Friday, 26 August 2022
Thursday, 25 August 2022
Special Health Camp under Swasthya Sewa Abhijan
25th Aug, 2022: Golaghat
A special health camp was organised on 25th Aug, 2022 at Nabapur Rajahua Bhawan under Madhyampur Gaon Panchayat under Sarupathar BPHC.
The special health camp was inaugurated by the Joint Director of Health Services, Golaghat Dr. Arun Chandra Mahanta in presence of Sub Divisional Medical and Health Officer Dr. Paban Kumar Gonju, Dub Divisional Medical and Health Officer (Head Quarter) Dr. Ajit Gogoi.
Child Specialist, Medicine Specialists, Gynecologist, Community Health Officers, Laboratory Technician, Pharmacist, ANMs etc were present apart from team of Mobile Medical Unit and Rashtriya Bal Suraksha Karyakram.
Various services like Ante Natal Care, Post Natal Care, Laboratory services, screening of Non Communicable Diseases, TB, Malaria, Counseling etc were provided to the general people.
This special health camp under Swasthya Sewa Abhijan is an initiative by National Health Mission, Assam which will be held from now on every month at different locations of the districts of Assam.
The aim of the special health camp is to provide specialist services to the people under one roof right at their doorstep. The special health camps will enhance the health seeking behaviour of the people and generate awareness to make health their priority.
NORTHEAST NEWS INDIA
ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডাঃ পি উদয় প্ৰবীণৰ গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩২৮/২০২২
গোলাঘাট, ২৫ আগষ্ট : ২০১৬ চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডাঃ পি উদয় প্ৰবীণে আজি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ ওদালগুৰি জিলাৰ উপায়ুক্ত আৰু বি টি চিৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । দায়িত্ব গ্ৰহণ কৰিয়েই নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে আৰু বিদায়ী উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাক বিদায় জনাবলৈ উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰে । নৱনিযুক্ত উপায়ুক্তগৰাকীক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় । আনহাতে বিদায়ী উপায়ুক্তগৰাকীকো ফুলাম গামোচা, শৰাই আৰু উপহাৰেৰে বিদায় সম্ভাষণ জনোৱা হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ লৈ বিদায়ী উপায়ুক্তগৰাকীয়ে কয় যে গোলাঘাট জিলাখনৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আৰু ইয়াৰ ৰাইজৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা তেওঁৰ সদায় থাকিব । তেওঁ যি বিভাগত থাকিলেও গোলাঘাটৰ বাবে ভৱিষ্যতে নিজৰ সাধ্যানুসাৰে কাম কৰিব বুলি শ্ৰীবৰুৱাই মন্তব্য কৰে । তেওঁ কয় যে চৰকাৰী কাৰ্যালয়সমূহত অতি সোনকালেই কাগজৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নোহোৱা হ'ব । সেয়েহে বিষয়া-কৰ্মচাৰীসকলক এই নতুন ব্যৱস্থাৰ সৈতে আগবাঢ়িব পৰাকৈ নিজকে যোগ্য কৰি তুলিবলৈ তেওঁ আহ্বান জনায় । তেওঁ গোলাঘাটৰ উপায়ুক্ত হিচাপে প্ৰায় ১৩ মহীয়া কাৰ্যকাল সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা বিষয়া-কৰ্মচাৰী আৰু ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । আনহাতে নৱনিযুক্ত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে কয় যে সকলোৰে সহায় সহযোগিতাতহে গোলাঘাট জিলাখনৰ সমস্যাৰাজীৰ আশু সমাধানসূত্ৰ উলিওৱাৰ লগতে উন্নয়নমূলক কাম-কাজসমূহৰ সফল ৰূপায়ন সম্ভৱ হ'ব । এইক্ষেত্ৰত তেওঁ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু গোলাঘাট জিলাবাসী ৰাইজৰ সহযোগিতা কামনা কৰে । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰীযুতা চুলতানা আখটাৰা আহমেদ, শ্ৰী কুলদীপ হাজৰিকা, ডঃ সংগীতা বৰঠাকুৰ, চক্ৰ বিষয়াসকল আৰু জিলা প্ৰশাসনৰ আন বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Wednesday, 24 August 2022
ট্ৰেঞ্চফৰ্মাৰৰ ক্ষমতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২২ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ গোলাঘাট জিলাৰ কেতবোৰ ঠাইত লোড শ্বেডিঙৰ আশংকা
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩২৭/২০২২
*ট্ৰেঞ্চফৰ্মাৰৰ ক্ষমতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২২ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ গোলাঘাট জিলাৰ কেতবোৰ ঠাইত লোড শ্বেডিঙৰ আশংকা*
গোলাঘাট, ২৪ আগষ্ট : এইজিচিএলৰ গোলাঘাট জিলাৰ তেতেলিতল গ্ৰিড উপ-কেন্দ্ৰ(১৩২ কেভিএ)ৰ অধীনৰ শক্তি ট্ৰেঞ্চফৰ্মাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ২২ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ এপিডিচিএলৰ গোলাঘাট বৈদ্যুতিক উপ-সংমণ্ডল-২ৰ অধীনৰ ৩৩/১১কেভিএ ক্ষমতাযুক্ত কমাৰবন্ধা উপ-কেন্দ্ৰ, জোনাকী নগৰ উপ-কেন্দ্ৰ, গণকপুখুৰী উপ-কেন্দ্ৰ, লেতেকু উপ-কেন্দ্ৰ আৰু ফলঙনি উপ-কেন্দ্ৰৰ আটাইকেইটা ফিদাৰতে বিদ্যুতৰ সৰ্বাধিক ব্যৱহাৰৰ সময়চোৱাত (সন্ধিয়া ৬ বজাৰ পৰা ১০ বজালৈ) লোড শ্বেডিং হোৱাৰ আশংকা আছে । এপিডিচিএল, ইউএআৰৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে এই সম্পৰ্কে এক জাননী জাৰী কৰিছে । সেই অনুসৰি লোড শ্বেডিঙৰ সময়ত প্ৰভাৱিত হ'বলগীয়া এলেকাসমূহ হ'ল কমাৰবন্ধা, কছাৰীহাট, ৰাইডিঙীয়া, বচাকুমাৰ গাঁও, জোনাকী নগৰ, কাবৰু গাঁও, কচুগাঁও, পুলিবৰ, বগৰিজেং, ত্ৰিবেণী, হাতীয়েখোৱা, কাকডোঙা, মহিমা, দোলাষৰীয়া, দক্ষিণহেংগেৰা, নৰাকোঁৱৰ, শালমৰা, আধাৰসত্ৰ, দৰিয়া, গোলামপট্টি, যোগিবাৰী, গণক পুখুৰী, ঢেকিয়াল, মৰঙী, বকীয়াল, লেতেকুজান, ফলঙনী, বগীজান, ৰঙাজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ । এই সময়চোৱাত কাছমাৰি উপ-কেন্দ্ৰৰ অধীনৰ কেতবোৰ অঞ্চলো প্ৰভাৱিত হোৱাৰ আশংকা আছে । বিদ্যুৎ বিভাগে এই দিনকেইটাত উপভোক্তাসকলক বিভাগৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনাইছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Tuesday, 23 August 2022
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...