Wednesday, 10 August 2022
Tuesday, 9 August 2022
*গোলাঘাটত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক সমদল**সজাগতামূলক গীত আৰু ছেলফি পইন্ট মুকলি উপায়ুক্তৰ*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩১৯/২০২২
*গোলাঘাটত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক সমদল*
গোলাঘাট, ৯ আগষ্ট : 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ উদ্যোগত আজি গোলাঘাটৰ জোনাকী নগৰত থকা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয়ৰ পৰা গোলাঘাট জেনেৰেল ফিল্ডলৈকে এটা সজাগতা সমদল উলিওৱা হয়। উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই সমদল পতাকা জোকাৰি মুকলি কৰাৰ লগতে হাতত পতাকা লৈ খোজকাঢ়ি সমদলটোত অংশগ্ৰহণ কৰে । তেওঁ সমদলটো মুকলি কৰি সকলোকে অহা ১৩ৰ পৰা ১৫ আগষ্টলৈকে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে পতাকাখনৰ গৰিমা আৰু গৌৰৱক গভীৰভাবে উপলব্ধি কৰাৰ এয়াই সময় । তেওঁ আত্মসহায়ক গোটৰ মহিলাসকলে নিৰ্ধাৰণ কৰা ডেৰ লাখ পতাকা প্ৰস্তুতকৰণৰ লক্ষ্যত ইতিমধ্যে উপনীত হোৱাৰ বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে । আত্মসহায়ক গোটৰ মহিলাসকলৰ দিবা-নৈশ প্ৰয়াসৰ তেওঁ শলাগ লয় । অনুষ্ঠানত জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ সহযোগত প্ৰস্তুত কৰা এটি সজাগতামূলক গীতো মুকলি কৰা হয়। ' ঘৰে ঘৰে পতাকা উৰে ' শীৰ্ষক গীতটিৰ সামগ্ৰিক পৰিকল্পনা মাধুৰ্য প্ৰসাদ বৰাৰ, কথা পাপু কলিতাৰ, সুৰ দুলুমণি শইকীয়াৰ আৰু সংগীত প্ৰাঞ্জল বৰাৰ । গীতটি গাইছে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু ডৰথী বৰদলৈয়ে । আজিৰ সমদলত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক মাধুৰ্য প্ৰসাদ বৰা, আৰচেটিৰ সঞ্চালক চিন্ময়জ্যোতি গোহাঁই, উন্নয়ন খণ্ড বিষয়াসকল আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখীসকলে অংশ লয় ।
এই কাৰ্যসূচীৰ পিছতেই জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে এটা ছেলফি পইন্ট মুকলি কৰা হয় । উপায়ুক্তগৰাকীয়ে এই ছেলফি পইন্টটো মুকলি কৰে । অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্তসকল আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
ঘৰে ঘৰে পতাকা উৰে
'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ উদ্যোগত মুকলি কৰা হৈছে এটি সজাগতামূলক গীত " ঘৰে ঘৰে পতাকা উৰে
... " । স্বাধীনতাৰ অমৃত মহোৎসৱত আহক আমি ১৩ ৰ পৰা ১৫ আগষ্টলৈ ৰাষ্ট্ৰীয় গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমাৰ পতাকাৰ গৰিমাক আৰু অধিক গভীৰভাবে অনুধাৱন কৰোঁ । ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি এইয়া হ'ব আমাৰ দায়িত্ব আৰু প্ৰতিশ্ৰুতিবদ্ধতা ।
NORTHEAST NEWS INDIA
Monday, 8 August 2022
গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩১৮/২০২২
গোলাঘাট, ৮ আগষ্ট : সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি যানবাহন আইন ১৯৮৮ ৰ ১২৮ ধাৰাৰ অধীনত সমগ্ৰ গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰা হৈছে । অৱশ্যে ৬০ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি, মহিলা আৰু ১৫ বছৰ বয়সৰ তলৰ শিশুক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে । ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই এই নিষেধাজ্ঞা জাৰি কৰিছে । ৯ আগষ্টৰ পৰা ১৮ আগষ্টলৈ এই নিৰ্দেশ বাহাল থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
গোলাঘাটত অষ্টম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন, শ্ৰেষ্ঠ শিপিনীক সম্বৰ্ধনা
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩১৭/২০২২
গোলাঘাট, ৮ আগষ্ট : গোলাঘাট জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত ৭ আগষ্টত অষ্টম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় । এই উপলক্ষে জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীক্ষক মঃ ফকৰুদ্দিন আহমেদৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় । সভাত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই মুখ্য অতিথি হিচাপে অংশ লৈ শিপিনীসকলক অনুপ্ৰাণিত কৰি ভাষণ দিয়ে । তেওঁ শিপিনীসকলক এনেকৈয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মানক লৈ আপোচ নকৰাকৈ কাম কৰি যাবলৈ আহ্বান জনায় । হস্ততাঁত বস্ত্ৰ শিল্পই ৰাজ্যখনত মহিলা সবলীকৰণৰ দিশত বিশেষভাবে বৰঙণি আগবঢ়াই আহিছে বুলিও তেওঁ কয় । শিপিনীসকলে নিজৰ উৎপাদিত সামগ্ৰী যাতে উচিত মূল্যত বিক্ৰী কৰিব পাৰে তাৰ বাবে তেওঁ 'স্বনিৰ্ভৰ নাৰী' পৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ শিপিনীসকলৰ প্ৰতি আহ্বান জনায় ।
অনুষ্ঠানত জিলাখনৰ শ্ৰেষ্ঠ শিপিনীৰ সন্মান লাভ কৰা প্ৰতিমা শইকীয়াক উপায়ুক্তগৰাকীয়ে সম্বৰ্ধনা জনোৱাৰ লগতে পুৰস্কাৰ প্ৰদান কৰে । একেটা অনুষ্ঠানতে শিপিনী সম্প্ৰসাৰণ সেৱা গোট, গোলাঘাটৰ কমলা শইকীয়া, বোকাখাতৰ ৰূপামণি চেতিয়া, সৰুপথাৰৰ বৃন্দাৱতি বড়ো লাহন আৰু দেৰগাঁৱৰ জুৰি দাসক শ্ৰেষ্ঠ শিপিনী হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীক্ষক মঃ ফকৰুদ্দিন আহমেদে শিপিনীসকলক আগবঢ়াই লৈ যোৱাৰ বাবে হস্ততাঁত বিভাগে জিলাখনত গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত ৰেচম বিভাগৰ সহকাৰী প্ৰবন্ধক পুতুল শৰ্মা, উপ হস্ততাঁত বিষয়া কিৰণ বৰুৱা আৰু জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা আত্মসহায়ক গোট, সমন্বিত হস্ততাঁত প্ৰকল্প আৰু ব্যক্তিগত শিপিনীসকলে অংশগ্ৰহণ কৰে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...