Friday, 7 October 2022
Thursday, 6 October 2022
Wednesday, 5 October 2022
*গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱসৰ ৩ দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫১/২০২২
*গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱসৰ ৩ দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ*
গোলাঘাট, ৫ অক্টোবৰঃ গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে গোলাঘাট জিলা দিৱস । ১৯৮৭ চনৰ আজিৰ দিনটোতেই গোলাঘাটে এখন পূৰ্ণাংগ জিলাৰ মৰ্যাদা লাভ কৰিছিল । এই উপলক্ষে জিলা সদৰ গোলাঘাটৰ লগতে বোকাখাত আৰু ধনশিৰি মহকুমাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । ৩ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা গোলাঘাট জিলা দিৱসৰ কাৰ্যসূচী আজি পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অর্পা বাগলাৰীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত জিলা পতাকা উত্তোলন কৰে । এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকা আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল । কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট আৱৰ্ত ভৱনৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, জিলা পুথভঁৰাল, শ্বহীদ স্মাৰক আৰু বিভিন্ন ঠাইত থকা স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী তৰ্পণ কৰা হয় । সন্ধিয়া উপায়ুক্তৰ কাৰ্যালয় আৰু সমূহ কাৰ্যালয়ত বন্তি প্ৰজ্বলন আৰু আলোকসজ্জিত কৰা হয় । লগতে তথ্য আৰু জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ যোগেদি গোলাঘাট জিলাৰ সম্যক ইতিহাস বৰ্ণন কৰা হয়।
কাইলৈ সমূহ ৰাজহ চক্ৰ, গাঁও, চাপৰি আৰু অন্যান্য ভিতৰুৱা অঞ্চলসমূহত ৰাজহ আদালত, স্বাস্থ্য বিভাগৰ দ্বাৰা গ্ৰাম্য স্বাস্থ্য আৰু পৰিপুষ্টি শিবিৰ, এমজিএনৰেগাৰ অধীনত নিৰ্মাণ কৰা অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন, মডেল অংগনৱাড়ী কেন্দ্ৰৰ উদ্বোধন, UDID কাৰ্ড বিতৰণ আদি অনুষ্ঠিত হ'ব । লগতে স্কুল তথা মহাবিদ্যালয় সমূহত জিলা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ- ছাত্ৰীসকলৰ মাজত গোলাঘাট জিলাৰ চমু ইতিহাস বৰ্ণনৰ কাৰ্যসূচী লোৱা হৈছে । ইয়াৰ উপৰি বিভিন্ন বিভাগৰ অধীনত বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতা কাৰ্যসূচী হাতত লোৱা হৈছে ।
৭ অক্টোবৰত বীৰাংগণা সাধনী কলাক্ষেত্ৰত স্কুলসমূহৰ মাজত কুইজ প্ৰতিযোগিতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । সেইদিনা সন্ধিয়া বীৰাংগণা সাধনী কলাক্ষেত্ৰত এখন সভা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA
Tuesday, 4 October 2022
*পশ্চিম ননৈ আঞ্চলিক শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত বিপুল ভাৱে সম্বৰ্ধনা*
৪ অক্টোৱৰ ২০২২ঃ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত তথা কৃতী শিক্ষক বঁটা প্ৰাপ্ত কেশৱ বৰাক পশ্চিম ননৈ আঞ্চলিক শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত বিপুল ভাৱে সম্বৰ্ধনা জনায়। কেশৱ বৰাই ভাষণত উল্লেখ কৰে যে মা দূৰ্গা শক্তি সাহস আৰু কৰুনাৰ প্ৰতিমূৰ্ত্তিৰ প্ৰতীক। সেয়ে মা আৰু প্ৰকৃতি ৰ মহানতাৰে অসম ৰাজ্যৰ প্ৰতি টো পৰিয়ালৰ কল্যান হওক তাৰে কামনা কৰে।
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...