জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৮
*দেৰগাঁও পৌৰসভাৰ নৱনিৰ্বাচিত আৰু পদেন সদস্যসকলৰ শপতগ্ৰহণ*
*বিভিন্ন দলক প্ৰতিনিধিত্ব কৰিও ৰাইজৰ প্ৰতিনিধি হিচাপে সমন্বয়েৰে কাম কৰিলেহে সামগ্ৰিক উন্নয়ন সম্ভৱ : মৃণাল শইকীয়া*
গোলাঘাট, ৭ এপ্ৰিল : নৱগঠিত দেৰগাঁও পৌৰসভাৰ প্ৰথমখন বৈঠক আজি দেৰগাঁৱৰ লোকনিৰ্মাণ (পথ) বিভাগৰ পৰিদৰ্শন বাংলোৰ সভাকক্ষত অনুষ্ঠিত হয় । বৈঠকত দেৰগাঁও পৌৰসভাৰ পদেন সদস্য আৰু নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলে শপতগ্ৰহন কৰে । সেই অনুসৰি শপতগ্ৰহণ কাৰ্যসূচীৰ অস্থায়ী সভানেত্ৰী হিচাপে বাছনি কৰা ৫ নং ৱাৰ্ডৰ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ মধুমিতা বৰাক দেৰগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া গৌৰিপ্ৰিয়া দেউৰীয়ে শপতবাক্য পাঠ কৰোৱায় । পৰৱৰ্তী সময়ত অস্থায়ী সভানেত্ৰীগৰাকীয়ে দেৰগাঁও পৌৰসভাৰ পদেন সদস্য তথা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলক শপতবাক্য পাঠ কৰোৱায় । আজিৰ সভাতে সৰ্বসন্মতিক্ৰমে ৯ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ৰূপাঞ্জলি বৰাক পৌৰপতি আৰু ৪ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ শুভাংকৰ ঘোষক উপ-পৌৰপতি হিচাপে নিৰ্বাচন কৰা হয় ।
শপতগ্ৰহণ কৰি দেৰগাঁও পৌৰসভাৰ পদেন সদস্য মৃণাল শইকীয়াই নিৰ্বাচিত সদস্যসকলক অভিনন্দন জ্ঞাপন কৰি আন্তৰিকতাৰে আৰু কাম কৰাৰ মানসিকতাৰে কৰ্মক্ষেত্ৰত অৱতীৰ্ণ হবলৈ আহ্বান জনায় । তেওঁ কয় যে নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে এজন প্রাৰ্থীয়ে কেৱল দলক প্ৰতিনিধিত্ব কৰে, কিন্তু নিৰ্বাচিত হোৱাৰ পাছত তেওঁ কেৱল দলৰ হৈ নাথাকে, বৰং ৰাইজৰ প্ৰতিনিধি হৈ পৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ লোৱাৰ পাছত যিদৰে দেশৰ ১৩০ কোটি জনসাধাৰণৰ প্ৰতিনিধি হিচাপে ৰাইজৰ সেৱাত ব্ৰতী হৈ পৰিছে তেনেদৰেই প্ৰতিগৰাকী ৱাৰ্ড কমিছনাৰে নিজৰ ৱাৰ্ডটোৰ বাবে সমৰ্পনৰ মনোভাৱেৰে কাম কৰিব লাগিব । বিভিন্ন দলৰ প্ৰতিনিধি হৈয়ো ৰাইজৰ প্ৰতিনিধি হিচাপে সমন্বয়েৰে কাম কৰিলেহে সামগ্ৰিক উন্নয়ন সম্ভৱ বুলি তেওঁ কয় । দেৰগাঁও নগৰখনক জাকত জিলিকা ৰূপত সজাই পৰাই তোলাৰ বাবে তেওঁ সকলোকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰে দিবা-নৈশ কাম কৰাৰ বাবে আহ্বান জনায় । লগতে দেৰগাঁও নগৰক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত সকলোকে সহায়-সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায় ।
সভাত পৌৰপতি ৰূপাঞ্জলি বৰাই কয় যে ৰাইজৰ আস্থা লৈ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ । সভাত উপ-পৌৰপতি শুভাংকৰ ঘোষে এগৰাকী জনপ্ৰতিনিধি হিচাপে তেওঁ নিষ্ঠাসহকাৰে কৰ্তব্য পালন কৰি যাব বুলি কয় । অস্থায়ী সভানেত্ৰীৰ আসনৰ পৰা মধুমিতা বৰাই পৌৰসভাৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত দেৰগাঁওবাসীৰ সহায়-সহযোগিতা কামনা কৰে ।
সভাত দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়া চিৰঞ্জীত দাস, ৰাজহ চক্ৰ বিষয়া (স) মনীষ ভঁৰালী,
জিলা প্ৰশাসন তথা পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, বিজেপি আৰু অসম গণ পৰিষদ দলৰ নেতা-কৰ্মী আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India