Monday, 12 July 2021

COVID Update Assam | Summary of 12.07.2021

12 July, 2021

COVID Update Assam  | 
Summary of 12.07.2021

1️⃣ Today’s Total 2575
2️⃣ Overall Positivity Percentage (2575 cases out of 1,68,361 test done = 1.53%)
3️⃣ Kamrup(M) 217
4️⃣ Death 37
5️⃣ Recovery Rate 95.19%

*গোলাঘাট জিলাত মেগা ভেকচিনেছন অভিযানলৈ ৰাইজৰ ব্যাপক সঁহাৰি**একেদিনাই ৩৪,১০০ পালি প্ৰতিষেধক প্ৰদান কৰি ৰাজ্যৰ ভিতৰতে অভিলেখ গোলাঘাট জিলাৰ*

12 July, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১২০/২০২১

*গোলাঘাট জিলাত মেগা ভেকচিনেছন অভিযানলৈ ৰাইজৰ ব্যাপক সঁহাৰি*

*একেদিনাই ৩৪,১০০ পালি প্ৰতিষেধক প্ৰদান কৰি ৰাজ্যৰ ভিতৰতে অভিলেখ গোলাঘাট জিলাৰ* 
গোলাঘাট, ১২ জুলাই : গোলাঘাট জিলাত আজিৰ দিনটোত ক'ভিড19ৰ ৩৪,১০০ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । এটা দিনত এই অভিলেখ পৰিমাণৰ প্ৰতিষেধক প্ৰদান কৰা গোলাঘাট জিলা ৰাজ্যৰ ভিতৰতে প্ৰথম হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে কামৰূপ মহানগৰ জিলাত একেদিনাই ২৭,৮০০ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছিল । গোলাঘাট জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে আজি প্ৰায় ৩০ হাজাৰ পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । সেই অনুসৰি আজি জিলাখনৰ বিভিন্ন ঠাইত স্থাপন কৰা ৯৪ টা কেন্দ্ৰত বিভিন্ন বয়সৰ লোকক ৩৪,১০০ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । আজিৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহৰ ভিতৰত ভালেমান কেন্দ্ৰ চাহ বাগিচাত স্থাপন কৰা হৈছিল । জিলাখনত কালিৰ দিনটোত ১৪,১২৪ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । সম্পূৰ্ণ স্বাস্থ্য বিধি মানি প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্ধৰ লোকক চৰ্তহীনভাৱে  যিকোনো পালি প্ৰতিষেধক প্ৰদান কৰা হয় ।  জিলা প্ৰশাসনে বিনাদ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি পুনৰ আহ্বান জনাইছে । ইফালে আজি গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই বোকাখাত আৰু নুমলীগড়ৰ বিভিন্ন প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

12 July, 2021Golaghat Covid🦠 Details

12 July, 2021

Golaghat Covid🦠 Details

*গোলাঘাট জিলাত সুলভ মূল্যৰ দোকানত সংঘটিত অনিয়মৰ বিৰুদ্ধে যোগান বিভাগৰ ব্যাপক অভিযান* *অস্তিত্বহীন দোকানৰ নামত চৰকাৰী সামগ্ৰী সংগ্ৰহ, সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে গোচৰ*

12 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১১৯ জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত সুলভ মূল্যৰ দোকানত সংঘটিত অনিয়মৰ বিৰুদ্ধে যোগান বিভাগৰ ব্যাপক অভিযান* 

*অস্তিত্বহীন দোকানৰ নামত চৰকাৰী সামগ্ৰী সংগ্ৰহ, সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে গোচৰ* 

গোলাঘাট, ১২ জুলাই : গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা দলে আজি জিলাখনৰ মৰঙিৰ শ'লমৰা টোপ অঞ্চলৰ মঃ ফইজুদ্দিন আহমেদ নামৰ এজন লোকৰ সুলভ মূল্যৰ দোকানত অভিযান চলায় ৷ এই অভিযানত সুলভ মূল্যৰ দোকানখনত ভালেমান বিসংগতি তথা অনিয়ম সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহে । অভিযানকাৰী দলটোৱে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ চাউল আৰু ৰাজসাহায্যযুক্ত কেৰাচিন মজুতকৰণৰ পঞ্জীয়ন বহী নৰখা, ১৪ জনতকৈ অধিক ৰেচন কাৰ্ড থকা হিতাধিকাৰীক চাউল বিতৰণ নকৰা, অন্যান্য অনুজ্ঞাপত্ৰ নথকাকে আদি কৰি দোকানীজনৰ বিৰুদ্ধে বিভিন্ন দফা উলংঘনৰ ভালেমান তথ্য লাভ কৰে । ইয়াৰোপৰি, তেওঁ ৰংদৈ মহিলা সমবায় নামেৰে এখন অস্তিত্বহীন সুলভ মূল্যৰ দোকান চলাই আছিল । কোনোধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ এই সুলভ মূল্যৰ দোকানখনৰ নামত লোকজনে বিভাগৰ পৰা সামগ্ৰী সংগ্ৰহ কৰি বিতৰণ কৰি আহিছিল ৷ বিভাগে লোকজনৰ বিৰুদ্ধে আচাম পাব্লিক ডিষ্ট্ৰিবিউচন অৱ আৰ্টিকলছ অৰ্ডাৰ, ১৯৮২ ৰ ২৩ নং দফা উলংঘন কৰাৰ অভিযোগত এটা গোচৰ ৰুজু কৰে ৷ লগতে বিহীত চৰকাৰী প্ৰক্ৰিয়া অনুসৰি বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৫.৮০ কুইন্টল চাউল জব্দ কৰে ৷ উল্লেখযোগ্য যে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসে বিভাগটোত হৈ থকা অনিয়মসমূহ দূৰ কৰাৰ উদ্দেশ্যে ভুৱা হিতাধিকাৰী আৰু ভুৱা সুলভ মূল্যৰ দোকান আদিৰ বিৰুদ্ধে ব্যাপক অভিযান চলাবলৈ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশ দিছিল । সেই অনুসৰি গোলাঘাট জিলাত বিভাগৰ উদ্যোগত এনে অনিয়ম সংঘটিত কৰা লোকৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

12 July, 2021https://pmevents.ncog.gov.in/.

12 July, 2021


https://pmevents.ncog.gov.in/.

*গোলাঘাট জিলাত ১৩ আৰু ১৪ জুলাইত গেলামালৰ দোকানকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ* *সকলোৱে সহযোগ কৰক, সন্মিলিত প্ৰচেষ্টাতহে আমি ক'ভিডক পৰাজিত কৰিব পাৰিম : উপায়ুক্ত*

12 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১১৮ জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত ১৩ আৰু ১৪ জুলাইত গেলামালৰ দোকানকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ* 

*সকলোৱে সহযোগ কৰক, সন্মিলিত প্ৰচেষ্টাতহে আমি ক'ভিডক পৰাজিত কৰিব পাৰিম : উপায়ুক্ত* 

গোলাঘাট, ১২ জুলাই : গোলাঘাট জিলাত ক'ভিড 19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে ১৩ জুলাই মঙলবাৰ আৰু ১৪ জুলাই বুধবাৰে জিলাখনৰ সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিছে । এই সময়ছোৱাত গাখীৰ বিক্ৰী কেন্দ্ৰ আৰু ফাৰ্মাচীসমূহৰ বাহিৰে গেলামাল, শাক-পাচলি আৰু ফল-মূলৰ দোকানসমূহকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকিব । জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে । অৱশ্যে *এই সময়ছোৱাত পেট্ৰল পাম্প, গেছ এজেঞ্চি, বেংক, চাহ বাগিচা, উদ্যোগ আৰু অন্য জৰুৰী সেৱাসমূহ পূৰ্বৰ দৰে খোলা থাকিব ।* এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে অসম ক'ভিড19 নিয়ন্ত্ৰণ অধিনিয়ম, দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ আৰু ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । উপায়ুক্তগৰাকীয়ে ক'ভিডবিৰোধী যুঁজখনত সহযোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে । তেওঁ কয় যে কেৱল সন্মিলিত প্ৰচেষ্টাতহে আমি এই যুঁজত জয়লাভ কৰিব পাৰিম । তেওঁ অতি প্ৰয়োজন নহ'লে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । অন্যথা প্ৰশাসনৰ নিৰ্দেশ উলংঘা কৰা ব্যৱসায়ী অথবা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ সকীয়াই দিয়ে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

Big Breaking

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...