Wednesday, 17 August 2022

জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে এন চি চিত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কেডেটক সম্বৰ্ধনা, চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত স্থানপ্ৰাপকক পুৰস্কাৰ প্ৰদান

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩২৫/২০২২

*জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে এন চি চিত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কেডেটক সম্বৰ্ধনা, চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত স্থানপ্ৰাপকক পুৰস্কাৰ প্ৰদান*

গোলাঘাট, ১৭ আগষ্ট : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি নিজৰ ক্ষেত্ৰখনত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ কেডেটসকলক সম্বৰ্ধনা জনোৱাৰ লগতে চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় । এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে নিজৰ নিজৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে । তেওঁ আত্মবিশ্বাস আৰু প্ৰবল মানসিক উদ্যমেৰে নিজৰ লক্ষ্যপ্ৰাপ্তি তথা এগৰাকী সু-নাগৰিক হোৱাৰ দিশে অগ্ৰসৰ হ'বলৈ শিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত ৭৪ আছাম গাৰ্লছ এন চি চিৰ ৯ গৰাকী কেডেট, অধ্যক্ষ, এ এন অ' আৰু চি টি অ'ক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ২০২২ চনত দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহন কৰা তথা ২০২১-২২ বৰ্ষত এন চি চিৰ চি চাৰ্টিফিকেট পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা গোলাঘাট কমাৰ্চ কলেজৰ ছাত্ৰী ৰূপশিখা ডেকাৰ লগতে ডি আৰ কলেজৰ ৰজলীন তকবিপি আৰু তুলিকা গগৈ, দিল্লী পাব্লিক স্কুল, নুমলিগড়ৰ স্পৰ্শা হালৈ আৰু ফৰকাটিং কলেজৰ ছাত্ৰী ছানিয়া দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে এন চি চিৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সত্যজিৎ পাল, ডি পি এছ, নুমলিগড়ৰ অধ্যক্ষ ইউ চি হাৰগোলা, কমাৰবন্ধা কলেজৰ এ এন অ' লেফটেনেন্ট মীনাক্ষী বৰা আৰু গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ চি টি অ' প্ৰনামী ভূঞাক সম্বৰ্ধনা জনোৱা হয় । 

অনুষ্ঠানত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে জিলা প্ৰশাসনৰ সহযোগত শিক্ষা বিভাগে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ক্ৰমে বৰবালি মধ্য ইংৰাজী বিদ্যালয়ৰ গৰিমা গগৈ, ঘিলাধাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ স্বপ্না ফুকন আৰু গেলেকি মিকিৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেয়া ভৰদ্বাজক পুৰস্কাৰ প্ৰদান কৰা হয় । লগতে ৰচনা প্ৰতিযোগিতাৰ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণী শাখাত জৱাহৰলাল উচ্চ বুনিয়াদী বিদ্যালয়ৰ দীপালী ভূমিজ, পূব দেৰগাঁও কৃষ্ণ ৰমা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাগ্যস্মিন দত্ত আৰু নাহৰজান উচ্চ বুনিয়াদী বিদ্যালয়ৰ অংকিতা নাইকক ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। এই শাখাৰ বিষয় আছিল 'দেশৰ স্বাভিমান জাতীয় পতাকা'। আনহাতে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শাখাত কুৰালগুৰি এইচ এছ স্কুলৰ ভাৰ্গৱী হাজৰিকা, দেৰগাঁও গাৰ্লছ এইচ এছ স্কুলৰ অনামিকা বৰা আৰু ফৰকাটিং জি জে বালিকা বিদ্যালয়ৰ ৰিচা শইকীয়াই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে । এই শাখাৰ বিষয় আছিল 'স্বাধীনতা সংগ্ৰামত গোলাঘাটৰ অৱদান' । আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তদ্বয় চুলতানা আখটাৰা আহমেদ আৰু কুলদীপ হাজৰিকা, নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁই, শিক্ষা বিভাগৰ বিষয়ববীয়া, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল । অনুষ্ঠানটোৰ আঁত ধৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱীয়ে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

Tuesday, 16 August 2022

গোলাঘাটত শোক দিৱস পালন

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩২৪/২০২২

*গোলাঘাটত শোক দিৱস পালন*

গোলাঘাট, ১৬ আগষ্ট : ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজীত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি গোলাঘাটতো শোক দিৱস পালন কৰা হয় । এই উপলক্ষে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীয়ে উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ  উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতা কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ আৰু মানৱ জীৱন তথা মূল্যবোধৰ বাবে শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ শপতবাক্য পাঠ কৰোৱায় । কাৰ্যসূচীৰ অংশৰূপে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাটত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩২৩/২০২২

*গোলাঘাটত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন*

*৬৩১ কোটি টকা ব্যয়েৰে ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰীয়ে কৰিব গোলাঘাট চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন : কেশৱ মহন্ত*
 
*গোলাঘাট জিলাৰ ঐতিহাসিক ধোদৰ আলিৰ পুনৰ নিৰ্মাণৰ বাবে ২৯২ কোটি টকা অনুমোদন*

গোলাঘাট, ১৬ আগষ্ট : গোলাঘাটতো ১৫ আগষ্টত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয় । এই উপলক্ষে জিলা সদৰ গোলাঘাটৰ সমন্বয় পথাৰত আয়োজিত কাৰ্যসূচীত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, তথ্য-প্ৰযুক্তি ইত্যাদি বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই ত্ৰিৰংগ পতাকা উত্তোলন কৰে । তেওঁ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে । অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰথমেই দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ বিসৰ্জন দিয়া ৰাজ্যখনৰ আৰু গোলাঘাট জিলাৰ বীৰ শ্বহীদসকলৰ লগতে মুক্তিযুঁজাৰু সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ লগতে গোলাঘাট জিলাত বিভিন্ন বিভাগৰ যোগেদি ৰূপায়ন কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে । 

তেওঁ কয় যে বসুন্ধৰা আঁচনিৰ জৰিয়তে প্ৰায় ৯ লাখ লোকৰ মাটি-বাৰীৰ সমস্যা অনলাইনযোগে সমাধান কৰা হৈছে । পৰিৱৰ্তন হৈছেনে নাই সেয়া মানুহে এতিয়া নিজেই উপলব্ধি কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে কাৰ্যালয়সমূহ সম্পূৰ্ণৰূপে কাগজৰ ব্যৱহাৰমুক্ত হোৱাৰ দিশে আগবাঢ়িছে । তেওঁ লগতে কয় যে জাতিগত প্ৰমাণপত্ৰ আৰু ট্ৰেড লাইচেন্স আদিও এতিয়া ঘৰতে বহি লাভ কৰিব । আনহাতে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক বানপানীত উটি যোৱা কিতাপ-পত্ৰ ক্ৰয় কৰিবলৈ ১০০০টকাকৈ আগবঢ়াইছে বুলি তেওঁ উল্লেখ কৰে । চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধেও শূণ্য সহনশীলতাৰ নীতি গ্ৰহন কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এখন যুঁজ অব্যাহত ৰাখিছে । আনহাতে ২৯২ কোটি টকা ব্যয়েৰে অসম মালা আঁচনিৰ অধীনত গোলাঘাট জিলাৰ ঐতিহাসিক ধোদৰ আলীৰ পুনৰ নিৰ্মাণৰ লগতে দেৰগাঁৱৰ পৰা ৰঙাজানলৈ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ উন্নীতকৰণৰ বাবে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে । তেওঁ কয় যে ৰাজ্যখনৰ স্বাস্থ্য ক্ষেত্ৰত উল্লেখনীয় উন্নয়ন সাধন হৈছে । ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত এইবাৰ পাঠদান আৰম্ভ হ'ব আৰু ইয়াকে লৈ ৰাজ্যখনত  ৯ খন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয় হ'ব বুলি তেওঁ কয় । অহাবছৰ পাঠদান আৰম্ভ কৰিব পৰাকৈ নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে আবেদন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে ইয়াৰ বাবে অনুমতি লাভ কৰিলে এবছৰৰ ভিতৰত ৰাজ্যখনত মুঠ পাঠদান হোৱা চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২ খনলৈ বৃদ্ধি পাব । তেওঁ কয় যে তিনিচুকীয়া, বিশ্বনাথ, চৰাইদেউ, কামৰূপ মহানগৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবেও কাম পূৰ্ণোদ্যমে চলি আছে। যোৱা বাজেটত নিৰ্ধাৰণ কৰা তামুলপুৰ, মৰিগাঁও, ধেমাজি, গোলাঘাট আৰু বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ বাবে নিবিদাকে ধৰি প্ৰয়োজনীয় প্ৰাৰম্ভিক কামখিনি সম্পূৰ্ণ হৈছে । তেওঁ কয় যে গোলাঘাটত অহা মাহত ৬৩১ কোটি টকা ব্যয়েৰে মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব আৰু দুই-তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ কয় । সৰুপথাৰত অসামৰিক চিকিৎসালয়, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত থকা বৰ্তমানৰ ব্লাড বেংকটোক 'ৰক্তৰ উপাদান পৃথকীকৰণ গোট' (ব্লাড ক'ম্প'নেণ্ট ছেপাৰেচন ইউনিট)ৰ পৰ্যায়লৈ উন্নীতকৰণৰ বাবে অনুমোদন, ৯০ টা উপ স্বাস্থ্য কেন্দ্ৰক হেলথ এণ্ড ৱেলনেছ চেণ্টাৰলৈ উন্নীতকৰণ আদি স্বাস্থ্য খণ্ডৰ উল্লেখনীয় অগ্ৰগতি বুলি তেওঁ উল্লেখ কৰে ।  

তেওঁ কয় যে অটল অমৃত অভিযান আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৰাজ্যখনৰ প্ৰায় ৫৭ লাখ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক বিনামূলীয়া চিকিৎসাৰ বাবে ৫ লাখ টকাৰ একোখন কাৰ্ড প্ৰদানৰ পৰিকল্পনা কৰা হৈছে ।

আনহাতে সৰুপথাৰ সমষ্টিত বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ বাবে অনুমোদন প্ৰক্ৰিয়া অব্যাহত আছে । লগতে সৰুপথাৰত বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ বাবে ১০ কোটি টকা অনুমোদন জনোৱা হৈছে। তেওঁ কয় যে প্ৰতিটো সমষ্টিত অৰুণোদয় আঁচনিৰ অধীনত ৫ ৰ পৰা ৬ লাখ হিতাধিকাৰী বৃদ্ধি কৰাৰ পৰিকল্পনা কৰাৰ লগতে কৃষকসকলৰ পৰা উচিত মূল্যত উৎপাদিত সামগ্ৰী ক্ৰয় কৰি ধান ক্ৰয় ব্যৱস্থাৰ জৰিয়তে কৃষি খণ্ডত পৰিৱৰ্তন সাধন কৰা হৈছে । মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক গছপুলি ৰোপণ কাৰ্যসূচীৰ অধীনত পৰিৱেশ সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । তেওঁ কয় যে দেৰগাঁৱত সৈনিক স্কুল স্থাপনৰ বাবে প্ৰস্তাৱ লোৱা হৈছে । গোলাঘাট জিলাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ অসম-নগালেণ্ডকে ধৰি অসমৰ সৈতে থকা বিভিন্ন ৰাজ্যৰ সীমা সমস্যাৰ সমাধানৰ বাবে আলোচনা প্ৰক্ৰিয়া অব্যাহত হৈছে । তেওঁ কয় যে সৰুপথাৰত লাভলিনা বক্সিং একাডেমী স্থাপনৰ বাবে কাম আগবাঢ়িছে । চাহ বাগিচাত ১০০ খন হাইস্কুল স্থাপন, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, চাহ বাগিছাৰ ৭৫ টা স্থানত ৭৫ খন ৰংগমঞ্চ স্থাপন আদি সিদ্ধান্তৰে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষ মৰ্যাদা প্ৰদান কৰিছে বুলি তেওঁ উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীয়ে জিলাখনৰ তথা ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰে । কাৰ্যসূচীত আৰক্ষী, চি আৰ পি এফ, গৃহৰক্ষী বাহিনীৰ জোৱান, এন চি চি আৰু স্কাউট গাইডৰ কেডেটসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে । অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে । 

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰু আৰক্ষী অধীক্ষক সুমিত শৰ্মাৰ উপস্থিতিত জাতিৰ পিতা মহাত্মা গান্ধী, শ্বহীদ কুশল কোঁৱৰ আৰু শ্বহীদৰ স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । 

গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়, জিলা কাৰাগাৰ আৰু গোলাঘাট নগৰৰ দুখন বৃদ্ধাশ্ৰমত প্ৰশাসনৰ বিষয়াই গৈ ফল-মূল আদি বিতৰণ কৰে । বিয়লি জিলা প্ৰশাসন আৰু গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

Sunday, 14 August 2022

গোলাঘাটত দুটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি মন্ত্ৰী কেশৱ মহন্তৰ

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩২২/২০২২

*গোলাঘাটত দুটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি মন্ত্ৰী কেশৱ মহন্তৰ*

*গাঁৱৰ শিশুহঁতে যাতে হীনমন্যতাত ভুগিবলগীয়া নহয় সেয়া সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ*

গোলাঘাট, ১৪ আগষ্ট : অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাট জিলাত দুটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰে ।প্ৰথমে তেওঁ ১নং ফৰকাটিং আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো মুকলি কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে অংগনৱাড়ী কেন্দ্ৰসমূহ শিশুৰ বুনিয়াদ গঢ়াৰ প্ৰথমটো ঢাপ বুলি উল্লেখ কৰি কয় যে এইবছৰ বাজেটত দুহেজাৰটা অতিৰিক্ত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ বাবে ধাৰ্য কৰা হৈছে । তেওঁ কয় যে গাঁৱৰ শিশুহঁতে যাতে কেতিয়াও হীনমন্যতাত ভুগিবলগীয়া নহয় তাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰকেই আদৰ্শ হিচাপে গঢ় দিব বিচাৰিছে । প্ৰতিটো শিশুৱে ভাল পৰিৱেশত ভাল আন্তঃগাঁথনিত যাতে শিক্ষা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ কয় । তেওঁ কয় যে এতিয়া ৰাজ্যখনলৈ পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তনৰ ফচল আমি উন্নয়নৰ ধাৰাত প্ৰত্যক্ষ কৰিছোঁ । তেওঁ নিজৰ ল'ৰা-ছোৱালীক এই অংগনৱাড়ী কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, জিলা সমাজ কল্যাণ বিষয়া গৌৰীপ্ৰিয়া দেউৰী আৰু অসম গণ পৰিষদ দলৰ জিলা সভাপতি ডঃ নৃপেন বৰুৱা উপস্থিত আছিল । ইয়াৰ পিছতেই তেওঁ ঊষা গৰঙা চাহ বাগিচাত স্থাপন কৰা ৫ নং ঊষা বাগান আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো মুকলি কৰে । অনুষ্ঠানত উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, অগপৰ জিলা সভাপতি, পদুমনি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জুমনি সন্দিকৈ বৰা আৰু জিলা সমাজ কল্যাণ বিষয়া উপস্থিত আছিল । দুয়োটা অনুষ্ঠানতে অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকা, কেন্দ্ৰ নিৰ্মাণ সমিতি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।