Sunday, 5 December 2021

*গ্ৰামাঞ্চলৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান*

*গ্ৰামাঞ্চলৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান*
গোলাঘাট, ৫ ডিচেম্বৰ: মহিলা সবলীকৰণ আৰু গ্ৰামাঞ্চলৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ, খণ্ড অভিযান পৰিচালনা শাখাৰ উদ্যোগত আজি নাওজান সাপ্তাহিক বজাৰ চৌহদত এখন মহিলা সাপ্তাহিক বজাৰ মুকলি কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে মহিলা বজাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে ।  অনুষ্ঠানত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি শ্ৰী ৰাহুল সুৰেশ জাভীৰ, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প বিষয়া শ্ৰী মাধুৰ্য প্ৰসাদ বৰা, দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী লোকনাথ দাস আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন মহিলা আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত আছিল । 

উল্লেখযোগ্য যে এই মহিলা বজাৰত বিভিন্ন আত্মসহায়ক গোটৰ সদস্যই নিজে উৎপাদন বা তৈয়াৰ কৰা সামগ্ৰীৰ উপৰি অন্য সামগ্ৰীও বিক্ৰী কৰিব পাৰিব । প্ৰতি দেওবাৰে এই মহিলা বজাৰ খোলা থাকিব । আজি প্ৰথমদিনাই মহিলা ব্যৱসায়ীসকলে ১৪৬ খন বিপনীত ১,৭০০০০টকাৰ সামগ্ৰী বিক্ৰী কৰে ।

*মাধৱ গগৈ গোলাঘাট*
*NORTHEAST NEWS INDIA*

Friday, 3 December 2021

accident yesterday on her way home after Har Ghar Dastak Covid Vaccination survey.

Mamoni Gogoi, ASHA worker of Chawdang Pothar Toranichuk under Merapani CHC met with an accident yesterday on her way home after Har Ghar Dastak Covid Vaccination survey. Honourable Deputy Commissioner Sri Mrigesh Narayan Baruah visited her this morning at SKKCH to take stock of her health and provided with a financial assistance.

NORTHEAST NEWS INDIA

*গোলাঘাট জিলাত "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ পেট্ৰ'ল পাম্পসমূহক প্ৰশাসনৰ নিৰ্দেশ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৩

*গোলাঘাট জিলাত "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ পেট্ৰ'ল পাম্পসমূহক প্ৰশাসনৰ নিৰ্দেশ*

গোলাঘাট, ৩ ডিচেম্বৰঃ গোলাঘাট জিলা প্ৰশাসনে জিলাখনত হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱা লোকসকলক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে পেট্ৰ'ল পাম্পসমূহক "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে । জিলা উপায়ুক্তই জাৰি কৰা এটা নিৰ্দেশযোগে কোৱা হৈছে যে একাংশ পেট্ৰ'ল পাম্পে ২০১৮ চনৰ বিভাগীয় স্থায়ী সমিতিৰ বৈঠকত হোৱা সিদ্ধান্ত মানি নচলাৰ বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে । সেয়েহে মটৰ চাইকেলৰ হেলমেট পৰিধান নকৰা গ্ৰাহকক পেট্ৰ'ল নিদিবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে "ন' হেলমেট ন' পেট্ৰ'ল" বুলি লিখা বেনাৰ পেট্ৰ'ল পাম্পৰ সন্মুখত আঁৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ।

*তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত এপাৰ্টৰ অধীনত কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৫

*গোলাঘাটত এপাৰ্টৰ অধীনত কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ*

গোলাঘাট, ৩ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বনগাঁও কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনৰ মিছিমিআটি গাঁৱৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্মাৰছ প্ৰডিউচাৰছ কোম্পানীক আজি জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ কৰে । এই উপলক্ষে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদতে আয়োজিত এটা অনুষ্ঠানত শ্ৰী শৰ্মাই কয় যে কৃষকৰ উপাৰ্জন দুগুনলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কৃষি খণ্ডত আধুনিক আহিলা-পাতি আৰু সা-সামগ্ৰী ব্যৱহাৰৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে । অনুষ্ঠানত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া (এগ্ৰ') তথা এপাৰ্টৰ জিলা ন'ডেল বিষয়া ৰঞ্জন বৰুৱাই কয় যে আধুনিক যন্ত্ৰ-পাতিৰ অধিক ব্যৱহাৰৰ দ্বাৰা কৃষি খণ্ডলৈ ৰূপান্তৰ অনাৰ লগতে কৃষকৰ উপাৰ্জন দুগুণ কৰাটোৱেই ৰাজ্য চৰকাৰ তথা এপার্ট প্ৰকল্পসমূহৰ লক্ষ্য । আজিৰ অনুষ্ঠানত এপাৰ্টৰ অধীনত কঠিয়া ৰোৱা আৰু ধান কটা যন্ত্ৰ বিতৰণ কৰা হয় । 

অনুষ্ঠানত মহকুমা কৃষি বিষয়া, গোলাঘাট (সদৰ) কৃষ্ণ ৰঞ্জন শইকীয়া, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া জয়া গোস্বামী, এপার্টৰ জিলা পৰিৱেশ সমন্বয়ক ডঃ বনশ্ৰী শৰ্মা, এপাৰ্টৰ বিষয়া অনুপম গগৈ আৰু আত্মা-এপাৰ্ট আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল । 

*তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

*গোলাঘাটত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৪

*গোলাঘাটত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন*

গোলাঘাট, ৩ ডিচেম্বৰঃ গোলাঘাট জিলা প্ৰশাসন আৰু সমাজ কল্যান বিভাগ, গোলাঘাটৰ উদ্যোগত, সংহত শিশু উন্নয়ন প্ৰকল্প আৰু বেচৰকাৰী সংস্থাৰ সহযোগত আজি গোলাঘাট নগৰৰ শিশুৰ ওমলা ঘৰৰ সভাকক্ষত আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । সভাত অংশ লৈ জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে ইউ ডি আই ডি কাৰ্ডৰ বাবে কেনেকৈ নাম পঞ্জীয়ন কৰিব লাগে এই বিষয়ে সবিশেষ ব্যাখ্যা কৰে । তেওঁ লগতে জিলাখনত দিব্যাংগসকলৰ বাবে থকা বিভিন্ন সা-সুবিধা সম্পৰ্কেও উপস্থিত লোকসকলক অৱগত কৰে । অনুষ্ঠানত অংশ লৈ মহকুমা চিকিৎসা স্বাস্থ্য বিষয়া ডাঃ হীৰেণ শইকীয়াই কয় যে দিব্যাংগ লোকসকলো আমাৰ সমাজৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু তেওঁলোকে কেতিয়াও নিজকে আনতকৈ কম বুলি ভবা উচিত নহয় । আজিৰ অনুষ্ঠানতে জিলাখনৰ ৩০ গৰাকী দিব্যাংগ লোকক ইউ ডি আই ডি কাৰ্ড প্ৰদান কৰাৰ লগতে একোখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া গৌৰীপ্ৰিয়া দেউৰীয়ে । আজিজুল হুছেইনে আঁত ধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় জুপি শইকীয়াই । অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী আৰু সমাজ কল্যান বিভাগৰ কৰ্মচাৰী তথা বিভিন্ন ঠাইৰ পৰা অহা দিব্যাংগ লোক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...