জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৭
*নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠকত নিৰ্বাচিত আৰু পদেন সদস্যসকলৰ শপতগ্ৰহণ*
*ক'ভিড মহামাৰীৰ ভয়াৱহতাৰ পাছত এতিয়া বিশাল কৰ্মযজ্ঞ আৰম্ভ কৰাৰ সময় : অজন্তা নেওগ*
*চৰকাৰৰ তিনিখলপীয়া ব্যৱস্থাৰ প্ৰতিটো শাখাই সমন্বয়েৰে কাম কৰিলেহে প্ৰগতি সম্ভৱ : নেওগ*
গোলাঘাট, ৫ এপ্ৰিল : নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠক আজি পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । বৈঠকত গোলাঘাট পৌৰসভাৰ পদেন সদস্য আৰু নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলে শপতগ্ৰহন কৰে । সেই অনুসৰি শপতগ্ৰহণ কাৰ্যসূচীৰ অস্থায়ী সভাপতি হিচাপে বাছনি কৰা ৬ নং ৱাৰ্ডৰ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ প্ৰণৱজ্যোতি চলিহাক জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীয়ে শপতবাক্য পাঠ কৰোৱায় । পৰৱৰ্তী সময়ত অস্থায়ী সভাপতিগৰাকীয়ে গোলাঘাট পৌৰসভাৰ পদেন সদস্য, গোলাঘাট সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ আৰু নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলক শপতবাক্য পাঠ কৰোৱায় । আজিৰ সভাতে সৰ্বসন্মতিক্ৰমে ১১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ দুলুমনি বৰবৰাক পৌৰপতি আৰু ৯ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ সীমান্ত বৰাক উপ-পৌৰপতি হিচাপে নিৰ্বাচন কৰা হয় ।
শপতগ্ৰহণ কৰি গোলাঘাট পৌৰসভাৰ পদেন সদস্য তথা মন্ত্ৰী অজন্তা নেওগে প্ৰথমেই পৌৰসভাৰ নৱনিৰ্বাচিত সদস্যসকলক অভিনন্দন জ্ঞাপন কৰি ৰাইজৰ আশীৰ্বাদ আৰু আস্থা শিৰত লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় । তেওঁ কয় যে গোলাঘাট পৌৰসভা গোলাঘাট জিলাৰ দাপোনস্বৰূপ । শতবৰ্ষ গৰকা এনে এটা ঐতিহ্যমণ্ডিত অনুষ্ঠান পূৰ্বে অৰাজনৈতিকভাৱে পৰিচালিত হৈছিল । কিন্তু সংবিধানৰ ৭৪ সংখ্যক সংশোধনীৰ পৰাই পৌৰনিকায়সমূহে সাংবিধানিক মৰ্যাদা লাভ কৰিলে আৰু স্থানীয় স্ব-শাসন ব্যৱস্থাৰ আধাৰত পুঁজিৰ ব্যৱস্থা, কৰ-কাটল সংগ্ৰহ, প্ৰতি ৫ বছৰৰ মূৰে মূৰে নিৰ্বাচন, মহিলা আৰু অনুসূচীত জাতি-জনজাতিৰ বাবে সংৰক্ষণ আদিৰ ব্যৱস্থা কৰা হ'ল । তেওঁ কয় যে সংসদ, বিধানসভা আৰু পৌৰসভা এই তিনিখলপীয়া ব্যৱস্থাৰ প্ৰতিটো শাখাই সমন্বয়েৰে কাম কৰিলেহে সামগ্ৰিক প্ৰগতি সম্ভৱ । ক'ভিড মহামাৰীৰ ভয়াৱহতাৰ পাছত এতিয়া আগলৈ চোৱাৰ সময় বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি আগবাঢ়িব । তেওঁ এতিয়া বিশাল কৰ্মযজ্ঞ আৰম্ভ কৰাৰ সময় বুলি মত প্ৰকাশ কৰে । তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে যোৱা ৯ মাহত ২৪ ঘণ্টাই ৰাইজৰ সেৱা তথা প্ৰত্যেকজন দৰিদ্ৰ মানুহৰ কাষলৈ যোৱাৰ প্ৰয়াস কৰিছে । এইক্ষেত্ৰত গোলাঘাট পৌৰসভাৰ সদস্যসকলেও অনুৰূপ ধৰণে ৰাইজৰ সেৱাত আত্মনিয়োগ কৰি পৌৰসভাখনক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব লাগিব বুলি তেওঁ কয় । যোৱা ৯ মাহত গোলাঘাট পৌৰসভাই বিভিন্ন শিতানত প্ৰায় ১০০ কোটি টকা লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ নিৰ্বাচিত সদস্যসকলক একোগৰাকী সৈনিক হিচাপে অৱতীৰ্ণ হৈ পুঁজিৰ সদব্যৱহাৰ কৰি নিখুঁতভাৱে কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ লগতে কয় যে টাটা ট্ৰাষ্টে গোলাঘাটত এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰাই গোলাঘাটৰ চেলেঙিত প্ৰস্তাৱিত কৰ্কট ৰোগৰ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে গোলাঘাটৰ সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবেও ইতিমধ্যে পুঁজি অনুমোদন হৈছে । তেওঁ চাফাইকৰ্মীসকলক উচ্চ প্ৰশংসা কৰি ৰাইজকো পৰিষ্কাৰ পৰিচ্ছনতাৰ দিশত সহযোগ কৰিবলৈ আহ্বান জনায় । লগতে ৱাৰ্ড কমিছনাৰসকলক ৱাৰ্ড সমিতি গঠন কৰি ৰাইজৰ সহযোগত সমস্যা সমাধানৰ পথ উলিয়াবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ গোলাঘাট পৌৰসভাই এমাহত ১.৩০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা বিষয়টোৰ প্ৰশংসা কৰাৰ লগতে পাৰ্ক আৰু বাট-পথসমূহ পৰিষ্কাৰ আৰু সূচল কৰি ৰখাৰ ক্ষেত্ৰত পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, নিৰ্বাচিত সদস্য আৰু ৰাইজৰ সহযোগিতা কামনা কৰে ।
সভাত পৌৰপতি দুলুমণি বৰবৰাই ৰাইজৰ আস্থা লৈ নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি যাম বুলি মন্তব্য কৰে । সভাত উপ-পৌৰপতি সীমান্ত বৰাই গোলাঘাট নগৰখনক অহা তিনি বছৰৰ ভিতৰত নতুন ৰূপ দিয়াৰ লক্ষ্যৰে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কয় ।
সভাত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু জিলা প্ৰশাসন তথা পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, বিজেপি আৰু অসম গণ পৰিষদ দলৰ জিলা পৰ্যায়ৰ নেতা-কৰ্মী আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA