Tuesday, 15 February 2022

*গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ নিৰ্বাচন নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ উপায়ুক্তৰ**নিৰ্বাচনী আচৰণবিধি উলংঘনৰ তথ্য পালে প্ৰশাসনক অৱগত কৰকঃ সংবাদমেলত উপায়ুক্ত*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৫

*গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ নিৰ্বাচন নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ উপায়ুক্তৰ*

*নিৰ্বাচনী আচৰণবিধি উলংঘনৰ তথ্য পালে প্ৰশাসনক অৱগত কৰকঃ সংবাদমেলত উপায়ুক্ত*

গোলাঘাট, ১৫ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত গোলাঘাট মহকুমাৰ অন্তৰ্গত গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ বাবে হ'বলগীয়া নিৰ্বাচন সন্দৰ্ভত আজি গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই এখন সংবাদমেল সম্বোধন কৰে । উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত উপায়ুক্তগৰাকীয়ে নিৰ্বাচন নিকা আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । নিৰ্বাচন স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেওঁ নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । বিশেষকৈ নিৰ্বাচনী প্ৰক্ৰিয়াটো যাতে নিকাভাৱে সম্পন্ন কৰিব পৰা যায় সেয়া সুনিশ্চিত কৰিব পৰাকৈ কোনো দল বা প্ৰাৰ্থীয়ে অবৈধভাৱে ধনৰ লেনদেন কৰাৰ তথ্য পালে অথবা ভোটদাতাক প্ৰলোভিত কৰাৰ চেষ্টা কৰিলে নিৰ্বাচনী বিষয়া অথবা প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে ভোটদাতাসকলকো কোনো প্ৰলোভনত ভোল নগৈ বিবেকেৰে ভোট দিবলৈ আহ্বান জনায় । তেওঁ কয় যে গোলাঘাট পৌৰ সভাত এজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৩৬,৪০০ টকাহে প্ৰচাৰৰ নামত ব্যয় কৰিব পাৰিব । আনহাতে দেৰগাঁও পৌৰসভাত এই সীমা ৩১,২০০ টকা । 

উপায়ুক্তগৰাকীয়ে কয় যে অহা ১৭ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ২০ ফেব্ৰুৱাৰী । ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহন কৰা হ'ব আৰু ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । এইবাৰ পৌৰসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বেলট কাকতৰ পৰিৱর্তে ই ভি এমযোগে ভোটগ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ ই ভি এমসমূহ গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত ৰখা হ'ব । ভোটগণনাও বিদ্যালয়খনতে কৰা হ'ব । তেওঁ কয় যে সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াটোত মুঠ ২৯৬গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়া নিয়োগ কৰা হ'ব । ইয়াৰে ৫২ জন বিষয়া সংৰক্ষিত হিচাপে ৰখা হ'ব । ভোটগ্ৰহন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰো সহায়-সহযোগিতা কামনা কৰে ।  

উপায়ুক্তগৰাকীয়ে প্ৰসংগক্ৰমে ভাৰতীয় নিৰ্বাচন আয়োগে ভোটদাতাসকলক সজাগ কৰাৰ বাবে আৰম্ভ কৰা "মোৰ ভোট মোৰ ভৱিষ্যৎ-এটা ভোটৰ শক্তি" শীৰ্ষক প্ৰতিযোগিতাৰ বিষয়ে অৱগত কৰে । তেওঁ কয় যে নিৰ্বাচন আয়োগৰ ৱেবচাইটত এই বিষয়ে সবিশেষ তথ্য লাভ কৰিব পাৰিব । ৫ টা শাখাত অনুষ্ঠিত কুইজ, শ্লোগান, গীত, ভিডিঅ' মেকিং আৰু পোষ্টাৰ ডিজাইন প্ৰতিযোগিতাত ভাগ লৈ নগদ ধনৰ পুৰস্কাৰ লাভ কৰিব পাৰিব বুলিও তেওঁ কয় । 

উল্লেখযোগ্য যে গোলাঘাট মহকুমাৰ দুয়োখন পৌৰসভাৰ বাবে মুঠ ৬১ টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে গোলাঘাট পৌৰসভাত ৩৯টা আৰু দেৰগাঁও পৌৰসভাত ২২টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । গোলাঘাট পৌৰসভাত ছটা ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত । ৱাৰ্ডকেইটা হৈছে ১, ২, ৩, ৫, ১২ আৰু ১৩ নং ৱাৰ্ড । আনহাতে দেৰগাঁও পৌৰসভাৰ ৩, ৫, ৬, ৭ আৰু ৯ নং ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত আৰু ৮ নং ৱাৰ্ডটো অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত । 

গোলাঘাট পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ৩২,৬৫৫জন । ইয়াৰে ১৬,১৩৮ জন পুৰুষ আৰু ১৬,৫১৭ গৰাকী মহিলা । আনহাতে দেৰগাঁও পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ১৯০৮৩ জন । ইয়াৰে ৯৭১৬ জন পুৰুষ আৰু ৯৩৬৭ গৰাকী মহিলা ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*পৌৰসভা নিৰ্বাচনৰ বাবে গোলাঘাটত উপস্থিত সাধাৰণ পৰ্যবেক্ষক*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৪

*পৌৰসভা নিৰ্বাচনৰ বাবে গোলাঘাটত উপস্থিত সাধাৰণ পৰ্যবেক্ষক*

গোলাঘাট, ১৫ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত হ'বলগীয়া গোলাঘাট মহকুমাৰ অন্তৰ্গত গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩ টা ৱাৰ্ডৰ নিৰ্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নগাঁও জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অৰূপ কুমাৰ শৰ্মা(অ.অ.সে.)ক সাধাৰণ পৰ্যবেক্ষক (General Observer) হিচাপে নিয়োগ কৰিছে । কালি আহি গোলাঘাটত উপস্থিত হোৱা নিৰ্বাচনী পৰ্যবেক্ষকগৰাকী বৰ্তমান গোলাঘাট নগৰৰ আৱৰ্ত ভৱনত আছে । পৰ্যবেক্ষকগৰাকীয়ে ৰাইজলৈ গোহাৰি জনাই কয় যে  নিৰ্বাচন সংক্ৰান্তীয় কোনো ওজৰ-আপত্তি থাকিলে তেওঁক পোনপটীয়াকৈ ৯৪৩৫৫-১৮০৯৯ দূৰভাষ নম্বৰত ফোন কৰি জনাব পাৰিব । শ্ৰী শৰ্মাই নিৰ্বাচনত ভোটদাতাসকলক কোনো প্ৰলোভনত নপৰি নিজৰ বিবেকেৰে বিচাৰ-বিবেচনা কৰি ভোট দিবলৈ আহ্বান জনায় । তেওঁ নিৰ্বাচন নিকা আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

Monday, 14 February 2022

এখন জিলা, ৰাজ্য , দেশ, সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন হবলৈ হলে, সকলো মানৱ জাতি নিজৰ নিজৰ চিন্তা ধাৰাক সুন্দৰ কৰিব লাগিব।যেতিয়া লৈকে লোভ, মোহ, কাম, ক্ৰধ, ত্যাগ নকৰে। তেতিয়ালৈকে ৰাজ্য, বা দেশৰ কেতিয়াও মঙ্গল, উন্নয়ন হব নোৱাৰে।। সেৱাৰে*মাধৱ গগৈ**মা আৰু প্ৰকৃতি* *প্ৰতিষ্ঠাপক*Email- mother.and.nature2021@gmail.com

এখন জিলা, ৰাজ্য , দেশ, সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন হবলৈ হলে, সকলো মানৱ জাতি নিজৰ নিজৰ চিন্তা ধাৰাক সুন্দৰ কৰিব লাগিব।

যেতিয়া লৈকে  লোভ, মোহ, কাম, ক্ৰধ, ত্যাগ নকৰে। তেতিয়ালৈকে ৰাজ্য, বা দেশৰ কেতিয়াও মঙ্গল, উন্নয়ন হব নোৱাৰে।। 

সেৱাৰে

*মাধৱ গগৈ*
*মা আৰু প্ৰকৃতি*
  *প্ৰতিষ্ঠাপক*
Email- mother.and.nature2021@gmail.com

Assam COVID-19🦠😷 Details 14/02/2022.

Assam COVID-19🦠😷 Details
 14/02/2022.

*গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৩ 

*গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন*

গোলাঘাট, ১৪ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত হ'বলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে গোলাঘাট মহকুমাৰ গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । *আজিৰ দিনটোলৈকে দুয়োখন পৌৰসভাত বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মুঠ ৮৮ খন মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে । ইয়াৰে গোলাঘাট পৌৰসভাত বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৪২ খন আৰু দেৰগাঁও পৌৰসভাত ৪৬ খন মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে ।*

অহা ১৭ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ২০ ফেব্ৰুৱাৰী । ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহন কৰা হ'ব আৰু ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । 

ভোটগ্ৰহন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে । গোলাঘাট মহকুমাৰ দুয়োখন পৌৰসভাৰ বাবে মুঠ ৬১ টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে গোলাঘাট পৌৰসভাত ৩৯টা আৰু দেৰগাঁও পৌৰসভাত ২২টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । গোলাঘাট পৌৰসভাত ছটা ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত । ৱাৰ্ডকেইটা হৈছে ১, ২, ৩, ৫, ১২ আৰু ১৩ নং ৱাৰ্ড । আনহাতে দেৰগাঁও পৌৰসভাৰ ৩, ৫, ৬, ৭ আৰু ৯ নং ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত আৰু ৮ নং ৱাৰ্ডটো অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত । 

গোলাঘাট মহকুমাৰ দুয়োখন পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ৫১,৭৩৮ জন । ইয়াৰে ২৫,৮৫৪ জন পুৰুষ আৰু ২৫,৮৮৪গৰাকী মহিলা ভোটদাতা । 

গোলাঘাট পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ৩২,৬৫৫জন । ইয়াৰে ১৬,১৩৮ জন পুৰুষ আৰু ১৬,৫১৭ গৰাকী মহিলা । আনহাতে দেৰগাঁও পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ১৯০৮৩ জন । ইয়াৰে ৯৭১৬ জন পুৰুষ আৰু ৯৩৬৭ গৰাকী মহিলা ।

উল্লেখযোগ্য যে এইবাৰ পৌৰসভাৰ নিৰ্বাচনত বেলট কাকতৰ পৰিৱর্তে ই ভি এমযোগে ভোটগ্ৰহণ কৰা হ'ব । যোৱা ৯ ফেব্ৰুৱাৰীত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যখনৰ ৮০ খন পৌৰসভাৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি কৰে । সেই অনুসৰি গোলাঘাট জিলাৰ গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ লগতে ধনশিৰি মহকুমাৰ বৰপথাৰ আৰু সৰুপথাৰ পৌৰসভা আৰু বোকাখাত মহকুমাৰ বোকাখাত পৌৰসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...