Friday, 3 December 2021

*গোলাঘাট জিলাত "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ পেট্ৰ'ল পাম্পসমূহক প্ৰশাসনৰ নিৰ্দেশ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৩

*গোলাঘাট জিলাত "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ পেট্ৰ'ল পাম্পসমূহক প্ৰশাসনৰ নিৰ্দেশ*

গোলাঘাট, ৩ ডিচেম্বৰঃ গোলাঘাট জিলা প্ৰশাসনে জিলাখনত হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱা লোকসকলক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে পেট্ৰ'ল পাম্পসমূহক "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে । জিলা উপায়ুক্তই জাৰি কৰা এটা নিৰ্দেশযোগে কোৱা হৈছে যে একাংশ পেট্ৰ'ল পাম্পে ২০১৮ চনৰ বিভাগীয় স্থায়ী সমিতিৰ বৈঠকত হোৱা সিদ্ধান্ত মানি নচলাৰ বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে । সেয়েহে মটৰ চাইকেলৰ হেলমেট পৰিধান নকৰা গ্ৰাহকক পেট্ৰ'ল নিদিবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে "ন' হেলমেট ন' পেট্ৰ'ল" বুলি লিখা বেনাৰ পেট্ৰ'ল পাম্পৰ সন্মুখত আঁৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ।

*তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India