22 Jun, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১০৬/২০২১
*সংক্ৰমণ বৃদ্ধি পোৱা কেতবোৰ নির্দিষ্ট অঞ্চলত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত ২৪ জুনত মুখ্যমন্ত্ৰীয়ে ল'ব সিদ্ধান্ত*
*সকলো জিলাই যাতে সময়মতে প্ৰতিষেধক লাভ কৰে তাৰ বাবে বিমান বন্দৰৰ পৰাই পোনে পোনে প্ৰতিষেধক বিভিন্ন জিলালৈ প্ৰেৰণৰ ব্যৱস্থা*
*অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ গোলাঘাট জিলাৰ ৫ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন*
*প্ৰতিষেধক নষ্ট নকৰিবলৈ নিৰ্দেশ মহন্তৰ*
গোলাঘাট, ২২ জুন : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ক'ভিড-19ৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা জিলাসমূহৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি অহা ২৪ জুনত সংশ্লিষ্ট জিলাৰ কেতবোৰ নিৰ্দিষ্ট ঠাইত অধিক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে এই ক্ষেত্ৰত সমগ্ৰ জিলাখনতে নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিৱৰ্তে সংক্ৰমণ বৃদ্ধি পোৱা কেতবোৰ নির্দিষ্ট অঞ্চলত কঠোৰ নিৰ্দেশনা জাৰি কৰিব পাৰি নেকি সেই বিষয়ে বিবেচনা কৰা হ'ব । গ্ৰামাঞ্চল, চহৰ অঞ্চল, চাহ বাগিচা অঞ্চল আদি সকলো ঠাইৰে সুকীয়াকৈ শেহতীয়া ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিহে লকডাউন অথবা কণটেইনমেণ্ট জ'ন ঘোষণা কৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে সংক্ৰমণ বৃদ্ধি পোৱা জিলাৰ সংখ্যা বৰ্তমান প্ৰায় ৯খনলৈ বৃদ্ধি পাইছে । আনহাতে ক'ভিড প্ৰতিষেধক প্ৰদান সন্দৰ্ভত তেওঁ কয় যে প্ৰতিষেধক প্ৰদান কাৰ্য ক্ষিপ্ৰতাৰে সম্পন্ন কৰিব পাৰিলে ক'ভিডক বহু পৰিমানে পৰাজিত কৰিব পৰা যাব । সকলো জিলাই যাতে সময়মতে প্ৰতিষেধক লাভ কৰে তাৰ বাবে বিমান বন্দৰৰ পৰাই পোনে পোনে প্ৰতিষেধকসমূহ বিভিন্ন জিলালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে গোলাঘাট জিলাই কালি নিৰ্ধাৰিত ১০ হাজাৰৰ লক্ষ্যতকৈ দুহেজাৰৰো অধিক পৰিমাণৰ প্ৰতিষেধক প্ৰদান কৰিছে । মন্ত্ৰীগৰাকীয়ে প্ৰতিটো কেন্দ্ৰতে চিকিৎসক-স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে । তেওঁ কোনো কাৰণতে প্ৰতিষেধক যাতে নষ্ট নহয় সেইয়া সুনিশ্চিত কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । তেওঁ লগতে কেইবাটাও কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা লোকৰ সৈতেও মত বিনিময় কৰে ।
মন্ত্ৰীগৰাকীৰ সৈতে প্ৰতিটো প্ৰতিষেধক প্ৰদান কেন্দ্ৰত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং উপস্থিত আছিল । তেওঁ আজি জিলাখনৰ মুঠ ৫টা কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বুজ লয় । প্ৰতিটো কেন্দ্ৰতে তেওঁ প্ৰতিষেধক ল'বলৈ অহা লোকৰ বাবে বহাৰ সু-ব্যৱস্থা, সামাজিক দূৰত্ব মানি চলা আদি বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ থুৰাজান চাহ বাগিচাত স্থাপন কৰা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বুজ লয় । মন্ত্ৰীগৰাকীৰ সৈতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত আছিল । তাৰ পাছতেই তেওঁ গোলাঘাটৰ জিলা স্পৰ্টছ কম্প্লেক্সত স্থাপন কৰা আদৰ্শ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰটো পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীৰ সৈতে স্বাস্থ্য সেৱা, গোলাঘাটৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল । মন্ত্ৰীগৰাকীয়ে আজি খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ত স্থাপন কৰা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰটোও পৰিদৰ্শন কৰে । তেওঁৰ সৈতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া উপস্থিত আছিল । তাৰ পাছতে তেওঁ দেৰগাঁৱৰ মাৰোৱাৰী ধৰ্মশালাৰ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰটোলৈ যায় । এই পৰিদর্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী উপস্থিত আছিল । ইয়াৰ পূৰ্বে তেওঁ বোকাখাতৰ নাট্য মন্দিৰত স্থাপন কৰা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰটোও পৰিদৰ্শন কৰে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA