Monday, 22 November 2021

*গোলাঘাট জিলাত ৰেচন কাৰ্ডৰ গৰাকীসকলে ক'ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা প্ৰশাসনৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২০১

*গোলাঘাট জিলাত ৰেচন কাৰ্ডৰ গৰাকীসকলে ক'ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা প্ৰশাসনৰ*

গোলাঘাট, ২২ নৱেম্বৰঃ গোলাঘাট জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলে ক'ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা কৰিছে । জিলা উপায়ুক্তই ইতিমধ্যে সমবায় সমিতিসমূহলৈ এই সম্পৰ্কীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে । সেই অনুসৰি সুলভ মূল্যৰ দোকানীসকলে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ পৰা ক'ভিড প্ৰতিষেধক লোৱাৰ প্ৰমানপত্ৰ সংগ্ৰহ কৰিব লাগিব । ১৭ নৱেম্বৰত জাৰি কৰা নিৰ্দেশনা মতে এতিয়াও যদি কোনো লোকে প্ৰতিষেধক লোৱা নাই তেনেহ'লে নিৰ্দেশনা জাৰি কৰাৰ ১৫ দিনৰ ভিতৰত প্ৰতিষেধক লৈ সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত প্ৰমানপত্ৰ জমা দিবলৈ কোৱা হৈছে । 
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত গোলাঘাট জিলাত ২০২০-২১ বৰ্ষত ১,৪০০ নিবনুৱাক সামৰি প্ৰায় ১২ কোটি টকাৰ ঋণ প্ৰদানৰ লক্ষ্য**উৎপাদন খণ্ডৰ বাবে ২৫ লাখ টকা আৰু সেৱা খণ্ডৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২০০

*প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত গোলাঘাট জিলাত ২০২০-২১ বৰ্ষত ১,৪০০ নিবনুৱাক সামৰি প্ৰায় ১২ কোটি টকাৰ ঋণ প্ৰদানৰ লক্ষ্য*

*উৎপাদন খণ্ডৰ বাবে ২৫ লাখ টকা আৰু সেৱা খণ্ডৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা*

গোলাঘাট, ২২ নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ বিভিন্ন নিয়োগ সৃষ্টি আঁচনি সন্দৰ্ভত আজি গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত মন্ত্ৰালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা উপ মুখ্য কাৰ্যবাহী বিষয়া ডঃ সুকমল দেৱে এখন সংবাদমেল সম্বোধন কৰে । তেওঁ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্বাৰা তথা খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ ঋন লাভ কৰি কেনেকৈ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰিব পাৰে এই বিষয়ে বিতংভাৱে অৱগত কৰে । তেওঁ কয় যে ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিবনুৱা সমস্যা বৃদ্ধি পোৱালৈ চাই নিবনুৱা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ দিয়াটো চৰকাৰখনৰ দায়িত্ব । সেয়ে দক্ষ ল'ৰা-ছোৱালীখিনিক চৰকাৰৰ ফালৰ পৰা সহায় কৰাৰ উদ্দেশ্যে এই আঁচনিৰ সফল ৰূপায়নত গুৰুত্ব আৰোপ কৰা হৈছে । কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ সৈতে এই সন্দৰ্ভত মত বিনিময় কৰি তেওঁ কয় যে ক'ভিডসৃষ্ট পৰিস্থিতিত বহিঃৰাজ্যত কৰ্মৰত ৰাজ্যখনৰ প্ৰায় আঢ়ৈ লাখ লোক অসমলৈ উভতি আহে । এনে পৰিস্থিতিত নিবনুৱা সমস্যাৰ জোৰা মৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিখন অতি গুৰুত্বপূৰ্ণ আঁচনি হিচাপে পৰিগণিত হৈছে । তেওঁ কয় যে এই আঁচনিৰ অধীনত উৎপাদন খণ্ডৰ বাবে ২৫ লাখ টকা আৰু সেৱা খণ্ডৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰা হয় । এই ঋণৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ বাবে ৩৫ শতাংশ পৰ্যন্ত আৰু নগৰ অঞ্চলৰ বাবে ২৫ শতাংশ পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা হয় । তেওঁ পুনৰ কয় যে অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ২৯ শতাংশ কেৱল অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ পৰা আহে । সেয়ে এই খণ্ডটোক শক্তিশালী কৰিব পাৰিলে ৰাষ্ট্ৰ নিৰ্মাণ ব্যৱস্থাও শক্তিশালী হ'ব বুলি তেওঁ কয় । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ২০২০-২১ বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত গোলাঘাট জিলাৰ বাবে ৪.৪৬ কোটি টকাৰ ৰাজসাহায্যৰে প্ৰায় ১,৪০০ লোকক সামৰি প্ৰায় ১২ কোটি টকাৰ ঋণ প্ৰদানৰ লক্ষ্য লোৱা হৈছে । তেওঁ আগ্ৰহী নিবনুৱা যুৱক-যুৱতীসকলক www.kviconline.gov.in/pmegpeportal ৰ জৰিয়তে ঋণৰ বাবে আবেদন জনাবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ ১৮ বছৰৰ উৰ্ধৰ যিকোনো লোকেই আবেদন জনাব পাৰে । উৎপাদন খণ্ডত ১০ লাখ টকাতকৈ অধিক প্ৰকল্প ব্যয়ৰ উদ্যোগ আৰু সেৱা খণ্ডত ৫ লাখ টকাতকৈ অধিক প্ৰকল্প ব্যয়ৰ উদ্যোগ স্থাপনৰ বাবে এই ঋণ প্ৰদান কৰা হয় । তেওঁ কয় যে কে ভি আই চিৰ ৱেবছাইটত ৩০৭টা আৰ্হি প্ৰকল্প আপলোড কৰা আছে । আবেদনকাৰীয়ে এই আৰ্হি প্ৰকল্পৰ দ্বাৰা আচঁনিখনৰ বিষয়ে এটা সম্যক ধাৰণা লাভ কৰিব পাৰিব । আজিৰ সংবাদমেলত জিলা উদ্যোগ কেন্দ্ৰৰ প্ৰধান পৰিচালক উমেশ কুমাৰ আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Saturday, 20 November 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

গোলাঘাটৰ বিশিষ্ট শিল্পী, সুনিপুন তবলা বাদক হিমেন দাসৰ বিয়োগ

গোলাঘাটৰ বিশিষ্ট শিল্পী, সুনিপুন তবলা বাদক হিমেন দাসৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ । এটা দুৰ্ঘটনাত পতিত হৈ আজি মৃত্যুক আঁকোৱালি লোৱা শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু এই সংকটৰ সময়ত প্ৰয়াত দাসৰ পৰিয়ালটোৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।

গোলাঘাটৰ সমাজ জীৱন তথা ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত শিল্পীগৰাকীয়ে এসময়ত জয়ন্ত হাজৰিকাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সুৰবাহিনীৰ সৈতে জড়িত হৈ এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে সেৱা আগবঢ়াইছিল । এগৰাকী তবলা বাদক হিচাপেও সুপৰিচিত শিল্পীগৰাকীয়ে নিজৰ কলাসুলভ প্ৰতিভাৰে নিৰ্মাণ কৰিছিল বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ আদৰণি তোৰণ । কলাসুলভ মনৰ গৰাকী হিমেন দাসৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা আদৰণি তোৰণসমূহে কেৱল গোলাঘাটতে নহয় সমগ্ৰ ৰাজ্যতে সমাদৰ লাভ কৰি আহিছে । গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটি, প্ৰবীন শিল্পী মঞ্চ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বহুমুখী প্ৰতিভাৰ অধিকাৰী হিমেন দাসৰ মৃত্যু সমগ্ৰ গোলাঘাট জিলাৰ বাবেই অপূৰণীয় ক্ষতি । শিল্পীগৰাকীৰ প্ৰতি আমি জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি ।

উপায়ুক্ত, গোলাঘাট
NORTHEAST NEWS INDIA

*গোলাঘাট পৌৰসভালৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পৰিষ্কাৰ নগৰৰ সন্মান**নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ উপস্থিতিত পৌৰসভাৰ কাৰ্যবাহী বিষয়াই গ্ৰহণ কৰিলে বঁটা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২০০

*গোলাঘাট পৌৰসভালৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পৰিষ্কাৰ নগৰৰ সন্মান*

*নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ উপস্থিতিত পৌৰসভাৰ কাৰ্যবাহী বিষয়াই গ্ৰহণ কৰিলে বঁটা*

গোলাঘাট, ২০ নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ নখন পৌৰ সভালৈ ২০২১ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আগবঢ়াইছে । গোলাঘাট পৌৰসভায়ো এইবছৰৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে । নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত  স্বচ্ছ অমৃত মহোৎসৱ শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানত আজি ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত অসমৰ আন আঠখন পৌৰসভাৰ লগতে গোলাঘাট পৌৰসভাক এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় । গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰে এই বঁটা গ্ৰহণ কৰে ।  উল্লেখযোগ্য যে, ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ জনসংখ্যাৰ শ্ৰেনীত গোলাঘাট পৌৰসভাই উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পৰিষ্কাৰ নগৰ হিচাপে প্ৰথম স্থান লাভ কৰিছে । গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ আৰু পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলে এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে গোলাঘাট নগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাটত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ**ফৰকাটিং উৰণীয়া সেঁতু পৰিদৰ্শন**চৰকাৰী পুঁজিলৈ বাট চাই নাথাকি উপাৰ্জনৰ নিজা পথ উলিয়াবলৈ গাঁও পঞ্চায়তসমূহৰ প্ৰতি আহ্বান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯৯

*গোলাঘাটত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ*

*ফৰকাটিং উৰণীয়া সেঁতু পৰিদৰ্শন*

*চৰকাৰী পুঁজিলৈ বাট চাই নাথাকি উপাৰ্জনৰ নিজা পথ উলিয়াবলৈ গাঁও পঞ্চায়তসমূহৰ প্ৰতি আহ্বান*
গোলাঘাট, ২০ নৱেম্বৰঃ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট জিলাৰ পুলিবৰ গাঁও পঞ্চায়তৰ নৱনির্মিত কাৰ্যালয় গৃহটো *মুকলি* কৰে । এই উপলক্ষে অনুষ্ঠিত এখন সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কেৱল চৰকাৰী পুঁজিলৈ বাট চাই নাথাকি উপাৰ্জনৰ নিজা পথ উলিয়াবলৈ গাঁও পঞ্চায়তসমূহৰ প্ৰতি আহ্বান জনায় । তেওঁ কেৰালাৰ উদাহৰণ দাঙি ধৰি আত্মসহায়ক গোটসমূহক উদ্দেশ্যি কয় যে চৰকাৰী পুঁজি নিজৰ মাজতে ভগাই নলৈ উপাৰ্জনৰ পথ উলিয়াব পৰাকৈ উচিতভাৱে বিনিয়োগ কৰিব লাগিব । তেওঁ কয় যে উন্নয়নে সমাজৰ শেষৰজন ব্যক্তিকো যাতে স্পৰ্শ কৰে তাৰ বাবে কেন্দ্ৰৰ মোডী চৰকাৰ আৰু ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে । তেওঁ এটকাও পুঁজিৰ যাতে অপব্যৱহাৰ নহয় সেয়া সুনিশ্চিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । তেওঁ সমাজৰ দুৰ্বল-দৰিদ্ৰ লোকসকলক ঘৰে ঘৰে গৈ বিচাৰি উলিয়াই তেওঁলোকৰ প্ৰাপ্যসমূহ দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি  মত প্ৰকাশ কৰে । দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে সমাজৰ দৰিদ্ৰ লোকসকলে প্ৰতিটো ক্ষেত্ৰতে অগ্ৰাধিকাৰ পাব লাগিব । আনহাতে সকলোকে ক'ভিড প্ৰতিষেধক ল'বলৈ আহ্বান জনাই তেওঁ কয় যে প্ৰতিষেধক নোলোৱা কোনো ব্যক্তিয়ে কোনো চৰকাৰী সুবিধা লাভ কৰিব নোৱাৰিব । একেটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা অভিযান পৰিচালনা গোটৰ উদ্যোগত হিতাধিকাৰীলৈ অসমী গ্ৰামীণ এক্সপ্ৰেছ শীৰ্ষক দুখন চাৰিচকীয়া বাহন আগবঢ়ায় । অনুষ্ঠানত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । 

ইয়াৰ পাছতেই মন্ত্ৰীগৰাকীয়ে ২০২০-২১বৰ্ষৰ আনটাইড ফাণ্ডৰ পুঁজিৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ ফৰকাটিং আঞ্চলিক শাখাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে । তেওঁ ঘিলাধাৰী গাঁও পঞ্চায়তৰ নৱনির্মিত কাৰ্যালয় গৃহটোও মুকলি কৰে । 

ইফালে মন্ত্ৰীগৰাকীয়ে আজি ফৰকাটিং উৰণীয়া সেতুখনো পৰিদৰ্শন কৰে । তেওঁ পিছত সাংবাদিকৰ আগত কয় যে এইয়া ৰাইজৰ সম্পদ আৰু উৰণীয়া সেঁতুখনৰ ওপৰত সৌন্দৰ্যবৰ্ধনৰ বাবে যিখিনি কাম কৰা হৈছে সেয়া যাতে সকলোৱে নিজৰ হিচাপে জ্ঞান কৰি সুৰক্ষিত কৰি ৰাখে । তেওঁ উৰণীয়া সেঁতুখন নিৰ্মান কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ লগতে কয় যে অতি সোনকালে মুখ্যমন্ত্ৰীয়ে এই উৰণীয়া সেঁতুখন আনুষ্ঠানিকভাৱে মুকলি কৰিব । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ গোলাঘাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ কাম এই বছৰতে আৰম্ভ হ'ব বুলি উল্লেখ কৰাৰ লগতে দেৰগাঁৱৰ পৰা ৰঙাজানলৈ ২০০ কোটি টকাৰে পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথটো নিৰ্মান কৰা হ'ব বুলি জানিবলৈ দিয়ে । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...