22 Jun, 2021
গোলাঘাটত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন ।
মঙ্গলবাৰে দুপৰীয়াৰ ভাগত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আজি উপস্থিত হয়হি গোলাঘাটত । গোলাঘাটৰ স্প'ৰ্টচ কমপ্লেক্সত থকা ক'ভিড প্ৰতিষেধক টীকাকৰন কেন্দ্ৰ পৰিদৰ্শন কৰি সামগ্ৰীক পৰিস্থিতিৰ বুজ লয় ।
ক'ভিড প্ৰতিষেধক টিকাকৰন কেন্দ্ৰ পৰ্যবেক্ষণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই।বৰ্তমান ৰাজ্যত ক'ভিডৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত পৰিমানৰ ভেকচিন,অক্সিজেন মজুত আছে বুলিও জানিবলৈ দিয়ে ।আনহাতে লকডাউন সন্দৰ্ভত গোলাঘাট জিলাখনত আংশিক লকডাউনেই হৈ থাকিব আৰু পুৰ্বতকৈ কঠোৰ হ'ব বুলি জানিবলৈ দিয়ে যদিও সেয়া সম্পুৰ্ণ স্পষ্ট নকৰিলে মন্ত্ৰীগৰাকীয়ে । আজি তেও জিলাখনৰ বহুকেইটা এনে কেন্দ্ৰৰ পৰিদৰ্শন কৰাৰ কাযসূচী আছিল যদিও সময়ৰ অভাৱত ততাতৈয়াকৈ দেৰগাঁৰ দিশে ৰাওণা হয় ৷
প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India