28 April, 2021
Wednesday, 28 April 2021
আজিৰ প্ৰসংগ ভুমিকম্প
28 April, 2021
আজিৰ প্ৰসংগ
ভুমিকম্প
আজি পুৱা 7 বাজি 52 মিনিট আৰু 8 বাজি 4 মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। আমি কল্পনা কৰিব নোৱাৰা এটা জোকাৰণি।
আপুনি ভাবকছোন কিছু মুহু্ৰ্তৰ বাবে, যদি আপোনাৰ সকলো উপাজিত সামগ্রী, ঘৰ, অট্টালিকা, দালান, গাড়ী টকা পইচা, সকলো ভূগর্ভত বিলীন হয় যায় কি হব।
আপুনি টো বহোত কষ্ট কৰি, ঠগি পৱঞ্চনাৰে, দুখিয়াক ঠগি বা আন আন পৱঞ্চনাৰে, সমাজ খন পদুখিত কৰি, আপুনি পাহাৰ সদৃশ সম্পত্তি গোটায়। যদি আপুনি খাৱলৈয়ে নাপায়। ভোগ কৰিব নোৱাৰে।
আমি এনেই মিচা মৰিচিকাৰ পাছত দৌৰি আছো। আমাৰ একো লাভ নাই অন্যায় ভাবে ধন ঘটি।
ভাবকছোন এবাৰ,
কিবা লাভ আছে জানো পাৰ্প কৰি অৰ্থ উপাজন ঘটাৰ। একো লাভ নাই।
হয় লাভ আছিল, যদি আপুনি সত পথত আপোনাৰ সম্পত্তি অধিকাৰি হলহেতেন।
আনকো যিমান পাৰে সহায় কৰিলেহেতেন। সমাজখনো পদুখিতৰ পৰা দুৰত থাকিলেহেতেন।
আপুনি যিটো আনন্দ লাভ কৰিলেহেতেন, সেইতো আনন্দ পৃথিবীৰ কতো পাবলৈ সখম নহয়।
মানুহৰ জীবন টোত একো নাই, মাএ আমি এই পৃথিবীলৈ কিছু সময়ৰ বাবেহে আহিছো।
আমাক সৃষ্টি কৰতাই পৃথিবীলৈ পথাইছে, আমাৰ দ্বাৰা কিছু ভাল কৰ্ম হওক, পৃথিবীৰ জীৱকোলৰ কিছু ভাল হওক।
আমাক ধংস কৰিবলৈ পথোৱা নাই। আমি যিহেতু সৃষ্টি কৰিব নোৱাৰো, আমাৰ ধংস কৰাৰো অধিকাৰ নাই।
আহক আমি সকলোৱে এই সকলো খিনি বেয়া কৰ্মৰ পৰা দুৰত থাকো। এখন সুস্থ সবল পৃথিবী সমাজ গঢ় দিয়াৰ মানসেৰে আগবাঢ়ো। সমাজৰ পৰা অপায় অসুয়া অমঙ্গল , সমাজৰ পৰা বেয়া কৰ্ম দূৰ কৰো।
আহক আমি সংকল্প লওঁ।
মাধৱ গগৈ
গোলাঘাট।
গোলাঘাট নিৰ্বাচন জিলাত ভোটগননাৰ বাবে সাজু জিলা প্ৰশাসন
28 April, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৬৩/২০২১
গোলাঘাট নিৰ্বাচন জিলাত ভোটগননাৰ বাবে সাজু জিলা প্ৰশাসন
ভোটগননা প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীৰে ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক : উপায়ুক্ত
৬টা ভোটগননা কক্ষত ৩৩ খনকৈ টেবুলত হ'ব গননা
গোলাঘাট, ২৮ এপ্ৰিল : গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিৰ বাবে অহা ২ মে'ত হ'বলগীয়া ভোটগননাৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত ভোটগননাৰ প্ৰস্তুতিৰ বুজ লয় । তেওঁ ভোটগননাৰ দিনা ক'ভিডৰ স্বাস্থ্য বিধিসমূহ কঠোৰ ভাৱে পালন কৰাৰ লগতে ভোটগ্ৰহণৰ দৰে ভোটগণনাও শান্তিপূৰ্ণভাৱে আৰু সুচাৰুৰূপে সম্পন্ন হ'ব বুলি আশা প্ৰকাশ কৰে । তেওঁ কয় যে ভোটগননা প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীৰে ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে । লগতে ভোটগননা কেন্দ্ৰসমূহত শাৰীৰিক ব্যৱধান বজাই ৰখাৰ বিষয়টোত তেওঁ গুৰুত্ব আৰোপ কৰে । শ্ৰীমোদীয়ে ভোটগননা সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । উল্লেখযোগ্য যে গোলাঘাট ৰেছিডেন্সিয়েল গাৰ্লছ পলিটেকনিকত ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে । সেইদিনা ৬টা ভোটগননা কক্ষত ৩৩ খনকৈ টেবুলত হ'ব ভোটগননা কৰা হ'ব । প্ৰতিটো সমষ্টিৰ বাবে দুটাকৈ ভোটগণনা কক্ষ আৰু এটাকৈ পষ্টেল বেলট ভোটগননা কক্ষ থাকিব । প্ৰতিটো কক্ষত ৭ খনকৈ টেবুলত ভোটগননা কৰা হ'ব । গোলাঘাট সমষ্টিৰ পষ্টেল বেলট গণনা কক্ষত ৩ খন আৰু খুমটাই সমষ্টিৰ পষ্টেল বেলট গণনা কক্ষত ২ খন টেবুল থাকিব । ভোটগননা কক্ষত পুৱা চাৰে ৭ বজাৰ ভিতৰত সকলো ভোটগননাকাৰী বিষয়া- কৰ্মচাৰী প্ৰৱেশ কৰিব লাগিব । ভোটগননাৰ বাবে ১৮৭ গৰাকী ভোটগননা চুপাৰভাইজৰ, ভোটগননা সহকাৰী আৰু মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ।স্মৰ্তব্য যে যোৱা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ বাবে হোৱা ভোটগ্ৰহনৰপৰা ই ভি এম সমূহ গাৰ্লছ পলিটেকনিকৰ ষ্ট্ৰং ৰুমত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে । গোলাঘাট নিৰ্বাচন জিলাত এইবাৰৰ নিৰ্বাচনত প্ৰায় ৮০শতাংশ ভোটদান হৈছিল ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
BREAKING NEWSআজি পুৱা 7 বাজি 52 মিনিট আৰু 8 বাজি 4 মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
28 April, 2021
BREAKING NEWS
প্ৰাবল্যৰ ভূমিকম্প:3.4, 28-04-2021, 10:39:12 ভাৰতীয় সময়মতে, লাট: 26.62 আৰু দীঘল: 92.46, গভীৰতা: 10 কিমি, অৱস্থান:
Tuesday, 27 April 2021
Subscribe to:
Posts (Atom)
আহ্বান
।। জয় মা আৰু প্ৰকৃতি।। 👉 অহংকাৰ 👈 সেই মানৱ জাতি অহংকাৰ কৰি কি পাবা ? কেতিয়াবা শ্মশানলৈ গৈ চাবা। তাত দেখিবা আপোনাতকৈ ধনী...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...