কালি যোৰহাটত সংঘটিত নিন্দনীয় ঘটনাত প্ৰাণ হেৰুওৱা অনিমেষ ভূঞাৰ দেৰগাঁৱৰ খকন্দগুৰিৰ বাসগৃহত নিশাই উপস্থিত হৈ গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই শোকসন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে । তেওঁ কয় যে এই ঘটনা সঁচাই নিন্দনীয় আৰু গোলাঘাট জিলা প্ৰশাসন এই সংকটৰ সময়ত ভুক্তভোগী পৰিয়ালটোৰ সৈতে আছে ।
উল্লেখযোগ্য যে ১৫ দিনৰ ভিতৰত ঘটনাটোৰ অভিযোগনামা দাখিল কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিছে ।
ভুক্তভোগীয়ে যাতে শীঘ্ৰে ন্যায় লাভ কৰে তাৰ বাবে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ইয়াৰ বিচাৰ কৰা হ'ব বুলিও চৰকাৰে ঘোষণা কৰিছে ।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India