জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৯১/২০২২
*বানাক্ৰান্ত ৰাইজৰ বাবে প্ৰয়োজনীয় সাহায্য ব্যৱস্থাপনাত হেমাহি নকৰিবলৈ বিষয়াসকলক নিৰ্দেশ কৃষি মন্ত্ৰীৰ*
গোলাঘাট, ২২ জুন : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, দেৰগাঁও আৰু খুমটাই সমষ্টিৰ বিধায়কৰ প্ৰতিনিধিৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়াই অংশ লয় । মন্ত্ৰী শ্ৰী বৰাই বৈঠকত জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানপীড়িত ৰাইজৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা উদ্ধাৰ তথা সাহায্য অভিযানৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে। জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত যিকোনো সময়তে বতৰ সলনি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে প্ৰতিটো বিভাগক সষ্টম হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ কয় যে বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে লগে যাতে ৰাইজে সাহায্য সামগ্ৰী পায় সেয়া প্ৰশাসনে সুনিশ্চিত কৰিব লাগিব । বানাক্ৰান্ত ৰাইজৰ সকাহৰ উদ্দেশ্যে ল'বলগীয়া প্ৰয়োজনীয় সাহায্য ব্যৱস্থাপনাত যাতে কোনেও হেমাহি নকৰে, তাৰ বাবে বিষয়াসকলক তেওঁ সজাগ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। লগতে জিলাখনৰ দুৰ্বল মথাউৰিসমূহৰ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ বাবে বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। তেওঁ পশুধনৰ সুৰক্ষাৰ দিশটোত গুৰুত্ব আৰোপ কৰি বানপানীৰ পিছতো পোহনীয়া জীৱ-জন্তুৰ যাতে স্বাস্থ্যৰ যত্ন লোৱা হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত অংশ লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে বানপানীৰ সময়ত ৰাইজৰ বাবে বিশুদ্ধ পানী যোগান ধৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এইক্ষেত্ৰত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পেকেজড খোৱাপানী যোগান ধৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক তেওঁ নিৰ্দেশ দিয়ে । তেওঁ বানপানীৰ সময়ত প্ৰতিটো বিভাগক সজাগ হৈ থাকিবলৈ আহ্বান জনায় । বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India