Saturday, 29 May 2021
Friday, 28 May 2021
আজিৰ সন্ধ্যাৰ এটা গুৰুত্বপূৰ্ণ পশ্ন:- মানৱ পৃথিবীলৈ আহে জীৱ ৰূপে। এজন মানৱৰ পৃথিবীত কি কৰ্ম হোৱা উচিত?
আজিৰ সন্ধ্যাৰ এটা গুৰুত্বপূৰ্ণ পশ্ন:-
মানৱ পৃথিবীলৈ আহে জীৱ ৰূপে। এজন মানৱৰ পৃথিবীত কি কৰ্ম হোৱা উচিত?
কভিডৰ ভয়াৱহতাৰ মাজতে লখিমপুৰত আৰক্ষীৰ জালত পৰিল তেজৰ দালাল
28 May, 2021
Lakhimpur _BLOOD DALAL ::
## লখিমপুৰত ইটোৰ পিছত সিটাে দালাল আৰক্ষী জালত।
## এইবাৰ নকল টকা বা নকল সোণৰ দালাল নহয়।
## এইবাৰ আৰক্ষী জালত তেজৰ দালাল।
## কভিডৰ ভয়াৱহতাৰ মাজতে লখিমপুৰত আৰক্ষীৰ জালত পৰিল তেজৰ দালাল
## তেজৰ এক ইউনিটট 20 হাজাৰকৈ দাবী কৰিছিল এই দালাল টোৱে।
## টিম হিউমিনিতি নামৰ ৰক্তদান কৰা সেস্বাসেবী সংস্থাটোৰ তৎপৰতাত পোহৰলৈ আহে লখিমপুৰত চলি থকা তেজৰ কলা ব্যৱসায়ৰ কথা।
## গোপন খবৰৰ ভিত্তিত টিম হিউমিনিটিয়ে চলোৱা অনুসন্ধানত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।
## আৰু এই টিম হিউমিনিতি নামৰ সংস্থাটোৰ তৎপৰতাত মুজাম্মিল আলী নামৰ দালাল টোক নিজ বাসগৃহৰ পৰা আটক কৰে লখিমপুৰ আৰক্ষীয়ে।
## আৰক্ষীৰ অনুসন্ধানত এই চক্ৰটোৰ বহু সদস্যৰ লগতে একাংশ চিকিৎসালয়ত কৰ্মৰত কৰ্মচাৰীও জালত পৰাৰ সম্ভাৱনা অধিক।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
গোলাঘাটত ব্যৱসায়ীয়ে অতিৰিক্ত দামত সামগ্ৰী বিক্ৰী কৰিলে, মূল্য আৰু মজুত সূচী আঁৰি নথ'লে গ্ৰহণ কৰা হ'ব কঠোৰ আইনী ব্যৱস্থা
28 May, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৮০/২০২১
গোলাঘাটত ব্যৱসায়ীয়ে অতিৰিক্ত দামত সামগ্ৰী বিক্ৰী কৰিলে, মূল্য আৰু মজুত সূচী আঁৰি নথ'লে গ্ৰহণ কৰা হ'ব কঠোৰ আইনী ব্যৱস্থা
পাইকাৰী আৰু খুচুৰা বিক্রেতাসকলে নিত্য প্ৰয়োজনীয় সামগ্ৰী বিক্ৰী কৰোতে গ্ৰাহকক দিব লাগিব ৰচিদ
আসন্ন বাৰিষাৰ সময়ছোৱাৰ বাবে সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰী মজুত ৰাখিবলৈ জিলা প্ৰশাসনৰ নিৰ্দেশ
গোলাঘাট, ২৮ মে' : গোলাঘাট জিলাত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি সংক্ৰান্তত কালি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় । অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আসন্ন বাৰিষাৰ সময়ছোৱাৰ বাবে সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰী মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে । পাইকাৰী আৰু খুচুৰা বিক্রেতাসকলে বিক্ৰী আৰু মিলাৰসকলে তেওঁলোকৰ সামগ্ৰীৰ সম্পূৰ্ণ তথ্য দৈনিক ৰাজহুৱা নকৰিলে কৃত্ৰিম নাটনি তথা বেআইনী ভাৱে মজুত ৰখা বুলি গণ্য কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সভাত সিদ্ধান্ত লোৱা হয় । এইক্ষেত্ৰত চেম্বাৰ্ছ অৱ কমাৰ্চ, গোলাঘাটৰ সম্পাদকে অৱগত কৰায় যে সকলো পাইকাৰী আৰু খুচুৰা বিক্রেতাই নিৰ্ধাৰিত মূল্যসূচীৰ ফলক আঁৰি থ'ব লাগিব । সামগ্ৰীৰ মজুত কম থাকিলে অথবা অভাৱ হ'লে সংশ্লিষ্ট বিষয়াৰ সৈতে যোগাযোগ কৰিব লাগিব । কিন্তু কোনো কাৰণতে ব্যৱসায়ীয়ে অধিক মুনাফা আদায় কৰিব নোৱাৰিব । সভাত যোগান বিভাগে সকলো মাহজাতীয় সামগ্ৰীৰ মানৰ ওপৰত ভিত্তি কৰি মূল্য নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । লগতে আলু-পিয়াঁজৰ বহিঃৰাজ্যৰ পৰা অহা বাহনসমূহৰ লোকসকলৰ লগতে পাইকাৰী আৰু খুচুৰা বিক্রেতাসকলক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হয় । সভাত যোগান বিভাগৰ পৰিদৰ্শকে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীসমূহত চৰকাৰী নিৰ্দেশ অনুসৰি পাইকাৰী বিক্রেতাসকলে ২.৫ শতাংশ আৰু খুচুৰা বিক্রেতাসকলে ৬ শতাংশ মুনাফা আদায় কৰিব পাৰে । ব্যৱসায়ীয়ে অতিৰিক্ত দামত সামগ্ৰী বিক্ৰী কৰিলে, মূল্য আৰু মজুত সূচী আঁৰি নথ'লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সভাত সিদ্ধান্ত লোৱা হয় । সভাত পৰিদৰ্শকে জনায় যে পাইকাৰী আৰু খুচুৰা বিক্রেতাসকলে নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ বিক্ৰী কৰোতে গ্ৰাহকক ৰচিদ দিব লাগিব ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
Subscribe to:
Comments (Atom)
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...