Friday, 16 September 2022
Thursday, 15 September 2022
Wednesday, 14 September 2022
SITA, Assam
14 September 2022 :
Vice- Chairman Ramen Deka made a two day visit to Golaghat & Jorhat districts for upcoming projects with AAU, Jorhat
Jorhat, September 14: In a two day visit to the two dictricts of Golaghat and Jorhat respectively, Hon’ble Vice- Chairman Ramen Deka visited the site for upcoming projects at Borjuri, Bokakhat yesterday for the upcoming projects viz., “Up- scaling of Livelihood: Implication through Smart Agriculture and Agri-Eco-Tourism to be taken up by State Innovation & Transformation Aayog (SITA) along with the implementing partner Assam Agricultural University, Jorhat. On his visit to the site, he interacted with Prof. Ranjan Das and other officials of AAU and also the inhabitants residing in the surrounding areas. He later addressed a public gathering stating that he positively hope that the project which is going to be implemented will be a success as it receives the wholehearted support of the local residence and the interest taken by the Assam Agricultural University, Jorhat. He elaborated that the mission is to be taken in a cooperative mode and its success will depend on the feeling of ownership by the farmers as well.
On 14th September 2022, the second day of his visit, Hon’ble Vice- Chairman Ramen Deka attended a review meeting with the Vice-Chancellor Dr. Bidyut C.Deka of Assam Agricultural University, Jorhat to review the present status of the ongoing project viz., ‘Survey of Rural Primary Markets (Gramin Periodical Haats) in Assam. This is a funded project of State Innovation and Transformation Aayog (SITA) which is taken up by Assam Agricultural University, Jorhat. Hon’ble Vice-Chairman while addressing the august gathering, lauded the University for all the step taken up in implementing this project and he hopes that it will get completed in due time. AAU Vice- Chancellor also spoke in the meeting. Principal Investigator Prof. Ramen Sarma gave a PPT presentation on the said project in the review meeting.
L J
PRO/14.09.22
NORTHEAST NEWS INDIA
*কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়, তৃতীয় আৰু পঞ্চম সংযোজন এলেকাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ ওপৰত গুৰুত্ব আৰোপ উপায়ুক্তৰ*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৪৪/২০২২
*কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়, তৃতীয় আৰু পঞ্চম সংযোজন এলেকাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ ওপৰত গুৰুত্ব আৰোপ উপায়ুক্তৰ*
গোলাঘাট, ১৪ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ এই মাহৰ চতুৰ্থ দিনাৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে জিলাখনৰ বন বিভাগৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল, বোকাখাতৰ কাম-কাজৰ পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়, তৃতীয় আৰু পঞ্চম সংযোজন এলেকাত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন প্ৰক্ৰিয়াৰ বৰ্তমান স্থিতি তথা অগ্ৰগতি সন্দৰ্ভত সবিশেষ বুজ লয় । তেওঁ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ৯৭ টা চোৰাং চিকাৰী প্ৰতিৰোধী শিবিৰৰ পুনৰনিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভতো বিতংভাবে আলোচনা কৰে । তেওঁ ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন প্ৰক্ৰিয়াৰ লগতে চোৰাং চিকাৰী প্ৰতিৰোধী শিবিৰৰ পুনৰনিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উপায়ুক্ত গৰাকীয়ে এই প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে অন্য সংশ্লিষ্ট পক্ষৰ লগত আলোচনাত মিলিত হ'বলৈ সাজু আছে বুলিও মত প্ৰকাশ কৰে ।
বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া ৰমেশ কুমাৰ গগৈ উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
Tuesday, 13 September 2022
*গোলাঘাটত ধঁপাতৰ বিৰুদ্ধে আইন বলৱৎকাৰীসকলৰ বাবে জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৪৩/২০২২
গোলাঘাট, ১৩ ছেপ্টেম্বৰ : গোলাঘাট নগৰৰ অলংকাৰ বিবাহ ভৱনত আজি যক্ষ্মা আৰু হাওঁফাওঁৰ ৰোগ সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ, গোলাঘাটৰ উদ্যোগত আইন বলৱৎকাৰী সকলৰ বাবে এটা জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় । অনুষ্ঠানত অংশ লৈ গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব জ্যোতিস্মিতা শৰ্মাই কয় যে ধঁপাত এক মাৰাত্মক নিচা আৰু আজিৰ প্ৰজন্মৰ বহুতেই এই সামগ্ৰীবিধৰ প্ৰতি আসক্ত হোৱাটো অতি দুৰ্ভাগ্যৰ বিষয় । ধঁপাতে মানুহৰ জীৱন বিপৰ্যস্ত কৰাই নহয়, একোখন সমাজৰ বৃহৎ ক্ষতি কৰিব পাৰে বুলি তেওঁ কয় । তেওঁ শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্ধপৰ্যন্ত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাটো আইনমতে দণ্ডনীয় বুলি উল্লেখ কৰি এনে বিষয় দৃষ্টিগোচৰ হ'লে জনসাধাৰণে আইনৰ ওচৰ চাপিব পাৰে বুলি মত প্ৰকাশ কৰে । অনুষ্ঠানত ভালেকেইগৰাকী বক্তাই ধঁপাত সেৱনৰ ফলত হ'ব পৰা ৰোগ, ইয়াৰ সৈতে জড়িত আইন আৰু বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায় । আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তি, গোলাঘাট আৰক্ষীৰ ভালেসংখ্যক বিষয়া, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন চি চি কেডেট আৰু গোলাঘাটৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ জিলা নডেল বিষয়া ডাঃ সুনিতা এক্কাই অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰি কয় যে ধঁপাত কৰ্কট ৰোগৰ অন্যতম কাৰক । ধঁপাতজাতীয় সামগ্ৰীসমূহ বৰ্জনৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত বিশিষ্ট নিবন্ধকাৰ, চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈ, বিশিষ্ট লেখক সমাজ সেৱিকা অপৰাজিতা বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, সমাজ সেৱিকা ডঃ লুকুমনি গোস্বামী, জ্যেষ্ঠ সাংবাদিক, পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামী, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জিত হাজৰিকা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...