Sunday, 5 February 2023

असम के साहित्य और सामाजिक कार्यकर्ता केशव चंद्र बोरा ने, स्थान: होटल गुणवत्ता इन सबरी ग्रैंड चेन्नई मे आयोजन, दक्षिण पश्चिमी अमेरिकी विश्वविद्यालय से एचवाई डॉक्टरेट डिग्री प्रमाण पत्र और सनमन प्राप्त किया

05 February 2023 : आज असम के  साहित्य और सामाजिक कार्यकर्ता केशव चंद्र बोरा ने, स्थान: होटल गुणवत्ता इन सबरी ग्रैंड चेन्नई मे आयोजन, दक्षिण पश्चिमी अमेरिकी विश्वविद्यालय से एचवाई डॉक्टरेट डिग्री प्रमाण पत्र और  सनमन प्राप्त किया है। पुरस्कार विजेता बैठक का आयोजन चेन्नई में ग्लोबल अचीवर काउंसिल द्वारा किया गया। डॉ. केशव चंद्र बोरा को महाराष्ट्र विन ट्रस्ट की ओर से सम्मान राष्ट्र प्रतिभा गौरव पुरस्कार भी मिल चुका है।

NORTHEAST NEWS INDIA

Saturday, 4 February 2023

Welcome

*গঁড়ৰ মুকলি বিচৰণ : পদুমনি-দেৰগাঁও অঞ্চলত প্ৰশাসনৰ নিষেধাজ্ঞা*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮১/২০২৩

*গঁড়ৰ মুকলি বিচৰণ : পদুমনি-দেৰগাঁও অঞ্চলত প্ৰশাসনৰ নিষেধাজ্ঞা*
গোলাঘাট, ৪ ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ পদুমনি-দেৰগাঁও অঞ্চলত এটা গঁড়ৰ মুকলি বিচৰণ সন্দৰ্ভত গোলাঘাটৰ মাণ্ডলিক বন বিষয়াৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তথা অঞ্চলটোত হোৱা জন সমাগমৰ পৰিপ্ৰেক্ষিতত বন বিভাগে গঁড়টো আঁতৰাই পঠোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আৰু জনসাধাৰণৰ জীৱনৰ প্ৰতি আহিব পৰা ভাবুকি আৰু সুৰক্ষাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । এই নিৰ্দেশনা অনুসৰি পদুমনি-দেৰগাঁও অঞ্চল আৰু বন বিভাগে অভিযান চলাই থকা এলেকাসমূহত তিনিজনতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে । লগতে  সন্ধিয়া ৫.৩০ বজাৰ পৰা পুৱা ৫.৩০ বজালৈ অঞ্চলটোত মানুহৰ চলা-ফুৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এইসমূহ নিষেধাজ্ঞা জাৰি কৰা হৈছে । গঁড়টো বনাঞ্চললৈ আঁতৰি নোযোৱালৈকে এই নিৰ্দেশ বাহাল থাকিব ।  

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 3 February 2023

Deputy Commissioner, Golaghat today visited Merapani Community Health Centre

Deputy Commissioner, Golaghat today visited Merapani Community Health Centre

Golaghat 03 Feb 2023 : Dr P Uday Praveen, IAS, Deputy Commissioner, Golaghat today visited Merapani Community Health Centre and took stock of the functioning of the hospital. During the visit the Deputy Commissioner inspected labor room of the health facility and held a discussion with the doctors and health workers regarding health and medical services and facilities being provided to the patients. During his visit he was informed about various issues like shortage of Doctors and ambulance, upgradation of the hospital etc. Since the hospital is located near the Assam-Nagaland border hence he put emphasis on the provision of adeqaute health facilities and amenities. He also interacted with the patients and addressed their problems. The deputy commissioner also visited the family of a maternal death and reviewed the causes of her death. He also took stock of the family whether they are being benefitted from govt schemes implemented by various departments. During his visit he was accompanied by Dr Arun Chandra Mahanta, Joint Director, Health, SDMHO, KB Ali, DPM, NHM and officials from health department and other departments.

NORTHEAST NEWS INDIA

Thursday, 2 February 2023

*গোলাঘাটত দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱ অব্যাহত, দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপায়ুক্তৰ বিদ্যালয় পৰিদৰ্শন*

জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩৮০/২০২৩

*গোলাঘাটত দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱ অব্যাহত, দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপায়ুক্তৰ বিদ্যালয় পৰিদৰ্শন*
গোলাঘাট, ২ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ২০২৩ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱ কাৰ্যসূচী কালিৰে পৰা গোলাঘাট জিলাতো অনুষ্ঠিত হৈছে । জিলাখনৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ ১,২১,২৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি ১৪৪৯ খন বিদ্যালয়ত এই পৰ্যায়ৰ গুনোৎসৱ অনুষ্ঠিত হ'ব । আজি গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে গোলাঘাট পূব শিক্ষা খণ্ডৰ অন্তৰ্গত বগীধলা বাগান প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি গুনোৎসৱ কাৰ্যসূচীত অংশ লয় । তেওঁ বিদ্যালয়খনৰ শৈক্ষিক দিশ তথা আন্তঃগাথঁনি, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । অহা ৪ ফেব্ৰুৱাৰীলৈকে অব্যাহত থাকিবলগীয়া গুনোৎসৱৰ কালি প্ৰথমদিনা বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন সম্পন্ন হোৱাৰ পিছত আজিৰে পৰা বহিঃমূল্যায়কে বিদ্যালয়সমূহত মূল্যায়ন কৰিব । এইবাৰ জিলাখনৰ ৫৪৪ গৰাকী বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক, শিক্ষক আৰু চৰকাৰী বিষয়াক বহিঃমূল্যায়ক হিচাপে নিয়োগ কৰা হৈছে । আজি জিলাখনৰ ৪৯৬ খন বিদ্যালয়ত বহিঃমূল্যায়ন সম্পন্ন হয় । অহা ৪ ফেব্ৰুৱাৰীলৈকে আটাইকেইটা দিনতে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ বহিঃমূল্যায়ক হিচাপে পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ যুটীয়া সচিব প্ৰতিমা ৰংপিপি আৰু সমবায় বিভাগৰ অতিৰিক্ত সচিব দীপা দাস উপস্থিত থাকিব । উল্লেখযোগ্য যে শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ২০১৭ চনৰ পৰাই শিক্ষা বিভাগে গুনোৎসৱ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Wednesday, 1 February 2023

*গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত মডেল ৱাই-২০ শীৰ্ষ সন্মিলন সম্পন্ন*

জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩৭৯/২০২৩

*গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত মডেল ৱাই-২০ শীৰ্ষ সন্মিলন সম্পন্ন*
গোলাঘাট, ১ ফেব্ৰুৱাৰী : গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত আৰু গোলাঘাট  জিলা প্ৰশাসনৰ সহযোগত আজি মহাবিদ্যালয়খনৰ সভাকক্ষত জি-২০ শীৰ্ষ সন্মিলনৰ অন্তৰ্গত ৱাই-২০ শীৰ্ষ সন্মিলনৰ প্ৰাক কাৰ্যসূচী হিচাপে মডেল ৱাই-২০ শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হয় ।  মডেল ৱাই-২০ শীৰ্ষ সন্মিলনত "আন্তঃৰাষ্ট্ৰীয় গতিশীলতাৰ অৰ্থনীতি আৰু উন্নয়নৰ সৈতে ইয়াৰ সম্পৰ্ক" বিষয়ক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় । আলোচনাচক্ৰত গোলাঘাট জিলাৰ ৭খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে । গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল শৰ্মাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত (শিক্ষা) ড০ সংগীতা বৰঠাকুৰে ।   আলোচনাচক্ৰৰ অংশগ্ৰহণকাৰী মহাবিদ্যালয়সমূহ হৈছে ফৰকাটিং কলেজ, গোলাঘাট কমাৰ্চ কলেজ, বৰপথাৰ কলেজ, জে ডি এছ জি কলেজ, ডি আৰ কলেজ, এইচ পি বি গাৰ্লছ কলেজ আৰু গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয় ।  পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ফৰকাটিং মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দেবাশীষ বৰুৱা আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ ৰিংকি দাস । আলোচনাচক্ৰত অংশগ্ৰহণকাৰীসকলে বিষয়টোৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰাৰ লগতে বিতং আলোচনা অনুষ্ঠিত হয় । আলোচনাচক্ৰত অনুষ্ঠানটোৰ সমন্বয়ক ড০ প্ৰাঞ্জল প্ৰতিম দত্তও উপস্থিত থাকে । উল্লেখযোগ্য যে বসুধৈব কুটুম্বকম বা এক পৃথিৱী, এক পৰিয়াল, এক ভবিষ্যতক মূল বিষয়বস্তু হিচাপে লৈ ভাৰতে এইবাৰ জি -২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতা কৰিছে । এইবাৰৰ জি -২০ সন্মিলনত ইয়াৰ ১৯ খন সদস্য ৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ৯ খন অতিথি ৰাষ্ট্র আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছে । ভাৰতে ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰলৈকে জি-২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন*

জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩৭৮/২০২৩

*জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন*

গোলাঘাট, ১ ফেব্ৰুৱাৰী : ভাৰতে ২০২৩ বৰ্ষত জি-২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব লাভ কৰাৰ পিছত অসমত হ'বলগীয়া জি-২০ৰ অন্তৰ্গত দীৰ্ঘস্থায়ী বিত্তীয় কৰ্মী গোট (SFWG) আৰু য়ুথ-২০ৰ  বৈঠকত অংশগ্ৰহণৰ বাবে অহা প্ৰতিনিধিৰ এটা দলে আজি ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে । দলটোক প্ৰথমে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে কহঁৰাত থকা কাজিৰঙা সন্মিলন কেন্দ্ৰত বিভাগৰ দ্বাৰা বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা আৰু অন্য বন্যপ্ৰাণী অনুকূল ব্যৱস্থাৱলী সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । ইয়াৰ পিছতেই প্ৰতিনিধি দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত জীপ ছাফাৰি কৰি কাজিৰঙাৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু এটা খড়্গযুক্ত গঁড়কে ধৰি বিভিন্ন বন্যপ্ৰাণীৰ বিচৰণ প্ৰত্যক্ষ কৰে । উল্লেখযোগ্য যে বসুধৈব কুটুম্বকম বা এক পৃথিৱী, এক পৰিয়াল, এক ভবিষ্যতক মূল বিষয়বস্তু হিচাপে লৈ ভাৰতে এইবাৰ জি -২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতা কৰিছে । এইবাৰৰ জি -২০ সন্মিলনত ইয়াৰ ১৯ খন সদস্য ৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ৯ খন অতিথি ৰাষ্ট্র আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছে । এই জি-২০ সন্মিলনৰ অংশস্বৰূপে গুৱাহাটী আৰু ডিব্ৰুগড়ত ৫ খন বৈঠক অনুষ্ঠিত হ'ব । ইয়াৰে গুৱাহাটীত অহা ২-৩ ফেব্ৰুৱাৰী, ৬ ৰ পৰা ৮ ফেব্ৰুৱাৰী, ১৩ ৰ পৰা ১৫ মাৰ্চ আৰু ৩ ৰ পৰা ৫ এপ্ৰিললৈ আৰু ডিব্ৰুগড়ত ২৪-২৫ মাৰ্চত বৈঠক অনুষ্ঠিত হ'ব । ভাৰতে ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰলৈকে জি-২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছে । 

জি-২০ হৈছে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে বিশ্বৰ এক অগ্ৰণী মঞ্চ । ১৯৯৯ চনত এছিয়ান বিত্তীয় সংকটৰ পিছতেই গোলকীয় অৰ্থনৈতিক আৰু বিত্তীয় বিষয়সমূহৰ আলোচনাৰ বাবে এটা ৰাষ্ট্ৰগোটৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলক লৈ জি-২০ গঠন কৰা হৈছিল । ইউৰোপীয় সংঘৰ উপৰি ইয়াৰ ১৯ খন সদস্যৰাষ্ট্ৰ হ'ল আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, জাৰ্মানী, ফ্ৰান্স, ভাৰত, ইণ্ডোনেচিয়া, ইটালী, জাপান, কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...