Thursday, 23 June 2022

*গোলাঘাট জিলাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৯২/২০২২

*গোলাঘাট জিলাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ*
গোলাঘাট, ২৩ জুন : গোলাঘাট জিলাত ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী যেনে প্লেট, কাপ, গিলাছ, চামুচ, প্লাষ্টিকৰ ষ্টিক থকা এয়াৰ বাড, বেলুনত লগোৱা প্লাষ্টিকৰ ষ্টিক, প্লাষ্টিকৰ পতাকা, কেণ্ডি, আইচক্ৰীম আদিৰ ষ্টিক, প্লাষ্টিক ষ্টাৰাৰ্ছ আদিৰ প্ৰস্তুতকৰণ, আমদানি, মজুতকৰণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । গোলাঘাট জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই সমগ্ৰ গোলাঘাট জিলাতে অহা পহিলা জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰিছে । সেই অনুসৰি সৌন্দৰ্যবৰ্ধনৰ বাবে থাৰ্মকল ব্যৱহাৰো নিষিদ্ধ কৰা হৈছে। তদুপৰি মিঠাই, বাকচ, নিমন্ত্ৰণী পত্ৰ আৰু চিগাৰেটৰ পেকেটৰ ওপৰত ফিল্ম মেৰিওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । লগতে ১০০ মাইক্রণতকৈ কম ঘনত্বৰ প্লাষ্টিক বা পি ভি চি বেনাৰো নিষিদ্ধ কৰা হৈছে । এই নিষেধাজ্ঞা অমান্য কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

Wednesday, 22 June 2022

গোলাঘাটৰ ২নং বেঙেনাখোৱা এলপি স্কুলত অঘটন

 গোলাঘাট ২২ জুন, ২০২২ঃ গোলাঘাটৰ ২নং বেঙেনাখোৱা এলপি স্কুলত অঘটন ৷ দুপৰীয়া আহাৰ গ্ৰহণৰ পিছত খাদ্যত পাৰ্শ্বক্ৰিয়াৰ হয়  ছাত্ৰছাত্ৰীৰ ৷

৯ গৰাকী ছাত্ৰছাত্ৰী আক্ৰান্ত ৷ অসহ্যকৰ পেটৰ বিষত ভোগা ৯ গৰাকী ছাত্ৰছাত্ৰীক  ভৰ্ত্তি কৰোৱা হৈছে গোলাঘাট ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়ত ৷

আক্ৰান্ত কেওগৰাকী বৰ্তমান বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে ৷


গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা প্ৰতিবেদন NORTHEAST NEWS INDIA


*বানাক্ৰান্ত ৰাইজৰ বাবে প্ৰয়োজনীয় সাহায্য ব্যৱস্থাপনাত হেমাহি নকৰিবলৈ বিষয়াসকলক নিৰ্দেশ কৃষি মন্ত্ৰীৰ*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৯১/২০২২

*বানাক্ৰান্ত ৰাইজৰ বাবে প্ৰয়োজনীয় সাহায্য ব্যৱস্থাপনাত হেমাহি নকৰিবলৈ বিষয়াসকলক নিৰ্দেশ কৃষি মন্ত্ৰীৰ*

গোলাঘাট, ২২ জুন : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, দেৰগাঁও আৰু খুমটাই সমষ্টিৰ বিধায়কৰ প্ৰতিনিধিৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়াই অংশ লয় । মন্ত্ৰী শ্ৰী বৰাই বৈঠকত জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানপীড়িত ৰাইজৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা উদ্ধাৰ তথা সাহায্য অভিযানৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে। জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত যিকোনো সময়তে বতৰ সলনি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে প্ৰতিটো বিভাগক সষ্টম হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ কয় যে বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে লগে যাতে ৰাইজে সাহায্য সামগ্ৰী পায় সেয়া প্ৰশাসনে সুনিশ্চিত কৰিব লাগিব । বানাক্ৰান্ত ৰাইজৰ সকাহৰ উদ্দেশ্যে ল'বলগীয়া প্ৰয়োজনীয় সাহায্য ব্যৱস্থাপনাত যাতে কোনেও হেমাহি নকৰে, তাৰ বাবে বিষয়াসকলক তেওঁ সজাগ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। লগতে জিলাখনৰ দুৰ্বল মথাউৰিসমূহৰ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ বাবে বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।  তেওঁ পশুধনৰ সুৰক্ষাৰ দিশটোত গুৰুত্ব আৰোপ কৰি বানপানীৰ পিছতো পোহনীয়া জীৱ-জন্তুৰ যাতে স্বাস্থ্যৰ যত্ন লোৱা হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত অংশ লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে বানপানীৰ সময়ত ৰাইজৰ বাবে বিশুদ্ধ পানী যোগান ধৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এইক্ষেত্ৰত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পেকেজড খোৱাপানী যোগান ধৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক তেওঁ নিৰ্দেশ দিয়ে । তেওঁ বানপানীৰ সময়ত প্ৰতিটো বিভাগক সজাগ হৈ থাকিবলৈ আহ্বান জনায় । বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

বানপানী কবলত পৰা পৰিয়াল সমূহক আশ্ৰয় শিবিৰত খবৰ লৈ লঘু আহাৰৰ যোগান

নগাঁও ২২ জুন, ২০২২ঃ ননৈ বৃহত্তৰ অঞ্চলৰ কুমাৰ গাঁও পানী গাঁও বিহৰি গোবৰ গাঁও কে আদি কৰি ন ন অঞ্চলত বানপানী ৰ কবলত পৰিছে । বিশিষ্ট সমাজ সেৱক তথা মা আৰু প্ৰকৃতি ৰ নগাঁও জিলা শাখাৰ মুখ্য তথা কেন্দ্রীয় কমিটিৰ মুখ্য সাংগাঠনিক সম্পাদক শ্রী যুত কেশৱ বৰা ই বানপানী কবলত পৰা পৰিয়াল সমূহক আশ্ৰয় শিবিৰত খবৰ লৈ লঘু আহাৰৰ যোগান ধৰিছে ।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...