Friday, 9 April 2021

09 April, 2021 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৯ চনৰ বানপানীৰ সময়ত উদ্ধাৰ কৰা ৩টা গড় পোৱালি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ

09 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৫৩/২০২১

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৯ চনৰ বানপানীৰ সময়ত উদ্ধাৰ কৰা ৩টা গড় পোৱালি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ

গোলাঘাট, ৯ এপ্ৰিল : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৯ চনৰ বানপানীৰ সময়ত উদ্ধাৰ কৰা ৩টা গড় পোৱালি আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হৈছে । বন বিভাগ আৰু IFAW-WTI এ তিনিটা পৃথক স্থানৰ পৰা গড় পোৱালিকেইটা উদ্ধাৰ কৰিছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা গড় পোৱালিকেইটা আজি মানাহলৈ প্ৰেৰণ কৰা হয় ।  উল্লেখযোগ্য যে ২০১৯ চনৰ জুলাই-আগষ্ট মাহৰ বানপানীৰ সময়ত বিশ্বনাথৰ হাতিমুৰা আৰু কুথুৰীৰ পৰা দুজনী গঁড়ৰ পোৱালি আৰু শ'লমাৰাৰ পৰা এটা মতা গড়ৰ পোৱালি উদ্ধাৰ কৰা হৈছিল । IFAW-WTI ৰ বিশেষজ্ঞ পশু চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীৰ নেতৃত্বত গড় পোৱালীকেইটা কঢ়িয়াই নিয়া চিকিৎসকৰ দলটোত আছে ডাঃ চামছুল আলী, ডাঃ দাওহাৰো বড়ো আৰু ডাঃ বিশ্বজিৎ বৰুৱা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কয় যে যোৱা দুবছৰ ধৰি গঁড়ৰ পোৱালীকেইটাক ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত প্ৰতিপালন কৰি ৰখা হৈছিল । গড় পোৱালিকেইটাৰ খড়্গ ওলাবলৈ ধৰাৰ এই সময়খিনিয়ে পুনৰ সংস্থাপনৰ বাবে উৎকৃষ্ট সময় বুলি তেওঁ উল্লেখ কৰে । কাইলৈ নিচেই পুৱা মানাহত উপস্থিত হ'বলগীয়া দলটোৱে গড় পোৱালিকেইটাক স্বাস্থ্য পৰীক্ষা কৰি এটা নিৰ্দিষ্ট সময়ৰ বাবে নিৰীক্ষণত ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মোকলাই দিব ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

09 April, 2021Covid Update Assam SoP for Upcoming Festivals in Assam. NORTHEAST NEWS INDIA

09 April, 2021

Covid Update Assam 

SoP for Upcoming Festivals in Assam.

NORTHEAST NEWS INDIA

09 April, 2021Covid Update Assam

09 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 08/04/2021.


NORTHEAST NEWS INDIA

Thursday, 8 April 2021

BIG BREAKING NEWS

 08 April, 2021


*লখিমপুৰ উদ্ধভ ভৰালী* Date :- 8/4/21


## বিশিষ্ট উদ্ভাবক পদ্মশ্ৰী উদ্ধব ভৰালীৰ দৈনিক নতুন নতুন উদ্ভাবনে সহায় কৰিছে বহু লোকৰ।


## শেহতীয়াকৈ উদ্ধৱ ভৰালীৰে এক উদ্ভাৱনে নতুন জীৱন দিলে গুৱাহাটীৰ এজন ব্যক্তিক।


## ২০১২ চনৰ এক ৰেল দুৰ্ঘটনাত দুয়োখন হাত হেৰুৱাইছিল গুৱাহাতীৰ বসন্ত কুমাৰ  ডেকা নামৰ ব্যক্তি জনে।


##  ২০১২ চনৰ পৰা ৯ বছৰ আনৰ ওপৰত নিৰ্ভৰ কৰি আহিছিল বসন্ত কুমাৰ ডেকাই।


## কিন্তু এতিয়াৰ পৰা ডেকাক নালাগে কাৰোৰে সহায়।



##  পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে বসন্ত ডেকাৰ বাবে উদ্ভাৱন কৰি উলিয়ালে  বহুকেইটা সামগ্ৰী।


## পুৱা দাত ব্ৰাছ কৰা , চাহ খোৱা, ভাত খোৱাৰ লগতে সৌচালয়ৰ সকলো কাম আজিৰে পৰা নিজে  নিজেই  কৰিব পাৰিব বসন্ত ডেকাই।


## প্ৰায় দুবছৰীয়া পৰীক্ষাৰ অন্তত  বৃহস্পতিবাৰে  লখিমপুৰৰ নিজ বাসগৃহত সামগ্ৰী সমুহ বসন্ত ডেকাক অৰ্পন কৰিলে উদ্ভৱ ভৰালীয়ে।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Covid Update Assam

08 April, 2021

Covid Update Assam 
Covid19 Assam and actions taken as on 07/04/2021.

NORTHEAST NEWS INDIA

Wednesday, 7 April 2021

কুলী কেতেকীৰ মিঠামাতে আনিছে বসন্তৰ আগলিবতৰা

 07 April, 2021


কুলী কেতেকীৰ মিঠামাতে আনিছে বসন্তৰ আগলিবতৰা



ৰঙালীৰ ৰং আনিছে বহাগে বিৰিখৰ কুহিপাত কুলী কেতেকীৰ মিঠামাতে আনিছে বসন্তৰ আগলিবতৰা ৷ এতিয়া অসমৰ সকলো ঠাইতে বিহুৰ কৰ্মশালা ৷ শিশুৰপৰা বৃদ্ধ-বৃদ্ধালৈ সকলো অসমীয়া সাজু হৈছে বহাগক আদৰিবলৈ ৷ ৰৈ থকা নাই গোলাঘাটৰ সুন্দৰী বোৱাৰীও ৷ বসন্তৰ বলিয়া বা জাকে

 অতিতক সোঁৱৰাই আমণি কৰিছে বোৱাৰীৰ মন ৷ গাভৰু কালৰ লাহি কঁকাল নেথাকিলেও অসমীয়াৰ মন ৷  গোলাঘাটৰ ধনশিৰি নদীৰ

 পাৰত এপাক নাছিলে কেইগৰাকীমান বোৱাৰেয়ে ৷ :::


 গোলাঘাটৰ পৰা জয় প্ৰসাদ গুপ্তা ৰিপ’ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটত নতুনকৈ দুজন লোকৰ দেহত কোৱিডৰ সংক্ৰমণ, আক্ৰান্তৰ সংখ্যা ১৩ লৈ বৃদ্ধি

07 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৫২/২০২১

গোলাঘাটত নতুনকৈ দুজন লোকৰ দেহত কোৱিডৰ সংক্ৰমণ, আক্ৰান্তৰ সংখ্যা ১৩ লৈ বৃদ্ধি

গোলাঘাট, ৭ এপ্ৰিল : গোলাঘাট জিলাত আজি নতুনকৈ দুজন লোকৰ দেহত কোৱিড-19ৰ সংক্ৰমণ ধৰা পৰিছে । ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় কোৱিড ৰোগীৰ সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে । ইয়াৰে ১০জন ঘৰতে আছুটীয়াকৈ থকাৰ বিপৰীতে দুজন লোক যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল আৰু এজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে । আজি ৭৭৪জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১২জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় । আজি কোৱিডৰ সংক্ৰমণ ধৰা পৰা এজন লোক তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ আহিছিল আৰু আনজন এই ৰোগত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ ফলত সংক্ৰমিত হৈছে । উল্লেখযোগ্য যে কালি জিলাখনৰ তেলগৰমত সংক্ৰমণ ধৰা পৰা এজন লোক উড়িষাৰ পৰা আহিছিল । জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱালৈ চাই সকলো লোককে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে কোৱিড-19ৰ স্বাস্থ্যবিধিসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে ।
 
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।