Sunday, 14 August 2022

গোলাঘাটত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩২১/২০২২

*গোলাঘাটত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন*

*আমাৰ বাবে ভাল ভাৰতীয় হৈ থকাৰ বিকল্প নাই : কেশৱ মহন্ত*

*১৯৪৭ চনৰ বিভাজনক ইতিহাসৰ পাতৰ এটা পাঠ হিচাপে লৈ হিংসাবৰ্জিত এখন অখণ্ড ভাৰত গঢ়াৰ বাবে বদ্ধপৰিকৰ হোৱা উচিত : লাচিত বৰুৱা*

*১১ গৰাকী ব্যক্তি-অনুষ্ঠানক সম্বৰ্ধনা* 

গোলাঘাট, ১৪ আগষ্ট : ৰাজ্য চৰকাৰে ১৯৪৭ চনৰ দেশ বিভাজনৰ বিভীষিকাময় পৰিস্থিতিত মৃত্যুবৰণ কৰিবলগীয়া হোৱা আৰু নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰা লোকসকলৰ স্মৃতি সুঁৱৰি প্ৰতি বছৰে ১৪ আগষ্টৰ দিনটো "বিভাজন বিভীষিকা স্মৃতি দিৱস" হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে । বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক বিভাজনৰ সময়ত মানুহৰ দুৰ্দশা আৰু সেই বিভীষিকাময় সময়ৰ বিষয়ে অৱগত কৰি ভৱিষ্যতে যাতে কেতিয়াও এনে পৰিস্থিতিৰ সৃষ্টি নহয় সেই উদ্দেশ্যে অহিংসা, একতা, শান্তি আৰু সম্প্ৰীতিৰ বাণীৰে গোলাঘাটতো আজি এই দিৱস পালন কৰা হয় । এই উপলক্ষে গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত স্মৃতি দিৱসৰ অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । তেওঁ ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ৰ বিভীষিকা প্ৰসংগত কয় যে সেই সময়ৰ কথাবোৰে আমাক এনে এটা পাঠ দি গ'ল যে এতিয়া আমাৰ বাবে ভাল ভাৰতীয় হৈ থকাৰ বিকল্প নাই । সভ্যতা, সংস্কৃতিত চহকী ভাৰতবৰ্ষখনক দ্বিখণ্ডিত কৰি ব্ৰিটিছে সমস্ত শক্তিক যেনেকৈ বিভাজিত কৰিছিল গোপীনাথ বৰদলৈয়ে নেতৃত্ব নোলোৱাহ'লে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাই জটিল হৈ পৰিলহেঁতেন । তেওঁ ভাৰতীয় সংবিধানৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি এগৰাকী ভাৰতীয় হিচাপে সেই দুৰ্বিসহ সময়ৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাজনমুখী শক্তিসমূহক পৰাভূত কৰি সদা সতৰ্ক হৈ আগবাঢ়িবলৈ আহ্বান জনায় । 

অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশ লৈ ফৰকাটিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক লাচিত বৰুৱাই দেশ বিভাজনৰ সময়ৰ সমগ্ৰ প্ৰেক্ষাপট, সেই সময়ৰ মানুহৰ দুৰৱস্থা আৰু ইয়াৰ পৰিণতি আদি সম্পৰ্কে বিশদভাবে বৰ্ণনা আগবঢ়ায় । তেওঁ কয় যে দেশ বিভাজনৰ ফলত দুয়োফালৰ পৰা প্ৰব্ৰজন, আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি, সাম্প্ৰদায়িক হিংসা, কাশ্মীৰ সমস্যা, জলসম্পদৰ সমস্যা আদিয়ে গা কৰি উঠিছিল । এই সময়ছোৱাত বহু লোকে প্ৰাণ হেৰুৱাইছিল আৰু বহু লোক নিখোজ হৈছিল । এয়া আছিল যুদ্ধোত্তৰ কালৰ মানৱ ইতিহাসৰ সৰ্ববৃহৎ প্ৰব্ৰজনৰ ঘটনা । বৰ্তমানৰ প্ৰজন্ম তথা জনসাধাৰণে ১৯৪৭ চনৰ বিভাজনক ইতিহাসৰ পাতৰ এটা পাঠ হিচাপে লৈ হিংসাবৰ্জিত এখন অখণ্ড ভাৰত গঢ়াৰ বাবে বদ্ধপৰিকৰ হোৱা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে । অনুষ্ঠানত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই দেশ বিভাজনৰ সময়ৰ কথা স্মৰণ কৰি যিকোনো বিভাজনমুখী শক্তিক পৰাভূত কৰি এখন সুস্থ, শান্তি আৰু প্ৰগতিৰ সমাজ প্ৰতিষ্ঠাৰ পোষকতা কৰে । 

অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰী হেলিনা পেগু দলে, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বিশিষ্ট লেখক হীৰেন গগৈ, অমিয় কুমাৰ বৰা, জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, অসম গণ পৰিষদ দলৰ জিলা সভাপতি ডঃ নৃপেন বৰুৱা আৰু কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক, কেইবাটাও মহিলা সংগঠনৰ প্ৰতিনিধি, জ্যেষ্ঠ সাংবাদিক, প্ৰশাসনৰ বিষয়ববীয়া আৰু ৰাইজ উপস্থিত আছিল ।

আজিৰ অনুষ্ঠানতে গোলাঘাটৰ ১০ গৰাকী ব্যক্তি আৰু ফৰকাটিং মহাবিদ্যালয়ক স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা জ্ঞাপন কৰাসকল হ'ল উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষত কলা শাখাত নৱম স্থানপ্ৰাপক ফৰকাটিং ছিনিয়ৰ চেকেণ্ডাৰী হাইস্কুলৰ ৰাস্না গগৈ, চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ চুড়ান্ত শাখাত ৰাষ্ট্ৰীয় পৰ্যায়ত চতুৰ্থ স্থান দখল কৰা হৰিদ্ৰা বৰা, দৈয়াং অঞ্চলৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অৱদান আগবঢ়াই অহা দৈয়াং হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মহেন বৰুৱা, কমাৰবন্ধা অঞ্চলৰ বিশিষ্ট সমাজ সেৱিকা জয়ন্তী হিলৈদাৰী আৰু ৪৭ সংখ্যক জুনিয়ৰ নেচনেল একুৱাটিক চেম্পিয়নশ্বিপ, ২০২১ৰ ৫০ মিটাৰ বাটাৰফ্লাই ল'ৰাৰ শাখাত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰা জনঞ্জয় জ্যোতি হাজৰিকা । প্ৰশাসনৰ ফালৰ পৰা যোৱা ২৮ জুন তাৰিখে গোলাঘাট জিলাৰ খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত বগৰিয়নী গাঁৱৰ মাজেদি যোৱা ৰেলপথটোৰ চিৰি ভাঙি থকা প্ৰত্যক্ষ কৰি নুমলীগড় শোধনাগাৰৰ পৰা আহি থকা তৈল পৰিবাহী ৰেলখনক নিজৰ বুদ্ধিমত্তাৰে ৰখাই এটা সম্ভাব্য দূৰ্ঘটনাৰ পৰা বছাবলৈ সক্ষম হোৱা অতুল গগৈ, চুবু কুৰ্মি আৰু ৰাজেশ গৰাইটকো অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত ২০২১ চনৰ ৫ ডিচেম্বৰত গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ থুৰাজান অঞ্চলত ধনশিৰি নদীৰ পাৰত বনভোজ খাবলৈ গৈ দুৰ্ভাগ্যবশতঃ নুমলীগড় শোধনাগাৰৰ অভিযন্তা ৰক্তিম বৰুৱা আৰু তেওঁৰ ৮ বছৰীয়া পুত্ৰ আৰিয়ান বৰুৱা হঠাত নদীৰ পানীত পৰি যোৱা দেখি সাহসিকতা আৰু দক্ষতাৰে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আৰিয়নক পানীৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা গোপাল গাদুৱা আৰু প্ৰশান্ত তাঁতীক সম্বৰ্ধনা জনোৱা হয় । লগতে 'নাক'ৰ সমীক্ষাত এ প্লাছ গ্ৰেড পোৱা আৰু ইণ্ডিয়া টুডেৰ এটা সমীক্ষাত কলা শাখাত শ্ৰেষ্ঠ মহাবিদ্যালয় শিতানত দেশৰ ভিতৰত ১৩০ সংখ্যক স্থান লাভ কৰা ফৰকাটিং মহাবিদ্যালয়ক সম্বৰ্ধনা জনোৱা হয় ।  

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Saturday, 13 August 2022

১৩ আগষ্ট ২০২২ঃ ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !গোলাঘাট জিলাৰ হাতীখুলি চাহ বাগিচা এলেকাত "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ অংশৰূপে পতাকা উত্তোলন আৰু সজাগতা অভিযানৰ কেইটামান দৃশ্য ।

১৩ আগষ্ট ২০২২ঃ ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !
গোলাঘাট জিলাৰ হাতীখুলি চাহ বাগিচা এলেকাত "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ অংশৰূপে পতাকা উত্তোলন আৰু সজাগতা অভিযানৰ কেইটামান দৃশ্য ।

NORTHEAST NEWS INDIA

ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !গোলাঘাট জিলাৰ জামুগুৰি আৰু ৱকা চাহ বাগিচাত আজি চাহ বাগিচাৰ বিষয়া-কৰ্মচাৰী, বনুৱা আৰু কৰ্মীসকলে "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান চলায় ।

ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !
গোলাঘাট জিলাৰ জামুগুৰি আৰু ৱকা চাহ বাগিচাত আজি চাহ বাগিচাৰ বিষয়া-কৰ্মচাৰী, বনুৱা আৰু কৰ্মীসকলে "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান চলায় ।

NORTHEAST NEWS INDIA

আজিৰে পৰা ১৫ আগষ্টলৈ আহক আমি ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !গোলাঘাট জিলাৰ দক্ষিণ হেঙেৰা চাহ বাগিচাত "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান আৰু পতাকা উত্তোলনৰ কেইটামান দৃশ্য ।

আজিৰে পৰা ১৫ আগষ্টলৈ আহক আমি ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !
গোলাঘাট জিলাৰ দক্ষিণ হেঙেৰা চাহ বাগিচাত "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান আৰু পতাকা উত্তোলনৰ কেইটামান দৃশ্য ।

NORTHEAST NEWS INDIA

গোলাঘাট জিলাৰ আঠাবাৰী চাহ বাগিচাতো "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান চলোৱা হয় ।

গোলাঘাট জিলাৰ আঠাবাৰী চাহ বাগিচাতো "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান চলোৱা হয় ।

NORTHEAST NEWS INDIA

হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশৰূপে মৰঙী উন্নয়ন খণ্ডৰ ফলঙনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৌৱানী পথাৰ অসম আদৰ্শ গাঁৱত আজি এটা সৰ্বধৰ্ম সাংস্কৃতিক শোভাযাত্ৰা

১৩ আগষ্ট ২০২২ঃ ৭৬সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশৰূপে মৰঙী উন্নয়ন খণ্ডৰ ফলঙনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৌৱানী পথাৰ অসম আদৰ্শ গাঁৱত আজি এটা সৰ্বধৰ্ম সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । মৰঙীৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী নিপজ্যোতি পাটিৰি, বগীজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী বকুল চেতিয়া, ফলঙনী গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী কন্দৰ্প গগৈ তথা পঞ্চায়তৰ বিষয়ববীয়াসকলৰ লগতে কৌৱানী পথাৰৰ গাঁওপ্ৰধান শ্ৰী ইয়োব বিলুং আৰু ৰাইজে এই শোভাযাত্ৰাত অংশ লয় । শোভাযাত্ৰাত গায়ন বায়ন, আদীবাসী নৃত্য আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।

NORTHEAST NEWS INDIA

জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম য়ুথ অলিম্পিক, ২০২২ত পদক প্ৰাপকসকলক সম্বৰ্ধনা জ্ঞাপন

১৩ আগষ্ট ২০২২ঃ  গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম য়ুথ অলিম্পিক, ২০২২ত পদক প্ৰাপকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিভিন্ন শিতানত জিলাখনৰ পৰা ৫৫টা পদক লাভ কৰা খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, জিলা ক্ৰীড়া বিষয়া শ্ৰীযুতা ছেমি শইকীয়া, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ অজিত বৰুৱা, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক শ্ৰী সঞ্জীৱ সন্দিকৈ, উপ-সভাপতি শ্ৰী‌ দীনেশ গগৈ আৰু ডঃ নৃপেন বৰুৱা আৰু ভালেসংখ্যক গন্যমান্য ব্যক্তি, খেলুৱৈ, অভিভাৱক আৰু ৰাইজে অংশগ্ৰহন কৰে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট নগৰত এটা সজাগতামূলক পদযাত্ৰাও উলিওৱা হয় ।

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।