Wednesday, 4 August 2021
চাহ জনজাতিৰ শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ, তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ কৰিবলৈ অসম চৰকাৰে প্ৰাক-প্রৱেশিকা পৰ্যায়ত বৃত্তি প্ৰদান কৰিছে।শিক্ষাৰ জীৱন উন্নত কৰাৰ ক্ষমতা আছে। শিক্ষা চাহ জনজাতি সম্প্ৰদায়ৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ।
চাহ জনজাতিৰ শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ, তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ কৰিবলৈ অসম চৰকাৰে প্ৰাক-প্রৱেশিকা পৰ্যায়ত বৃত্তি প্ৰদান কৰিছে।
Tuesday, 3 August 2021
গোলাঘাটৰ ক’ভীড-১৯ প্ৰতিষেধক কেন্দ্ৰত যোগানধৰা খাদ্যত শিখৰৰ ফলা পেকেট ৷
গোলাঘাট ব্ৰেকিং ----
গোলাঘাটৰ ক’ভীড-১৯ প্ৰতিষেধক কেন্দ্ৰত যোগানধৰা খাদ্যত শিখৰৰ ফলা পেকেট ৷
গোলাঘাটৰ ষ্টেডিয়ামত থকা ক’ভীড-১৯ ৰ প্ৰতিষেধক কেন্দ্ৰত মঙ্গলবাৰে যোগানধৰা দুপৰিয়াৰ আহাৰৰ পেকেট খোলোতেই পেকেটত থকা খাদ্যৰ মাজত ওলাল শিখৰৰ ফলা পেকেট ৷ এই দৃশ্য দেখাপাই প্ৰতিষেধক কেন্দ্ৰত থকা কৰ্মচাৰীৰ মাজত সৃষ্টি হয় প্ৰতিক্ৰিয়া ৷ আৰু খাদ্যনোখোৱাকৈ দায়িত্ব পালন কৰিবলগা হয় চিকিৎসা কৰ্মী সকলে ৷ এই কেন্দ্ৰটোত চিৰঞ্জীৱ নামৰ এজন লোক খাদ্য যোগানৰ দায়িত্বত আছিল বুলি ডা° সুনিতা এক্কাই জানিবলৈ দিছে ৷
গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
অহা ইংৰাজী ০৪/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচী
অহা ইংৰাজী ০৪/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ দিন হাজিৰা কৰা (ৰিক্সা চালক, ঠেলা চালক, ঘৰে ঘৰে গৈ কাম কৰা) ব্যক্তি আৰু কোনো পৰিচয় পত্ৰ নথকা ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত থলীতে পঞ্জীয়ন কৰা হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
Subscribe to:
Comments (Atom)
মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন।
মাঘ বিহুৰ পবিত্ৰ উপলক্ষে বিশ্বৰ সকলো মানৱ জাতিলৈ মা আৰু প্ৰকৃতি পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মাঘ বিহু কেৱল...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...