Saturday, 3 July 2021

03 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 02/07/2021.

03 July, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 02/07/2021.

03 Jun, 2021সেই মানৱ জাতি, স্বাস্থ্যই পৰম ধন। স্বাস্থ্যৰ অবিহনে একো কথা চিন্তা কৰিব নোৱাৰি। স্বাস্থ্যৰ পৰাই সকলো সৃষ্টি। সকলোৱে স্বাস্থ্যৰ প্ৰতি যতন লওঁক, লগতে যি দুখিয়া নিচলা, তেওঁলোককো পাৰিলে সহায় কৰক। এয়াই মানৱ জাতিৰ এক প্ৰধান কতৰ্ব্য।।। মাধৱ গগৈ।।

03 Jun, 2021

সেই মানৱ জাতি, স্বাস্থ্যই পৰম ধন। স্বাস্থ্যৰ অবিহনে একো কথা চিন্তা কৰিব নোৱাৰি। স্বাস্থ্যৰ পৰাই সকলো সৃষ্টি। সকলোৱে স্বাস্থ্যৰ প্ৰতি যতন লওঁক, লগতে যি দুখিয়া নিচলা, তেওঁলোককো পাৰিলে সহায় কৰক। এয়াই মানৱ জাতিৰ এক প্ৰধান কতৰ্ব্য।।। 

মাধৱ গগৈ।।

*গোলাঘাটত নিশা ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ* *এসপ্তাহত কাৰ্যক্ষম হ'ব ১০খন বিচনাৰ আইচিইউ, দুই/এদিনতে নিৰ্মাণৰ কাম আৰম্ভ হ'ব শিশু আইচিইউৰ* *৩০ খন বিচনাত অতিৰিক্তভাৱে কৰা হ'ব অক্সিজেনৰ ব্যৱস্থা* *উৰিয়ামঘাট ক'ভিড কেয়াৰ চেণ্টাৰক ক'ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ**সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ জিলাখনতে অধিক কঠোৰ নিৰ্দেশনা জাৰি কৰা সন্দৰ্ভতো আলোচনা*

03 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১১৩ জনসংযোগ, গোলাঘাট

*গোলাঘাটত নিশা ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ*  

*এসপ্তাহত কাৰ্যক্ষম হ'ব ১০খন বিচনাৰ আইচিইউ, দুই/এদিনতে নিৰ্মাণৰ কাম আৰম্ভ হ'ব শিশু আইচিইউৰ* 

*৩০ খন বিচনাত অতিৰিক্তভাৱে কৰা হ'ব অক্সিজেনৰ ব্যৱস্থা* 

*উৰিয়ামঘাট ক'ভিড কেয়াৰ চেণ্টাৰক ক'ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ*

*সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ জিলাখনতে অধিক কঠোৰ নিৰ্দেশনা জাৰি কৰা সন্দৰ্ভতো আলোচনা* 

গোলাঘাট, ২ জুলাই : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি নিশা গোলাঘাট জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ ক'ভিড-19ৰ স্বাস্থ্যবিধি তথা চৰকাৰী নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ লগতে ক'ভিডবিৰোধী যুঁজখনত সফল হোৱাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে গোলাঘাট জিলাখনক ক'ভিডমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে জিলা প্ৰশাসনক সকলো ধৰণে সহায়-সহযোগিতা আগবঢ়াব । জিলাখনৰ ক'ভিড পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে গৃহ আছুতীয়াকৰণত থকা লোকসকলে যাতে চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা নকৰে তাৰ প্ৰতি সতৰ্ক হ'বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । গৃহ আছুটীয়াকৰণৰ অনুমতি দিয়াৰ পাছতে যাতে সংশ্লিষ্ট ঘৰতো ছিল কৰাৰ ব্যৱস্থা কৰা হয়, সেইয়া সুনিশ্চিত কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে । আনহাতে এসপ্তাহৰ ভিতৰতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান ১০ খন বিচনাযুক্ত আই চি ইউ কক্ষটো কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । ইয়াৰোপৰি ৩০ খন বিচনাত অতিৰিক্তভাৱে অক্সিজেনৰ ব্যৱস্থা কৰিবলৈও বৈঠকত সিদ্ধান্ত লোৱা হয় । লগতে জিলাখনত ১০ খন বিচনাৰ শিশুৰ আই চি ইউ কক্ষ নিৰ্মাণৰ কামো দুই এদিনতে আৰম্ভ কৰা সন্দৰ্ভত আলোচনা কৰা হয় । বৈঠকত মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় যে দুই/ তিনিদিনৰ ভিতৰতে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্থাপন কৰা ১৪০ খন বিচনাৰ ক'ভিড কেয়াৰ কেন্দ্ৰটো কাৰ্যক্ষম হৈ উঠিব । বৈঠকত আলোচনামৰ্মে সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ক বৰ্তমানৰ ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ক'ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয় । তেওঁ কয় যে গোলাঘাট জিলাত ক'ভিডৰ অধিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৫০হাজাৰ প্ৰতিষেধক দিয়া হৈছে । আজিৰ বৈঠকত সমগ্ৰ জিলাখনতে ক'ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে নীতি-নিৰ্দেশনাসমূহ অধিক কঠোৰ কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় । মন্ত্ৰীগৰাকীয়ে ক'ভিডৰ পৰা আৰোগ্য হোৱাৰ পিছত ল'বলগীয়া সাৱধানতা সন্দৰ্ভতো  সজাগতা সৃষ্টিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । বৈঠকত কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰায়ো ৰাইজক চৰকাৰী নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায় । তেওঁ এই ক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়াসকলক সক্ৰিয় হ'বলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে ক'ভিড পৰীক্ষাত পজিটিভ ওলোৱা কোনো ৰোগীয়ে পৰীক্ষা কেন্দ্ৰৰ পৰা পলায়ন কৰিলে অথবা ক'ভিড বিধি উলংঘা কৰিলে তৎকালীনভাৱে আৰক্ষীক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে । আজিৰ বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

Friday, 2 July 2021

02 July, 2021

02 July, 2021Daily COVID-19🦠😷 bulletin Golaghat

02 July, 2021

Daily COVID-19🦠😷 bulletin Golaghat

02 July, 2021Tomorrow's (03/07/2021) Covid Vaccination Centres (CVCs) in Biswanath district. All are humbly requested to chose the nearest one and go and get vaccinated by following all Covid protocols.Directorate of Information and Public Relations, Assam

02 July, 2021

Tomorrow's (03/07/2021) Covid Vaccination Centres (CVCs) in Biswanath district. All are humbly requested to chose the nearest one and go and get vaccinated by following all Covid protocols.

Directorate of Information and Public Relations, Assam

02 July, 2021নগাঁও জিলা প্ৰশাসনে চহৰ অঞ্চলৰ যিসকল লোকে কোভাক্সিন ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰা ২৮ দিন বা ততোধিক হৈছে, সেইসকল নাগৰিকক ২য় পালি ভেকচিন প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।Directorate of Information and Public Relations, Assam

02 July, 2021

নগাঁও জিলা প্ৰশাসনে চহৰ অঞ্চলৰ যিসকল লোকে কোভাক্সিন ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰা ২৮ দিন বা ততোধিক হৈছে, সেইসকল নাগৰিকক ২য় পালি ভেকচিন প্ৰদানৰ বাবে  বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

Directorate of Information and Public Relations, Assam

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।