Monday, 8 August 2022

গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩১৮/২০২২

 *গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা*

গোলাঘাট, ৮ আগষ্ট : সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি  যানবাহন আইন ১৯৮৮ ৰ ১২৮ ধাৰাৰ অধীনত সমগ্ৰ গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰা হৈছে । অৱশ্যে ৬০ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি, মহিলা আৰু ১৫ বছৰ বয়সৰ তলৰ শিশুক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে । ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই এই নিষেধাজ্ঞা জাৰি কৰিছে । ৯ আগষ্টৰ পৰা ১৮ আগষ্টলৈ এই নিৰ্দেশ বাহাল থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...