Friday, 21 January 2022
Thursday, 20 January 2022
*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ পাঁচোটা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩৭
*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ পাঁচোটা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন*
গোলাঘাট, ২০ জানুৱাৰীঃ ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ ৫ টা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি শান্তিপূৰ্ণভাৱে সম্পন্ন হয় । গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টি আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ বাবে মুঠ ৪৯টা ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটগ্ৰহণ কৰা হয় । ভোটগ্ৰহণৰ অন্ত পৰালৈকে লাভ কৰা তথ্য মতে গোলাঘাট মহকুমাৰ ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত ৫৮.৬৬  শতাংশ, মহিলাৰ বাবে সংৰক্ষিত ১৩ নং কাছমাৰী সমষ্টিত ৭৫.৫৭ শতাংশ, ১৪ নং চাউদাং পথাৰ সমষ্টিত ৭৭.৪৩ শতাংশ আৰু ১৫ নং চাউদাং পথাৰ দৈয়াং সমষ্টিত ৭৭.৩৭ শতাংশ ভোটদান হয় । 
আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিত ৭৭.৭১ শতাংশ ভোটদান হয় । 
গোলাঘাট মহকুমাৰ চাৰিওটা সমষ্টিৰ বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত ৰখা হ'ব । কোনো কেন্দ্ৰত প্ৰয়োজন হ'লে ২২ জানুৱাৰীত পুনৰ ভোটগ্ৰহণ কৰা হ'ব । ২৪ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । 
উল্লেখযোগ্য যে জিলাখনৰ পাঁচটা সমষ্টিত মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
গোলাঘাট মহকুমাৰ আটাইকেইটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২০,৭৪৯ জন । ইয়াৰে ১০,৫৭৬জন পুৰুষ আৰু ১০,১৭৩গৰাকী মহিলা ভোটদাতা । 
আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৩১৪১জন । ইয়াৰে ১৭২০ জন পুৰুষ আৰু ১৪২১ গৰাকী মহিলা ভোটদাতা ।
 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Wednesday, 19 January 2022
*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনঃ ড্ৰাই ডে' ঘোষণা*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩৬
*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনঃ ড্ৰাই ডে' ঘোষণা*
গোলাঘাট, ১৯ জানুৱাৰী : কাইলৈ হ'বলগীয়া ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিকেইটাৰ অধীনৰ এলেকাসমূহত ১৯ আৰু ২০ জানুৱাৰীৰ দিন দুটাৰ লগতে ২৪ জানুৱাৰী ভোটগণনাৰ দিনা ভোটগণনা প্ৰক্ৰিয়া শেষ নোহোৱালৈকে সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰা হৈছে । জিলা উপায়ুক্তই জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনাত কোৱা হৈছে যে উল্লিখিত দিনকেইটাত ভোটগ্ৰহণ হ'বলগীয়া মেৰাপানী, গমাৰি, বিষ্ণুপুৰ, কানাইঘাট আদি ঠাইৰ লগতে সৰুপথাৰ চক্ৰৰ অধীনৰ অঞ্চলসমূহত সুৰাৰ বিক্ৰী, মজুতকৰণ আৰু ক্ৰয় নিষিদ্ধ থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন/বিধি আৰু জন প্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫ (চি) ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । 
 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Comments (Atom)
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
- 
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
 - 
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
 - 
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...