ছেবাই জাৰি কৰিছে এক সংশোধিত অধিসূচনা।
Friday, 6 August 2021
*গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৩৯
*গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন*
গোলাঘাট, ৬ আগষ্ট : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত মুন গগৈ আৰু জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিৰ লগতে পৰিবহন বিভাগ আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল । সভাত পথ সুৰক্ষাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । তাৰ ভিতৰত পথ সুৰক্ষাৰ পৰিসংখ্যা আৰু কাৰণসমূহ, পথ সুৰক্ষা বাহিনীৰ পুনৰুজ্জীৱিতকৰণ, অত্যধিক বোজা কঢ়িওৱা বাহনৰ বিৰুদ্ধে অভিযান, দিশ নিৰ্দেশনা সূচকসমূহ সঠিকভাৱে সংস্থাপন কৰা, পথ সুৰক্ষাৰ পুঁজিৰ ব্যৱহাৰ, নৌ হেলমেট নৌ পেট্ৰল নীতিৰ কাৰ্যকৰীকৰণ আদি অন্যতম । বৈঠকত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আগবঢ়োৱা নীতি-নিৰ্দেশনা আদিৰ বিষয়েও আলোচনা কৰা হয় । জিলা উপায়ুক্তগৰাকীয়ে দুৰ্ঘটনাপ্ৰৱন এলেকাসমূহলৈ গৈ দুৰ্ঘটনাৰ কাৰণসমূহ পুনৰ অধ্যয়ন কৰিবলৈ পৰিবহন বিষয়াগৰাকীক নিৰ্দেশ দিয়ে । লগতে পথ সুৰক্ষা পুঁজিৰ ধনেৰে দুৰ্ঘটনাত পতিত হোৱা অথবা অন্য জৰুৰী অৱস্থাৰ ৰোগীক কঢ়িয়াবৰ বাবে ষ্ট্ৰেছাৰ প্ৰদান কৰা, দিশ নিৰ্দেশনা সূচক সংস্থাপন কৰা আৰু কমাৰগাঁও, বোকাখাত আৰু ৰঙাজানৰ দৰে স্পৰ্শকাতৰ এলেকাত বেৰিকেড স্থাপনৰ কামত ব্যৱহাৰ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে । আনহাতে দুৰ্ঘটনাৰ ক্ষেত্ৰত স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা অঞ্চলসমূহত পৰীক্ষামূলকভাৱে স্বাস্থ্য কৰ্মীকো অন্তৰ্ভুক্ত কৰি পথ সুৰক্ষা বাহিনী পুনৰ গঠন কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । উপায়ুক্তগৰাকীয়ে অহা ১৫ আগষ্টৰ পাছত যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰভাৱে অভিযান চলাবলৈও নিৰ্দেশ দিয়ে । তেওঁ লগতে নিশা ৮ বজাৰ পাছত যাতে কোনেও কেঁচা চাহপাত কঢ়িয়াব নোৱাৰে সেইয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।
বৈঠকত জিলা পৰিবহন বিষয়াগৰাকীয়ে পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত পথ দুৰ্ঘটনাৰ তথ্যসমূহ প্ৰদৰ্শন কৰে । সেই অনুসৰি জিলাখনত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে ১১৭টা পথ দুৰ্ঘটনা সংঘটিত হৈছে । এই ঘটনাসমূহত ৬৪ জন লোক আহত হোৱাৰ লগতে ৫৭ জনৰ মৃত্যু হৈছে । আনহাতে চলিত বৰ্ষৰ ৩০ মে'ৰ পৰা ৫ আগষ্টলৈকে অত্যধিক বোজা কঢ়িওৱা ১০৮ টা ঘটনা পোহৰলৈ আহিছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০৭/০৮/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । প্ৰথম পালি টীকা গ্ৰহণ কৰা ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব ।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০৭/০৮/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । প্ৰথম পালি টীকা গ্ৰহণ কৰা ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০৭/০৮/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন কৰি প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০৭/০৮/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন কৰি প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০৭/০৮/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ কেৱল দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন কৰি প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০৭/০৮/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ কেৱল দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন কৰি প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...