Wednesday, 11 January 2023

বোকাখাত অসামৰিক চিকিৎসালয় পৰিদৰ্শন জিলা উপায়ুক্তৰ**শিশু আৰু মাতৃৰ বাবে পুষ্টিকৰ খাদ্য তালিকা যুগুত কৰিবলৈ ডায়েটিচিয়ানক নিৰ্দেশ*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৬৯/২০২২

*বোকাখাত অসামৰিক চিকিৎসালয় পৰিদৰ্শন জিলা উপায়ুক্তৰ*

*শিশু আৰু মাতৃৰ বাবে পুষ্টিকৰ খাদ্য তালিকা যুগুত কৰিবলৈ ডায়েটিচিয়ানক নিৰ্দেশ*

গোলাঘাট, ১১ জানুৱাৰী : গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ কাম-কাজ তথা স্বাস্থ্য সেৱাৰ বুজ লয় । এই ভ্ৰমণকালত উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰটো (NRC) পৰিদৰ্শন কৰি চিকিৎসালয়খনত শিশু, স্তনপান কৰাই থকা মাতৃ আৰু গৰ্ভৱতী মহিলাসকলক প্ৰদান কৰা স্বাস্থ্য আৰু চিকিৎসা সেৱা তথা সা-সুবিধাসমূহৰ সন্দৰ্ভত চিকিৎসা বিষয়া, ডায়েটিচিয়ান আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে আলোচনা কৰে ।  তেওঁ চিকিৎসালয়খনৰ ডায়েটিচিয়ানসকলক শিশু আৰু মাতৃৰ বাবে পুষ্টিকৰ খাদ্য তালিকা যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে যাতে শিশু আৰু মাতৃসকলৰ সহায় হোৱাকৈ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰত এই তালিকাসমূহ প্ৰদৰ্শন কৰিব পৰা যায় । তেওঁ লগতে চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলৰ বাবে থকা মজুৰি ক্ষতিপুৰণ আঁচনিৰ বিষয়েও সবিশেষ বুজ লয় । তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত দুটা কিস্তিত এইসকল মহিলাক ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখযোগ্য যে গুৰুতৰভাৱে পুষ্টিহীনতাত ভোগা শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা আৰু তেনে শিশুক উপযুক্ত চিকিৎসা প্ৰদানৰ লক্ষ্যৰে চৰকাৰী চিকিৎসালয়সমূহত এই পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাটত পথ নিৰাপত্তা সপ্তাহৰ শুভাৰম্ভ**আইনৰ ভয়ত নহয়, নিজৰ জীৱনৰ বাবে পথ সুৰক্ষাৰ নীতিসমূহ মানি চলক : দীনেশ গগৈ*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৬৮/২০২২

*গোলাঘাটত পথ নিৰাপত্তা সপ্তাহৰ শুভাৰম্ভ*

*আইনৰ ভয়ত নহয়, নিজৰ জীৱনৰ বাবে পথ সুৰক্ষাৰ নীতিসমূহ মানি চলক : দীনেশ গগৈ*

গোলাঘাট, ১১ জানুৱাৰী : জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আজি গোলাঘাটৰ এমেচাৰ থিয়েটাৰ ছচাইটিৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় পথ নিৰাপত্তা সপ্তাহৰ শুভাৰম্ভ কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ তথা সভাত সভাপতিত্ব কৰি বিশিষ্ট নিবন্ধকাৰ তথা চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈয়ে পথ নিৰাপত্তা সন্দৰ্ভত কয় যে কেৱল আইনৰ ভয়ত নহয়, নিজৰ জীৱনৰ বাবে পথ সুৰক্ষাৰ নীতি-নিৰ্দেশনাসমূহ মানি চলা দৰকাৰ । পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পোৱা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰি তেওঁ ইয়াক নিজৰ দায়িত্ব হিচাপে পালন কৰিবলৈ আহ্বান জনায় । প্ৰতিজন নাগৰিকে পথত পালন কৰিবলগীয়া নিৰ্দেশনাসমূহক নিজৰ দায়বদ্ধতা হিচাপে গ্ৰহণ কৰিলে নিশ্চয় পথ দুৰ্ঘটনা বহু পৰিমাণে ৰোধ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে কয় যে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ১১ৰ পৰা ১৭জানুৱাৰীলৈ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ পালন কৰিবলৈ লোৱা হৈছে । পথ দুৰ্ঘটনাক এটা সামাজিক ব্যাধি বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতবৰ্ষত পথ দুৰ্ঘটনা এটা অতি গুৰুত্বপূৰ্ণ বিষয় । তেওঁ কয় যে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলাই অহা হৈছে আৰু গোলাঘাট জিলাত বিগত বছৰসমূহৰ তুলনাত ১০ৰ পৰা ১২শতাংশ পথ দুৰ্ঘটনা কমিছে । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাই কয় যে পথ সুৰক্ষা মানেই জীৱন সুৰক্ষা । পথ দুৰ্ঘটনাৰ ফলত ভাৰতত লাখ লাখ লোকৰ মৃত্যু হয় । তেওঁ কয় যে গোলাঘাট জিলাত পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাইছে, এইয়া অতি সুখৰ বিষয় । কিন্তু এতিয়াও ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে  বুলি তেওঁ কয় । সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰতিজন ব্যক্তিয়েই যানবাহন আইন আৰু নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে সজাগ হ'ব লাগিব বুলি উল্লেখ কৰে । অনুষ্ঠানত বক্তাসকলে মূলতঃ সজাগতাৰ অভাৱত পথ দুৰ্ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰি এই পথ সুৰক্ষা সপ্তাহৰ অংশৰূপে ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে । অনুষ্ঠানত মৰঙিৰ উন্নয়ন খণ্ড বিষয়া নিপজ্যোতি পাতিৰি, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ মহাপ্ৰবন্ধক শ্যামসুন্দৰ চৌধুৰী, নুমলীগড় শোধনাগাৰৰ অগ্নি নিৰ্বাপন সুৰক্ষা শাখাৰ উপ-মহাপ্ৰবন্ধক গণেশ বৰ্মন আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰী, ৰাইজ উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Sunday, 8 January 2023

*অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিবেশনৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী*

*অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিবেশনৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী*

গোলাঘাট বৰপথাৰ ৮ জানুৱাৰী, ২০২৩ঃ বৰপথাৰৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিবেশনৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশৰূপে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ (ভাঃ প্ৰঃ সেঃ) এ পতাকা জোকাৰি মুকলি কৰে ।

NORTHEAST NEWS INDIA

*আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গোলাঘাটৰ মইনাপাৰা খেলপথাৰত এখনি ভোগালী মেলা অনুষ্ঠিত*

*আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গোলাঘাটৰ মইনাপাৰা খেলপথাৰত এখনি ভোগালী মেলা অনুষ্ঠিত*
গোলাঘাট ৮ জানুৱাৰী ২০২৩ঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাট জিলা শাখাৰ দ্বাৰা আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গোলাঘাটৰ মইনাপাৰা খেলপথাৰত এখনি ভোগালী মেলা অনুষ্ঠিত হৈছে । আজি মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে । আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, (ভাঃ প্ৰঃ সেঃ), জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, শ্ৰী ধীৰাজ দাস, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া,  মৰঙীৰ  উন্নয়ন খণ্ড বিষয়া শ্ৰী নিপজ্যোতি পাতিৰি আৰু আন উন্নয়ন খণ্ড বিষয়াসকল, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাট জিলা শাখাৰ জিলা প্ৰকল্প প্ৰবন্ধক শ্ৰী মাধুৰ্য প্ৰসাদ বৰা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । এই মেলাত গোলাঘাট জিলাৰ বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত বস্ত্ৰশিল্প, হস্তশিল্প, থলুৱা পিঠা-পনা তথা সুস্বাদু খাদ্য সম্ভাৰ উপলব্ধ হ'ব । লগতে থলুৱা খেল ধেমালি আৰু জাতীয় সাজ-পাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব ।
NORTHEAST NEWS INDIA

Friday, 6 January 2023

জীৱন কচু পাতৰ পানী, কোন কেতিয়া এই পৃথিবী এৰি যাব লাগিব কোনেও নাজানে। সেইকাৰণে মানুহে কেতিয়াওঁ দম্ভ, অংহকাৰ, হিংসা, ঠগ প্ৰবচনা কাকো কৰিব নালাগে। যি পাৰে সদায় সহায়হে কৰিব লাগে। কাকো অন্তৰত দুখ, কষ্ট দিব নালাগে।।

জীৱন কচু পাতৰ পানী, কোন কেতিয়া এই পৃথিবী এৰি যাব লাগিব কোনেও নাজানে। সেইকাৰণে মানুহে কেতিয়াওঁ দম্ভ, অংহকাৰ, হিংসা, ঠগ প্ৰবচনা কাকো কৰিব নালাগে। যি পাৰে সদায় সহায়হে কৰিব লাগে। কাকো অন্তৰত দুখ, কষ্ট দিব নালাগে।। 

জয় মা আৰু প্ৰকৃতি

🚩জয় মা আৰু প্ৰকৃতি🚩

সেই মানৱ জাতি, ধৰ্মক লৈ মানৱ জাতি ভুল পথে পৰিচালিত হৈছে। ভগৱান বেলেগ বেলেগ থাকিব পাৰে জানো। সকলো মানৱ জাতি, জীৱ, জন্তু, আন সকলোবোৰ টো একেখন পৃথিবীৰ মা আৰু প্ৰকৃতি ৰ বুকুত আছে। সকলো জীৱকোল মা আৰু প্ৰকৃতি ৰ বুকুত জন্ম গ্রহণ কৰি জীৱন যাএা কৰিছে, তেনেহলে ভগৱান ধৰ্ম বেলেগ বেলেগ হৱ নোৱাৰে। ধৰ্ম এটাই হব লাগে, সেয়া হৈছে সকলোকে সমানে লৈ, সকলোকে সমান সন্মান জনাই, সমান মর্যাদা প্ৰদান জনাই, সকলোকে সমান চকুৰে চাই মা আৰু প্ৰকৃতি ৰ ওচৰত শৰণ লোৱা , সেয়াই হৈছে মানৱ ধৰ্ম। মা আৰু প্ৰকৃতি য়ে হৈছে আমাৰ ভগৱান। । 

সেই মানৱ জাতি আহক সময় থাকোতেই ভূলসমূহ চিকাৰ কৰি মা আৰু প্ৰকৃতি ৰ ওচৰত শৰণ লওঁক। 

ধন্যবাদেৰে।। 

সেৱাৰে
মাধৱ গগৈ
মা আৰু প্ৰকৃতি
প্ৰতিষ্ঠাপক।।

Saturday, 31 December 2022

নতুন বছৰৰ শুভেচ্ছাৰে মা আৰু প্ৰকৃতি

🙏🏾জয় মা আৰু প্ৰকৃতি🙏🏾

ইংৰাজী নতুন নববর্ষৰ ২০২৩ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন জনাইছো মা আৰু প্ৰকৃতি ৰ তৰফৰ পৰা অসম,ভাৰত তথা সমগ্র বিশ্বৰ মানৱ জাতিলৈ। আগন্তুক আহি থকা দিন বোৰত সমগ্র মানৱ জাতিৰ শুভ হওঁক। সকলোৱে যেন আমাৰ মা আৰু প্ৰকৃতি ৰ পৰিয়ালৰ সদস্য হয় তাৰে কামনা কৰিলো। মা আৰ প্ৰকৃতি ৰ যি চিন্তা ধাৰা সকলোৱে সেই মহান চিন্তা ধাৰা লগত লৈ এখন সুন্দৰ সবল সমাজ গঠনত অৰিহণা যোগাই তাৰে কামনা কৰিলো সমগ্র মানৱ জাতিলৈ। সকলোকে আমাৰ পৰিয়ালত অন্তর্ভুক্ত হৈ এখন সুস্থ সবল মা আৰু প্ৰকৃতি ৰ সমাজ গঠন কৰিব লাগিব। সকলোৱে মা আৰু প্ৰকৃতি ৰ যি লক্ষ্য আৰু উদ্দেশ্য সকলোৱে পালন কৰিব বুলি আশা কৰিলো। তথা বিশ্বত আমাৰ যি সমাজৰ বিচাৰ ধাৰা আগবঢ়াই লৈ যাব লাগিব। সকলোলৈ আহ্বান জনাইছো। 

সকলোলৈকে অনেক শুভেচ্ছা শুভকামনা জ্ঞাপন জনাইছো।

সেৱাৰে 
মাধৱ গগৈ
মা আৰু প্ৰকৃতি
প্ৰতিষ্ঠাপক।।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।