Tuesday, 9 August 2022

ঘৰে ঘৰে পতাকা উৰে

 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ উদ্যোগত মুকলি কৰা হৈছে এটি সজাগতামূলক গীত " ঘৰে ঘৰে পতাকা উৰে


... " । স্বাধীনতাৰ অমৃত মহোৎসৱত আহক আমি ১৩ ৰ পৰা ১৫ আগষ্টলৈ ৰাষ্ট্ৰীয় গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমাৰ পতাকাৰ গৰিমাক আৰু অধিক গভীৰভাবে অনুধাৱন কৰোঁ । ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি এইয়া হ'ব আমাৰ দায়িত্ব আৰু প্ৰতিশ্ৰুতিবদ্ধতা ।


NORTHEAST NEWS INDIA

Welcome

Monday, 8 August 2022

গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩১৮/২০২২

 *গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা*

গোলাঘাট, ৮ আগষ্ট : সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি  যানবাহন আইন ১৯৮৮ ৰ ১২৮ ধাৰাৰ অধীনত সমগ্ৰ গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰা হৈছে । অৱশ্যে ৬০ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি, মহিলা আৰু ১৫ বছৰ বয়সৰ তলৰ শিশুক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে । ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই এই নিষেধাজ্ঞা জাৰি কৰিছে । ৯ আগষ্টৰ পৰা ১৮ আগষ্টলৈ এই নিৰ্দেশ বাহাল থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

আহক আমি সকলো সকলোকে লগত লৈ উদযাপন কৰো


 

গোলাঘাটত অষ্টম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন, শ্ৰেষ্ঠ শিপিনীক সম্বৰ্ধনা

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩১৭/২০২২

 *গোলাঘাটত অষ্টম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন, শ্ৰেষ্ঠ শিপিনীক সম্বৰ্ধনা*

গোলাঘাট, ৮ আগষ্ট : গোলাঘাট জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত ৭ আগষ্টত অষ্টম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় । এই উপলক্ষে জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীক্ষক মঃ ফকৰুদ্দিন আহমেদৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় । সভাত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই মুখ্য অতিথি হিচাপে অংশ লৈ শিপিনীসকলক অনুপ্ৰাণিত কৰি ভাষণ দিয়ে । তেওঁ শিপিনীসকলক এনেকৈয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মানক লৈ আপোচ নকৰাকৈ কাম কৰি যাবলৈ আহ্বান জনায় । হস্ততাঁত বস্ত্ৰ শিল্পই ৰাজ্যখনত মহিলা সবলীকৰণৰ দিশত বিশেষভাবে বৰঙণি আগবঢ়াই আহিছে বুলিও তেওঁ কয় । শিপিনীসকলে নিজৰ উৎপাদিত সামগ্ৰী যাতে উচিত মূল্যত বিক্ৰী কৰিব পাৰে তাৰ বাবে তেওঁ 'স্বনিৰ্ভৰ নাৰী' পৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ শিপিনীসকলৰ প্ৰতি আহ্বান জনায় ।

অনুষ্ঠানত জিলাখনৰ শ্ৰেষ্ঠ শিপিনীৰ সন্মান লাভ কৰা প্ৰতিমা শইকীয়াক উপায়ুক্তগৰাকীয়ে সম্বৰ্ধনা জনোৱাৰ লগতে পুৰস্কাৰ প্ৰদান কৰে । একেটা অনুষ্ঠানতে শিপিনী সম্প্ৰসাৰণ সেৱা গোট, গোলাঘাটৰ কমলা শইকীয়া, বোকাখাতৰ ৰূপামণি চেতিয়া, সৰুপথাৰৰ বৃন্দাৱতি বড়ো লাহন আৰু দেৰগাঁৱৰ জুৰি দাসক শ্ৰেষ্ঠ শিপিনী হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীক্ষক মঃ ফকৰুদ্দিন আহমেদে শিপিনীসকলক আগবঢ়াই লৈ যোৱাৰ বাবে  হস্ততাঁত বিভাগে জিলাখনত গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত ৰেচম বিভাগৰ সহকাৰী প্ৰবন্ধক পুতুল শৰ্মা, উপ হস্ততাঁত বিষয়া কিৰণ বৰুৱা আৰু জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা আত্মসহায়ক গোট, সমন্বিত হস্ততাঁত প্ৰকল্প আৰু ব্যক্তিগত শিপিনীসকলে অংশগ্ৰহণ কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...