Tuesday, 13 April 2021
Monday, 12 April 2021
চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
12 April, 2021
*লখিমপুৰ বিহু* Date :- 12/4/21
## চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলী লটা।
## বিহু বুলিলেই আমাৰ গা সাতখন আঠখন কৰে।
## বহাগ বুলিলে বসন্ত, এই "বসন্ত আদৰণি উৎসৱ -২০২১" অনুষ্ঠিত আজি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয়।
## পূৱা ৯ বজাত বিহু পতাকা উত্তলন কৰে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপালী হাজৰিকায়ে।
## এই অনুষ্ঠানত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচলনা সমিতিৰ সভাপতি জীৱন চন্দ্ৰ দত্তই সঞ্চালনা কৰে।
## নিদিষ্ট বক্তাৰ হিচাপে উপষ্টিত থাকে বিহু সুৰক্ষা সমিতি সম্পাদক লক্ষ্য তামুলী ফুকন, বিশিষ্ট অতিথি বিহু সুৰক্ষা সমিতি সভাপতি চক্ৰ সোনোৱালৰ লগতে বহুকেইজন গন্যমান্য ব্যক্তি।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
অৱশেষত উদ্ধাৰ হ'ল দৈয়াং নদীত ডুব যোৱা দেৱাশীষ তামুলীৰ মৃতদেহঃ
12 April, 2021
ওখা আৰু যোৰহাটৰ এচ ডি আৰ এফৰ যৌথ অভিযানঃ
অৱশেষত উদ্ধাৰ হ'ল দৈয়াং নদীত ডুব যোৱা দেৱাশীষ তামুলীৰ মৃতদেহঃ
অৱশেষত কেইবাঘন্টাজোৰা অভিযানৰ অন্তত উদ্ধাৰ হ'ল দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত সলিল সমাধি ঘটা গোলাঘাটৰ দেৱাশীষ তামুলীৰ মৃতদেহ। উল্লেখ্য যে,
দেওবাৰে নীপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ সংৰক্ষিত দৈয়াং নদীত কাষত ১২ জন সতীৰ্থসহ বনভোজ খাবলৈ গৈ গোলাঘাটৰ আই চি আই চি আই বেংকৰ কৰ্মচাৰী দেৱাশীষ তামুলীয়ে নদীত সাতুৰিবলৈ গৈ নিখোজ হৈছিল। কালি নাগালেণ্ডৰ ওখা জিলাৰ এচ ডি আৰ এফ বাহিনীয়ে যুৱকজনক উদ্ধাৰৰ বাবে সন্ধান চলাইছিল যদিও নিশা হোৱাৰ লগতে উন্নত সা-সৰঞ্জাম নথকাত অভিযান স্থগিত ৰাখিব লগা হয়। আজি অসমৰ যোৰহাটৰ পৰা যোৱা এচ ডি আৰ এফ বাহিনীৰ ডুবাৰুৱে নাগালেণ্ডৰ এচ ডি আৰ এফ বাহিনীৰ যৌথ উদ্যোগত উদ্ধাৰ কৰে মৃতদেহটো। ইতিমধ্যে নদীৰ বুকুৰ পৰা উদ্ধাৰ হোৱা দেৱাশীষৰ মৃতদেহ নাগালেণ্ডৰ ওখা আৰক্ষী প্ৰশাসনে গোলাঘাট আৰক্ষী প্ৰশাসনক গতাই দিয়া বুলি জানিব পৰা গৈছে।
গোলাঘাট পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ত নৰ্থইষ্ট নিউজ ইণ্ডিয়া
শিশুৰ পৰা বৃদ্ধ-বৃদ্ধালৈ সকলো ব্যস্ত চেনেহৰ বিহুতিক আদৰিবলৈ ৷
12 April, 2021
বহাগৰ এই বতৰত অসমীয়াৰ মন উতলা হৈ পৰিছে ৷ কুলী কেতেকীৰ শুৱলা মাতে বহাগৰ জাননী অনাৰ সময়তে শিশুৰ পৰা বৃদ্ধ-বৃদ্ধালৈ সকলো ব্যস্ত চেনেহৰ বিহুতিক আদৰিবলৈ ৷
এই সময়তে গোলাঘাটৰ নতুন আমোলাপট্টিৰ নাচনী অন্যন্যা দেৱী আৰু ঢ়েকিয়ালৰ ৰহঢ়লা পথাৰৰ কাষৰ চেতীয়া গাঁৱৰ ঢ়ুলীয়া ভাস্কৰ বৰকটকীয়ে বিহু নাচিলে ৰহঢ়লা পথাৰৰ মাজৰ জৰীগছৰ তলত ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া
Covid Update Assam
Sunday, 11 April 2021
এইয়া গোলাঘাটৰ নোগোৰা অঞ্চলৰ কুৱঁৰী গাঁৱৰ কেটেকীৰ শতাধিক গছ
11 April, 2021
বহাগত কপৌফুল ফুলাৰ সময়তে ফুলে কাইটিয়া কেটেকীজোপা ৷ কাইতীয়া পাতৰ মাজত ফুলা কেটেকীফুলৰ সুৱাসে আমোলমোলাই থাকে ৷ বতাহল কেটেকীৰ সুবাস উৰিযায় বহুদূৰলৈ ৷ কেটেকীৰ সুবাসেও মন উগুলথুগুল কৰে ধুলীয়া- নাচনিৰ মন ৷ এইয়া গোলাঘাটৰ নোগোৰা অঞ্চলৰ কুৱঁৰী গাঁৱৰ কেটেকীৰ শতাধিক গছ
৷ ইয়াতেই প্ৰতিবছৰে বসন্তকালত ফুলে কেটেকী ফুলবোৰ ৷ আৰু কাইটিয়া কেটেকী আৰু বিষাক্ত সাপৰ আৱেষ্টনীৰ পৰা বিভিন্নজনে চিঙীআনি সুৱাস লয় কেটেকীৰ ৷ ::
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা প্ৰতিবেদন নৰ্থইষ্ট নিউজ ইণ্ডিয়া
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...