Wednesday, 1 February 2023

*গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত মডেল ৱাই-২০ শীৰ্ষ সন্মিলন সম্পন্ন*

জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩৭৯/২০২৩

*গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত মডেল ৱাই-২০ শীৰ্ষ সন্মিলন সম্পন্ন*
গোলাঘাট, ১ ফেব্ৰুৱাৰী : গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত আৰু গোলাঘাট  জিলা প্ৰশাসনৰ সহযোগত আজি মহাবিদ্যালয়খনৰ সভাকক্ষত জি-২০ শীৰ্ষ সন্মিলনৰ অন্তৰ্গত ৱাই-২০ শীৰ্ষ সন্মিলনৰ প্ৰাক কাৰ্যসূচী হিচাপে মডেল ৱাই-২০ শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হয় ।  মডেল ৱাই-২০ শীৰ্ষ সন্মিলনত "আন্তঃৰাষ্ট্ৰীয় গতিশীলতাৰ অৰ্থনীতি আৰু উন্নয়নৰ সৈতে ইয়াৰ সম্পৰ্ক" বিষয়ক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় । আলোচনাচক্ৰত গোলাঘাট জিলাৰ ৭খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে । গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল শৰ্মাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত (শিক্ষা) ড০ সংগীতা বৰঠাকুৰে ।   আলোচনাচক্ৰৰ অংশগ্ৰহণকাৰী মহাবিদ্যালয়সমূহ হৈছে ফৰকাটিং কলেজ, গোলাঘাট কমাৰ্চ কলেজ, বৰপথাৰ কলেজ, জে ডি এছ জি কলেজ, ডি আৰ কলেজ, এইচ পি বি গাৰ্লছ কলেজ আৰু গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয় ।  পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ফৰকাটিং মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দেবাশীষ বৰুৱা আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ ৰিংকি দাস । আলোচনাচক্ৰত অংশগ্ৰহণকাৰীসকলে বিষয়টোৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰাৰ লগতে বিতং আলোচনা অনুষ্ঠিত হয় । আলোচনাচক্ৰত অনুষ্ঠানটোৰ সমন্বয়ক ড০ প্ৰাঞ্জল প্ৰতিম দত্তও উপস্থিত থাকে । উল্লেখযোগ্য যে বসুধৈব কুটুম্বকম বা এক পৃথিৱী, এক পৰিয়াল, এক ভবিষ্যতক মূল বিষয়বস্তু হিচাপে লৈ ভাৰতে এইবাৰ জি -২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতা কৰিছে । এইবাৰৰ জি -২০ সন্মিলনত ইয়াৰ ১৯ খন সদস্য ৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ৯ খন অতিথি ৰাষ্ট্র আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছে । ভাৰতে ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰলৈকে জি-২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...