ৰাষ্ট্ৰীয় ডেংগু দিৱস, ২০২২
উপলক্ষে আজি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত এই দিৱসৰ উদ্ধোধনী অনুষ্ঠান আয়োজিত কৰা হয়।
এই অনুষ্ঠানত জিলা মেলেৰিয়া বিষয়া এ আদৰণি ভাষণ আগবঢ়াই। শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড' সুৰেন্দ্ৰ নাথ তামূলী এ বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে।
জিলা মেলেৰি়য়া বিষয়ায়ে সভাৰ উদেশ্য ব্যাখ্যা কৰি ডেংগু দিৱসৰ লগত সংগতি ৰাখি জিলা খনত পৰিকল্পনা কৰা বিভিন্ন কাৰ্যসূচীৰ বৰ্ণনা আগবঢ়াই।
সভাত উপস্থিত ড' ৰবীন তামূলী এ ডেংগুৰ লগত জৰিত চিকিৎসা ব্যবস্থাৰ বিষয়ে বিবৰণ দিয়ে।
ডেংগু ৰোগ কেনেকৈ চিনাক্তকৰণ কৰে এই বিষয়ত ড' ৰূপক বৰা এ আলোচনা কৰে।
সভাত জ্যেষ্ঠ চিকিৎসক ড' অনন্ত বৰুৱা আৰু ড' সুনিতা এককায়ে নিজৰ মত আগবঢ়াই ডেংগু ৰোগৰ প্ৰতি সজাগ আৰু সতৰ্ক হয় থকাক গুৰুত্ব দিয়ে । Epidemiologist ড০ প্ৰণৱ গগৈয়ে ডেংগু ৰোগৰ উপৰত উপস্থিত ৰাইজক অৱগত কৰায় আৰু যথাসময়ত চিকিৎসকৰ কাষ চাপিবলৈ আহ্বান কৰে ।
Madhob Gogoi
NORTHEAST NEWS INDIA