জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৪
*পৌৰসভা নিৰ্বাচনৰ বাবে গোলাঘাটত উপস্থিত সাধাৰণ পৰ্যবেক্ষক*
গোলাঘাট, ১৫ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত হ'বলগীয়া গোলাঘাট মহকুমাৰ অন্তৰ্গত গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩ টা ৱাৰ্ডৰ নিৰ্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নগাঁও জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অৰূপ কুমাৰ শৰ্মা(অ.অ.সে.)ক সাধাৰণ পৰ্যবেক্ষক (General Observer) হিচাপে নিয়োগ কৰিছে । কালি আহি গোলাঘাটত উপস্থিত হোৱা নিৰ্বাচনী পৰ্যবেক্ষকগৰাকী বৰ্তমান গোলাঘাট নগৰৰ আৱৰ্ত ভৱনত আছে । পৰ্যবেক্ষকগৰাকীয়ে ৰাইজলৈ গোহাৰি জনাই কয় যে নিৰ্বাচন সংক্ৰান্তীয় কোনো ওজৰ-আপত্তি থাকিলে তেওঁক পোনপটীয়াকৈ ৯৪৩৫৫-১৮০৯৯ দূৰভাষ নম্বৰত ফোন কৰি জনাব পাৰিব । শ্ৰী শৰ্মাই নিৰ্বাচনত ভোটদাতাসকলক কোনো প্ৰলোভনত নপৰি নিজৰ বিবেকেৰে বিচাৰ-বিবেচনা কৰি ভোট দিবলৈ আহ্বান জনায় । তেওঁ নিৰ্বাচন নিকা আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India