত আঁচনি ৰূপায়নকে ধৰি কাম-কাজসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে যাতে জনসাধাৰণে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় । বৈঠকৰ দ্বিতীয় ভাগত উপায়ুক্তগৰাকীয়ে লোকনিৰ্মাণ (পথ) লোকনিৰ্মাণ (গৃহ), ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম, অসম শক্তি বিতৰণ কোম্পানী আৰু জলসিঞ্চন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ বিভাগসমূহক পথ, দলং, খহনীয়া প্ৰতিৰোধী প্ৰকল্প আদিৰ ৰূপায়ন খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে আৰু নিৰ্মাণৰত আঁচনিসমূহৰ বিষয়ে বিতংভাৱে বুজ লয় । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিন্সেংফা বৰুৱা আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...