Monday, 3 January 2022

*গোলাঘাটত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে**গোলাঘাট জিলাৰ প্ৰায় ৭০ হাজাৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক দিয়া হ'ব প্ৰতিষেধক*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২২৯

*গোলাঘাটত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে*

*গোলাঘাট জিলাৰ প্ৰায় ৭০ হাজাৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক দিয়া হ'ব প্ৰতিষেধক*

গোলাঘাট, ৩ জানুৱাৰীঃ গোলাঘাট জিলাতো আজিৰে পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছে । বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট নগৰৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত এই অভিযানৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰে পৰা ৯ জানুৱাৰীলৈ জিলাখনৰ মুঠ ৪০ হাজাৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে । পৰৱৰ্তী সময়ত ব্যক্তিগত শিক্ষানুষ্ঠানকে ধৰি জিলাখনৰ প্ৰায় ৭০ হাজাৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব । তেওঁ কয় যে প্ৰতিটো শিক্ষানুষ্ঠানত একোটা কোঠা প্ৰতিষেধক প্ৰদানৰ বাবে সুকীয়াকৈ ৰখা হ'ব । তেওঁ সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰি সকলোকে বিনা দ্বিধাই প্ৰতিষেধক ল'বলৈ আহ্বান জনাই কয় যে যিকোনো সময়তে ক'ভিডৰ উৎপৰিৱৰ্তিত ৰূপৰ প্ৰাদুৰ্ভাৱ ঘটিব পাৰে । সেয়ে সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক ব্যৱধানৰ নীতি-নিৰ্দেশনাসমূহ মানি চলা দৰকাৰ । 

অনুষ্ঠানত অংশ লৈ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে জিলাখনত এতিয়ালৈকে ১০২ শতাংশ লোকে ক'ভিডৰ প্ৰথম পালি আৰু ৭৩ শতাংশ লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে । তেওঁ প্ৰতিষেধক গ্ৰহণৰ বাহিৰে গত্যন্তৰ নাই বুলি উল্লেখ কৰি এই অভিযান সফল কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনক সহযোগ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । 

উল্লেখযোগ্য যে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশক্ৰমে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সহযোগত জিলাখনৰ ২৭টা শিক্ষানুষ্ঠান আৰু শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ লগতে গোলাঘাট নগৰৰ বিভিন্ন শিক্ষানুষ্ঠানত এটা ভ্ৰাম্যমান দলে আজিৰে পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীক ক'ভাক্সিন প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰিছে । ২০০৭ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে জন্মলাভ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠানৰ বাহিৰৰ কিশোৰ-কিশোৰীয়েও এই প্ৰতিষেধক ল'ব পাৰিব । 

আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ পুতুল চন্দ্ৰ শইকীয়া, কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক, স্বাস্থ্য বিভাগ তথা শিক্ষা বিভাগৰ বিষয়া-কৰ্মী আৰু ছাত্ৰ-ছাত্রীসকল উপস্থিত আছিল । 

আজিৰ অনুষ্ঠানতে ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা দেৱৰাজ ৰয় মহাবিদ্যালয়ক ধপাতমুক্ত মহাবিদ্যালয়ৰ প্ৰমানপত্ৰ প্ৰদান কৰা হয় । উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰু ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচী, গোলাঘাটৰ নডেল বিষয়া ডাঃ সুনীতা এক্কাই মহাবিদ্যালয়খনৰ অধ্যক্ষৰ হাতত এই প্ৰমানপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে । 
 
 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Sunday, 2 January 2022

*গোলাঘাট জিলাতো কাইলৈৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ**২৭টা শিক্ষানুষ্ঠান আৰু এখন চিকিৎসালয়ৰ লগতে এটা ভ্ৰাম্যমান দলে প্ৰদান কৰিব প্ৰতিষেধক*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২২৮

*গোলাঘাট জিলাতো কাইলৈৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ*

*২৭টা শিক্ষানুষ্ঠান আৰু এখন চিকিৎসালয়ৰ লগতে এটা ভ্ৰাম্যমান দলে প্ৰদান কৰিব প্ৰতিষেধক*

গোলাঘাট, ২ জানুৱাৰীঃ গোলাঘাট জিলাতো কাইলৈৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হ'ব । সেই অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশক্ৰমে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সহযোগত জিলাখনৰ ২৭টা শিক্ষানুষ্ঠান আৰু শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ লগতে গোলাঘাট নগৰৰ বিভিন্ন শিক্ষানুষ্ঠানত এটা ভ্ৰাম্যমান দলে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীক মুঠ ৪,৭৪২ পালি ক'ভাক্সিন প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলকে ধৰি কাইলৈ জিলাখনৰ মুঠ ১০৫ টা কেন্দ্ৰত ১৬,০৯২ পালি প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ২০০৭ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে জন্মলাভ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু কিশোৰ-কিশোৰীক বিনাদ্বিধাই এই প্ৰতিষেধক ল'বলৈ আহ্বান জনাইছে । শিক্ষানুষ্ঠানৰ বাহিৰৰ কিশোৰ-কিশোৰীয়েও এই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ প্ৰতিষেধকৰ পালি যাতে নষ্ট নহয় তাৰ প্ৰতি বিশেষভাৱে চকু দিবলৈ নিৰ্দেশ দিছে । এই অভিযান সফল কৰাৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ দলক সহযোগ কৰিবলৈও উপায়ুক্তগৰাকীয়ে আহ্বান জনায় । তেওঁ দ্বিতীয় পালি প্ৰতিষেধক ল'বলৈ বাকী থকা লোকসকলকো অতি সোনকালে ওচৰৰ কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 03/01/2022

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 03/01/2022

Saturday, 1 January 2022

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

মা আৰু প্ৰকৃতি তৰফৰ পৰা সমগ্র ভাৰত তথা বিশ্ব বাসিলৈ ইংৰাজী নতুন নৱ বর্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছো । আগন্তুক আহি থকা দিন বোৰ সকলোৰে সুন্দৰ সব্বাঙ্গীন মঙ্গল ময় হওঁক তাৰে কামনাৰে।।মা আৰু প্ৰকৃতি*মাধৱ গগৈ**মা আৰু প্ৰকৃতি* (Mother and Nature) ( मा और प्रकृति) Founder (CEO), *প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্য্যবাহী* ।Email- mother.and.nature2021@gmail.com - *WhatsApp - 9859593814*

মা আৰু প্ৰকৃতি তৰফৰ পৰা সমগ্র ভাৰত তথা বিশ্ব বাসিলৈ 
ইংৰাজী নতুন নৱ বর্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছো । আগন্তুক আহি থকা দিন বোৰ সকলোৰে সুন্দৰ সব্বাঙ্গীন মঙ্গল ময়  হওঁক তাৰে কামনাৰে।।

মা আৰু প্ৰকৃতি

*মাধৱ গগৈ*
*মা আৰু প্ৰকৃতি*  (Mother and Nature) ( मा और प्रकृति) Founder (CEO),  *প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্য্যবাহী* ।
Email- mother.and.nature2021@gmail.com -  
*WhatsApp - 9859593814*

নৰ্থইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা সমগ্র ভাৰত তথা বিশ্ব বাসিলৈ ইংৰাজী নতুন নৱ বর্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছো । আগন্তুক আহি থকা দিন বোৰ সকলোৰে সুন্দৰ সব্বাঙ্গীন মঙ্গল ময় হওঁক তাৰে কামনাৰে।।NORTHEAST NEWS INDIA

নৰ্থইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা সমগ্র ভাৰত তথা বিশ্ব বাসিলৈ 
ইংৰাজী নতুন নৱ বর্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছো । আগন্তুক আহি থকা দিন বোৰ সকলোৰে সুন্দৰ সব্বাঙ্গীন মঙ্গল ময়  হওঁক তাৰে কামনাৰে।।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...