Friday, 8 April 2022

*গোলাঘাটত সখী স্বেচ্ছাসেৱীসকলৰ তিনিদিনীয়া প্ৰশিক্ষণৰ সামৰণি**গাঁৱত হোৱা দুৰ্যোগত গাঁৱৰ মহিলাই ল'ব স্বেচ্ছাসেৱীৰ ভূমিকা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬০

*গোলাঘাটত সখী স্বেচ্ছাসেৱীসকলৰ তিনিদিনীয়া প্ৰশিক্ষণৰ সামৰণি*

*গাঁৱত হোৱা দুৰ্যোগত গাঁৱৰ মহিলাই ল'ব স্বেচ্ছাসেৱীৰ ভূমিকা*
গোলাঘাট, ৮ এপ্ৰিল : গোলাঘাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু নুমলিগড় শোধনাগাৰ লিমিটেডৰ সহযোগত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত 'সখী' স্বেচ্ছাসেৱীসকলৰ তিনিদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে । আজিৰ সামৰণি অনুষ্ঠানত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই অংশ লৈ 'সখী' স্বেচ্ছাসেৱীসকলক প্ৰশিক্ষণ প্ৰদানৰ এনে কাৰ্যসূচী পৰৱৰ্তী সময়ত জিলাখনৰ অন্যান্য ঠাইতো গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে । তেওঁ কয় যে এই প্ৰশিক্ষণত লাভ কৰা জ্ঞান যে কেৱল দুৰ্যোগৰ সময়ত আনৰ বাবেহে প্ৰয়োজন হ'ব এনে নহয়, বৰং ব্যক্তিগত জীৱনতো এই জ্ঞান প্ৰয়োগ কৰিব পৰা যাব । তেওঁ পৰীক্ষামূলকভাৱে গ্ৰহণ কৰা এই প্ৰকল্প গাঁওসমূহত ৰূপায়ন কৰা হ'ব বুলি উল্লেখ কৰি প্ৰশিক্ষণত ভাগ লোৱা মৰঙীৰ কুৰুকা গাঁৱৰ বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকলৰ শলাগ লয় । তেওঁ কয় যে এই 'সখী' প্ৰকল্প কাৰ্যকৰী হ'লে নিজৰ গাঁৱত হোৱা দুৰ্যোগত গাঁৱৰ মহিলাই স্বেচ্ছাসেৱীৰ ভূমিকা ল'ব পাৰিব । অনুষ্ঠানত অংশ লৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে দুৰ্যোগৰ সময়ত আশ্ৰয় শিবিৰসমূহত স্বাস্থ্যৰক্ষা আৰু অন্যান্য ক্ষেত্ৰত মহিলাৰ বাবে অনুকূল ব্যৱস্থা তথা বাতাবৰণ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত ভাগ লোৱা সখী স্বেচ্ছাসেৱীসকলক জিলা উপায়ুক্ত আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা প্ৰমানপত্ৰ প্ৰদান কৰা হয় । স্বেচ্ছাসেৱীসকলে যিকোনো দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতা আৰু প্ৰাথমিক চিকিৎসা আদিৰ কৌশল প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে তিনিদিনীয়া এই প্ৰশিক্ষণকালত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা অগ্নিকাণ্ডৰ সময়ত ল'বলগীয়া সাৱধানতা, উদ্ধাৰৰ কৌশল আদি দুৰ্যোগ ব্যৱস্থাপনাৰ সাধাৰণ জ্ঞান, স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰাথমিক চিকিৎসা, ক'ভিড পৰিস্থিতিত প্ৰয়োজনীয় সতৰ্কতা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা পৰিষ্কাৰ-পৰিচ্ছনতা আৰু অনাময়, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ দ্বাৰা পোহনীয়া জীৱ-জন্তুৰ চিকিৎসা, চোৱা-চিতা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়াসকলৰ দ্বাৰা এছ ডি আৰ এফৰ বিভিন্ন ব্যৱস্থা, আৰ্থিক সাহায্য আদিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয় । ক্ষেত্ৰ বিষয়া আকাশ শৰ্মাই আঁত ধৰা আজিৰ কাৰ্যসূচীত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, অসামৰিক প্ৰতিৰক্ষাৰ উপ-নিয়ন্ত্ৰক বিকাশ শইকীয়া, ডি ডি এম এৰ জিলা প্ৰকল্প বিষয়া ৰণী ৰাজকুমাৰ আৰু ভালেসংখ্যক লোক উপস্থিত আছিল । উল্লেখযোগ্য যে তিনিদিনীয়া এই প্ৰশিক্ষণকালত জ্যেষ্ঠ চিকিৎসক ডাঃ অনন্ত বৰুৱা, পশু চিকিৎসা বিষয়া ডাঃ যোগেশ্বৰ বড়ি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কণিষ্ঠ অভিযন্তা বিজু হাজৰিকাকে ধৰি কেইবাগৰাকীও প্ৰশিক্ষকে অংশ লয় । 
   
 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাট জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই বজাৰত কোনো কাৰণতে মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দিছে ।

 Date 08/04/2022


গোলাঘাট জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই বজাৰত কোনো কাৰণতে মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দিছে ।


যিহেতু হস্ততাঁত ( উৎপাদিত সামগ্ৰী সংৰক্ষণ ) আইন, ১৯৮৫ ৰ অধীনত গামোচা তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত হাতেবোৱা বস্ত্ৰ বিদ্যুৎচালিত তাঁতশালত উৎপাদন কৰাটো নিষিদ্ধ । এই নিষেধাজ্ঞা পালন নকৰিলে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিছে । উপায়ুক্ত গৰাকীয়ে ইতিমধ্যে এনে ব্যৱসায়ীক ধৰা পেলোৱাৰ বাবে তিনিটা বলৱৎকাৰী বাহিনী ( Enforcement Squad) গঠন কৰি দিছে । মেচিনত প্ৰস্তুত কৰা নিম্নমানৰ গামোচা বৰ্জন কৰি তেওঁ উন্নত মানৰ হাতেবোৱা গামোচা ক্ৰয় কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে । মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী কৰা ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে গঠন কৰা বাহিনীয়ে আজি গোলাঘাট নগৰৰ বিভিন্ন ব্যৱসায় প্রতিষ্ঠানত অভিযান চলায় । গোলাঘাট মহকুমাৰ বাবে সহকাৰী আয়ুক্ত শ্ৰী অম্লান ফুকনৰ নেতৃত্বত ৭ জনীয়া গোট গঠন কৰা হৈছে ।


Madhob Gogoi Report Northeast News India

Notice

Thursday, 7 April 2022

*গোলাঘাটত ছদিনীয়া কাৰ্যসূচীৰে গামোচা মেলা আৰম্ভ**মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে চলিব অভিযান : উপায়ুক্ত*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৯

*গোলাঘাটত ছদিনীয়া কাৰ্যসূচীৰে গামোচা মেলা আৰম্ভ*

*মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে চলিব অভিযান : উপায়ুক্ত*

গোলাঘাট, ৭ এপ্ৰিল : গোলাঘাট জিলাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত বিভাগটোৰ গোলাঘাট নগৰত থকা শিপিনী সম্প্ৰসাৰণ কেন্দ্ৰত আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উপলক্ষে থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত গামোচা মেলা অনুষ্ঠিত হৈছে । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আজি এই মেলাখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । জিলাখনৰ সৰুপথাৰ, দেৰগাঁও, বোকাখাত আদি বিভিন্ন ঠাইৰ পৰা অহা শিপিনীয়ে অংশ লোৱা মেলাখনত গামোচা, মেখেলা-চাদৰ আৰু হাতে বোৱা বিভিন্ন কাপোৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । অনুষ্ঠানত দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে শিপিনীসকলক শুভেচ্ছা জ্ঞাপন কৰি এই মেলা সফল কৰাৰ বাবে ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায় । তেওঁ বজাৰত কোনো কাৰণতে মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে হস্ততাঁত ( উৎপাদিত সামগ্ৰী সংৰক্ষণ ) আইন, ১৯৮৫ ৰ অধীনত গামোচা তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত হাতেবোৱা বস্ত্ৰ বিদ্যুৎচালিত তাঁতশালত উৎপাদন কৰাটো নিষিদ্ধ । এই নিষেধাজ্ঞা পালন নকৰিলে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । স্থানীয় শিপিনীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয় কৰি তেওঁলোকক উৎসাহিত কৰাটো সকলোৰে দায়িত্ব বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে ইতিমধ্যে এনে ব্যৱসায়ীক ধৰা পেলোৱাৰ বাবে তিনিটা বলৱৎকাৰী বাহিনী ( Enforcement Squad) গঠন কৰা হৈছে । আনহাতে মেচিনত প্ৰস্তুত কৰা নিম্নমানৰ গামোচা বৰ্জন কৰি তেওঁ উন্নত মানৰ হাতেবোৱা গামোচা ক্ৰয় কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত গোলাঘাট জিলাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ফকৰুদ্দিন আহমেদে জিলাখনৰ শিপিনীয়ে হাতেবোৱা গামোচা ক্ৰয় কৰি তেওঁলোকক অনুপ্রানিত কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী কৰা ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে গঠন কৰা বাহিনীয়ে অচিৰেই ব্যৱসায় প্রতিষ্ঠানসমূহত অভিযান চলাব । তেওঁ হাতেবোৱা গামোচাৰ সন্মান ৰক্ষা কৰি মেচিনত প্ৰস্তুত কৰা গামোচা বৰ্জন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত ৰেচম বিভাগৰ সহকাৰী সঞ্চালক চন্দন শ্ব'ৰ লগতে বিভাগটোৰ ভালেসংখ্যক কৰ্মচাৰী উপস্থিত আছিল । 
   
 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*দেৰগাঁও পৌৰসভাৰ নৱনিৰ্বাচিত আৰু পদেন সদস্যসকলৰ শপতগ্ৰহণ**বিভিন্ন দলক প্ৰতিনিধিত্ব কৰিও ৰাইজৰ প্ৰতিনিধি হিচাপে সমন্বয়েৰে কাম কৰিলেহে সামগ্ৰিক উন্নয়ন সম্ভৱ : মৃণাল শইকীয়া*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৮

*দেৰগাঁও পৌৰসভাৰ নৱনিৰ্বাচিত আৰু পদেন সদস্যসকলৰ শপতগ্ৰহণ*

*বিভিন্ন দলক প্ৰতিনিধিত্ব কৰিও ৰাইজৰ প্ৰতিনিধি হিচাপে সমন্বয়েৰে কাম কৰিলেহে সামগ্ৰিক উন্নয়ন সম্ভৱ : মৃণাল শইকীয়া*
গোলাঘাট, ৭ এপ্ৰিল : নৱগঠিত দেৰগাঁও পৌৰসভাৰ প্ৰথমখন বৈঠক আজি দেৰগাঁৱৰ লোকনিৰ্মাণ (পথ) বিভাগৰ পৰিদৰ্শন বাংলোৰ সভাকক্ষত অনুষ্ঠিত হয় । বৈঠকত দেৰগাঁও পৌৰসভাৰ পদেন সদস্য আৰু নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলে শপতগ্ৰহন কৰে । সেই অনুসৰি শপতগ্ৰহণ কাৰ্যসূচীৰ অস্থায়ী সভানেত্ৰী হিচাপে বাছনি কৰা ৫ নং ৱাৰ্ডৰ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ মধুমিতা বৰাক দেৰগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া গৌৰিপ্ৰিয়া দেউৰীয়ে শপতবাক্য পাঠ কৰোৱায় । পৰৱৰ্তী সময়ত অস্থায়ী সভানেত্ৰীগৰাকীয়ে দেৰগাঁও পৌৰসভাৰ পদেন সদস্য তথা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলক শপতবাক্য পাঠ কৰোৱায় । আজিৰ সভাতে সৰ্বসন্মতিক্ৰমে ৯ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ৰূপাঞ্জলি বৰাক পৌৰপতি আৰু ৪ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ শুভাংকৰ ঘোষক উপ-পৌৰপতি হিচাপে নিৰ্বাচন কৰা হয় ।
 
শপতগ্ৰহণ কৰি দেৰগাঁও পৌৰসভাৰ পদেন সদস্য মৃণাল শইকীয়াই নিৰ্বাচিত সদস্যসকলক অভিনন্দন জ্ঞাপন কৰি আন্তৰিকতাৰে আৰু কাম কৰাৰ মানসিকতাৰে কৰ্মক্ষেত্ৰত অৱতীৰ্ণ হবলৈ আহ্বান জনায় । তেওঁ কয় যে নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে এজন প্রাৰ্থীয়ে কেৱল দলক প্ৰতিনিধিত্ব কৰে, কিন্তু নিৰ্বাচিত হোৱাৰ পাছত তেওঁ কেৱল দলৰ হৈ নাথাকে, বৰং ৰাইজৰ প্ৰতিনিধি হৈ পৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ লোৱাৰ পাছত যিদৰে দেশৰ ১৩০ কোটি জনসাধাৰণৰ প্ৰতিনিধি হিচাপে ৰাইজৰ সেৱাত ব্ৰতী হৈ পৰিছে তেনেদৰেই প্ৰতিগৰাকী ৱাৰ্ড কমিছনাৰে নিজৰ ৱাৰ্ডটোৰ বাবে সমৰ্পনৰ মনোভাৱেৰে কাম কৰিব লাগিব । বিভিন্ন দলৰ প্ৰতিনিধি হৈয়ো ৰাইজৰ প্ৰতিনিধি হিচাপে সমন্বয়েৰে কাম কৰিলেহে সামগ্ৰিক উন্নয়ন সম্ভৱ বুলি তেওঁ কয় । দেৰগাঁও নগৰখনক জাকত জিলিকা ৰূপত সজাই পৰাই তোলাৰ বাবে তেওঁ সকলোকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰে দিবা-নৈশ কাম কৰাৰ বাবে আহ্বান জনায় । লগতে দেৰগাঁও নগৰক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত সকলোকে সহায়-সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায় । 
 
সভাত পৌৰপতি ৰূপাঞ্জলি বৰাই কয় যে ৰাইজৰ আস্থা লৈ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ । সভাত উপ-পৌৰপতি শুভাংকৰ ঘোষে এগৰাকী জনপ্ৰতিনিধি হিচাপে তেওঁ নিষ্ঠাসহকাৰে কৰ্তব্য পালন কৰি যাব বুলি কয় । অস্থায়ী সভানেত্ৰীৰ আসনৰ পৰা মধুমিতা বৰাই পৌৰসভাৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত দেৰগাঁওবাসীৰ সহায়-সহযোগিতা কামনা কৰে । 

সভাত দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়া চিৰঞ্জীত দাস, ৰাজহ চক্ৰ বিষয়া (স) মনীষ ভঁৰালী,
জিলা প্ৰশাসন তথা পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, বিজেপি আৰু অসম গণ পৰিষদ দলৰ নেতা-কৰ্মী আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...