জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩৮০/২০২৩
*গোলাঘাটত দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱ অব্যাহত, দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপায়ুক্তৰ বিদ্যালয় পৰিদৰ্শন*
গোলাঘাট, ২ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ২০২৩ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱ কাৰ্যসূচী কালিৰে পৰা গোলাঘাট জিলাতো অনুষ্ঠিত হৈছে । জিলাখনৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ ১,২১,২৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি ১৪৪৯ খন বিদ্যালয়ত এই পৰ্যায়ৰ গুনোৎসৱ অনুষ্ঠিত হ'ব । আজি গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে গোলাঘাট পূব শিক্ষা খণ্ডৰ অন্তৰ্গত বগীধলা বাগান প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি গুনোৎসৱ কাৰ্যসূচীত অংশ লয় । তেওঁ বিদ্যালয়খনৰ শৈক্ষিক দিশ তথা আন্তঃগাথঁনি, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । অহা ৪ ফেব্ৰুৱাৰীলৈকে অব্যাহত থাকিবলগীয়া গুনোৎসৱৰ কালি প্ৰথমদিনা বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন সম্পন্ন হোৱাৰ পিছত আজিৰে পৰা বহিঃমূল্যায়কে বিদ্যালয়সমূহত মূল্যায়ন কৰিব । এইবাৰ জিলাখনৰ ৫৪৪ গৰাকী বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক, শিক্ষক আৰু চৰকাৰী বিষয়াক বহিঃমূল্যায়ক হিচাপে নিয়োগ কৰা হৈছে । আজি জিলাখনৰ ৪৯৬ খন বিদ্যালয়ত বহিঃমূল্যায়ন সম্পন্ন হয় । অহা ৪ ফেব্ৰুৱাৰীলৈকে আটাইকেইটা দিনতে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ বহিঃমূল্যায়ক হিচাপে পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ যুটীয়া সচিব প্ৰতিমা ৰংপিপি আৰু সমবায় বিভাগৰ অতিৰিক্ত সচিব দীপা দাস উপস্থিত থাকিব । উল্লেখযোগ্য যে শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ২০১৭ চনৰ পৰাই শিক্ষা বিভাগে গুনোৎসৱ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA