জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২০৭
*গোলাঘাট জিলাতো আজিৰে পৰা ৫ ডিচেম্বৰলৈ 'হৰ ঘৰ দস্তক' অভিযান*
*প্ৰতিষেধক গ্ৰহণৰ হাৰ ৯৫ শতাংশৰ তলত থকা ৬১টা ভোটগ্ৰহন কেন্দ্ৰৰ অধীনত ঘৰে ঘৰে গৈ সত্যাসত্য নিৰূপণ কৰিব বিষয়াই*
*গোলাঘাট জিলাত ৯৮.৫ শতাংশ লোকৰ প্ৰথম পালি আৰু ৫৯.৫ শতাংশৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ*
গোলাঘাট, ২৯ নৱেম্বৰঃ গোলাঘাট জিলাৰ ১০০ শতাংশ লোকক ক'ভিড-19ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰে সামৰি লোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা "হৰ ঘৰ দস্তক" অভিযান সন্দৰ্ভত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব তথা এই অভিযানৰ পৰ্যবেক্ষক শ্ৰী দেৱজ্যোতি দত্ত আৰু উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত উপায়ুক্তগৰাকীয়ে কয় যে গোলাঘাট জিলাত এতিয়ালৈকে ৭,৪৩,২৮৬ অৰ্থাৎ ৯৮.৫ শতাংশ লোকে প্ৰথম পালি আৰু ৪,৪৮,৯৭২ অৰ্থাৎ ৫৯.৫ শতাংশ লোকে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । জিলাখনৰ ৬১টা ভোটগ্ৰহন কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণৰ হাৰ ৯৫ শতাংশৰ তলত বুলি উল্লেখ কৰি তেওঁ কয় যে এই নিৰ্দিষ্ট কেন্দ্ৰৰ অধীনৰ অঞ্চলৰ লোকসকলৰ ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদানৰ বাবে তেওঁলোকক উৎসাহিত কৰা হ'ব । জিলাখনৰ চাৰিটা বিধানসভা সমষ্টি আৰু দেৰগাঁও সমষ্টিৰ কিছু অংশক সামৰি চলোৱা সমীক্ষা মতে যি অঞ্চলত জিলা গড় হিচাপতকৈ প্ৰতিষেধক গ্ৰহণৰ হাৰ কম তেনে অঞ্চলসমূহত প্ৰশাসনৰ বিষয়া, আশা-অংগনৱাড়ী কৰ্মী, গাওঁবুঢ়া, গাঁওৰক্ষী বাহিনী আদি কমেও তিনি হাজাৰ লোকক এই কামত নিয়োগ কৰা হৈছে । তেওঁলোকে আজিৰে পৰা ৫ ডিচেম্বৰলৈকে ঘৰে ঘৰে গৈ প্ৰতিষেধক লোৱা-নোলোৱা সন্দৰ্ভত সত্যাসত্য নিৰূপণ কৰিব । ভোটগ্ৰহন প্ৰক্ৰিয়াৰ দৰেই জিলাখনৰ ২৫টা জ'ন, ৮৭টা ছেক্টৰ আৰু ১০০৫টা ভোটগ্ৰহন কেন্দ্ৰ অনুসৰি এই সত্যাসত্য নিৰূপণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব । প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰত প্ৰতিষেধক লোৱা-নোলোৱাৰ বিষয়টো সুনিশ্চিত কৰাৰ বাবে দুজনকৈ বিষয়া থাকিব । সীমান্ত অঞ্চলৰ কেইটামান ভোটগ্ৰহন কেন্দ্ৰ আৰু বোকাখাতৰ নদীকাষৰীয়া কেতবোৰ অঞ্চলৰ বাহিৰে জিলাখনত চাহ বাগিচা অঞ্চলকে ধৰি বিভিন্ন ঠাইত প্ৰতিষেধক গ্ৰহণৰ হাৰ আশাব্যঞ্জক বুলি তেওঁ প্ৰকাশ কৰে । তেওঁ কয় যে দ্বিতীয় পালি লোৱাৰ সময় বেছি উকলি গ'লেও কোনো কথা নাই । যিকোনো সময়তে তেওঁলোকে নিজৰ দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰে । অহা এপ্ৰিল মাহৰ ভিতৰত জিলাখনত দ্বিতীয় পালি প্ৰতিষেধকৰ ১০০ শতাংশ লক্ষ্যত উপনীত হোৱাৰ বাবেও প্ৰয়াস চলোৱা হৈছে বুলি তেওঁ কয় । সংবাদমেলত এই অভিযানৰ পৰ্যবেক্ষক শ্ৰী দেৱজ্যোতি দত্তই কয় যে প্ৰতিষেধক গ্ৰহণৰ বাহিৰে এই ৰোগৰ বিৰুদ্ধে অন্য কোনো অস্ত্ৰ নাই । তেওঁ দায়বদ্ধ নাগৰিক হিচাপে সাংবাদিকসকলক প্ৰতিষেধক গ্ৰহণ সন্দৰ্ভত জনসজাগতা বৃদ্ধিত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে গোলাঘাট জিলাখনক ক'ভিডমুক্ত কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে ।
*২ ডিচেম্বৰত গোলাঘাটত মাইক্ৰ' ফাইনেন্সৰ ৫ হাজাৰ ঋণগ্ৰস্ত মহিলাক চেক প্ৰদানৰ প্ৰস্তুতি*
আনহাতে সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত উপায়ুক্তগৰাকীয়ে কয় যে অসম চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ ঋণ ৰেহাই দিয়াৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ অধীনত অহা ২ ডিচেম্বৰত গোলাঘাট জিলাৰ ৫ হাজাৰ মহিলাক চেক প্ৰদান কৰা হ'ব । মহিলাসকলক ঋণ পৰিশোধ কৰাৰ বাবে সৰ্বাধিক ২৫ হাজাৰ টকা পৰ্যন্ত চেক্ প্ৰদান কৰা হ'ব । এই উপলক্ষে গোলাঘাট সমন্বয় পথাৰ(ৰাজহুৱা খেলপথাৰ)ত সেইদিনা এটি চেক্ বিতৰণী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । অনুষ্ঠানত বন্ধন বেংককে ধৰি ১৯টা বিত্তীয় প্ৰতিষ্ঠানৰ ৫ হাজাৰ মহিলাক "অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি"ৰ অধীনত চেক প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । গোলাঘাট জিলাৰ প্ৰায় ৫২ হাজাৰ মহিলাই পৰৱৰ্তী সময়ত ব্লক পৰ্যায়ত চেক লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, কৃষি, পশুপালন আৰু পশুচিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী শ্ৰী অতুল বৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, বিধায়ক শ্ৰী মৃণাল শইকীয়া, শ্ৰী ভৱেন্দ্ৰনাথ ভঁৰালী আৰু শ্ৰী বিশ্বজিৎ ফুকন উপস্থিত থাকিব ।
*আগবাঢ়িছে সতী সাধনী বিশ্ববিদ্যালয়ৰ কাম*
উপায়ুক্তগৰাকীয়ে লগতে কয় যে গোলাঘাট জিলাত প্ৰস্তাৱিত সতী সাধনী বিশ্ববিদ্যালয়ৰ কামো আগবাঢ়িছে । বিশ্ববিদ্যালয়খনৰ বাবে ১২০ বিঘা মাটিৰ প্ৰস্তাৱ দিয়া হৈছে । ইতিমধ্যে মাটিৰ পৰীক্ষা আৰু বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুতকৰণৰ কামো আৰম্ভ হৈছে বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA