Wednesday, 7 April 2021

গোলাঘাটত বিশ্ব স্বাস্থ্য দিৱস উদযাপন

07 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৫১/২০২১

গোলাঘাটত বিশ্ব স্বাস্থ্য দিৱস উদযাপন

৪৫ বছৰ বয়সৰ উৰ্ধৰ সকলো লোককে বিনাদ্বিধাই কোৱিডৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ আহ্বান স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ

গোলাঘাট, ৭ এপ্ৰিল : গোলাঘাট জিলাৰ টেনপুৰ নগৰ স্বাস্থ্য কেন্দ্ৰত আজি ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ প্ৰকল্প, গোলাঘাট আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত অংশ লৈ গোলাঘাট জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই বিনাদ্বিধাই সকলোকে কোৱিড-19ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে প্ৰতিষেধকক লৈ উৰা বাতৰিত ভোল যোৱাৰ পৰিৱৰ্তে সকলোৱে স্বেচ্ছাই ওলাই আহি স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক সহায় কৰা উচিত । অহা ১২এপ্ৰিলৰ পূৰ্বে টেনপুৰ নগৰ স্বাস্থ্য কেন্দ্ৰ আৰু গোলাঘাট কোৱিড চিকিৎসালয়ত ৪৫ বছৰ বয়সৰ উৰ্ধৰ সকলো ব্যক্তিয়ে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে সুস্বাস্থ্যৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । সভাত চিকিৎসক ডাঃ গকুল চান্দ খান্দেলৱালে মানসিক স্বাস্থ্য ৰক্ষা সন্দৰ্ভত বিতংভাৱে বৰ্ণনা কৰে । চিকিৎসক ডাঃ পুলিন ফুকনে সভাপতিত্ব কৰা সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী আৰু সমাজকর্মী জুৰি দাস ৰাজখোৱা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল । ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ প্ৰকল্প, গোলাঘাটৰ নডেল বিষয়া ডাঃ সুনিতা এক্কাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । আজিৰ সভাত জিলা স্বাস্থ্য সমিতিৰো ভালেমান বিষয়ববীয়া আৰু চিকিৎসক উপস্থিত আছিল ।  সভাত অংশ লোৱা এন চি চিৰ কেডেটসকলে উপস্থিত স্বাস্থ্য খণ্ডৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে ।
 
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Covid Update Assam

07 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 06/04/2021.


NORTHEAST NEWS INDIA

Tuesday, 6 April 2021

अखिल असम भोजपुरी परिषद के १४ वां स्थापना दिवस आज गोलाघाट जिला समिति ने मेरापानी में मनाया

 06 April, 2021

अखिल असम भोजपुरी परिषद के १४ वां स्थापना दिवस आज गोलाघाट जिला समिति ने मेरापानी में मनाया



संजीव कुमार प्रजापति, नॉर्थ ईस्ट न्यूज इंडिया

গোলাঘাটৰ আছূৰ ফিল্ডত বিহুৰ কৰ্মশালা ৷

 06 April, 2021


গোলাঘাটৰ আছূৰ ফিল্ডত বিহুৰ কৰ্মশালা ৷



১ৰ পৰা ১১ এপ্ৰিললৈ প্ৰশিক্ষণ দিয়াহৈছে বিহুনাচ ; ঢ়োলবাদন আদিৰ প্ৰশিক্ষণ ৷


কণমানি শিশু -চেমনিয়া -যুৱতীক প্ৰশিক্ষিত কৰি অসমীয়াৰ ৰঙালী বিহু জনপ্ৰীয় কৰাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰতখন ৰঙীল আৰু আনন্দময় কৰি তুলিছে প্ৰশিক্ষক সকলে ৷ :::  


প্ৰকাশ শৰ্মা গোলাঘাট ৷ নৰ্থইষ্ট নিউজ ইণ্ডিয়া

Covid Update Assam

06 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 05/04/2021.

NORTHEAST NEWS INDIA

Monday, 5 April 2021

Breaking News

 05 April, 2021


*লখিমপুৰ কেৰাটি* Date :- 5/4/21


## লখিমপুৰ কেৰাটি ডো একাদেমীয়ে KYU আৰু DAN   Grading পৰীক্ষা অনুষ্ঠিত কৰে।


## সদৌ অসম ভৃত্তিত আয়োজন কৰা এই বেল গেডিং পৰীক্ষাত প্ৰায় ৮০ গৰাকী পৰীক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।


## লখিমপুৰ ইন ড্ৰৰ ইস্তুডিয়ত আয়োজন হোৱা এই বেল গেডিং পৰীক্ষাত লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰীক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


BREAKING NEWS

 05 April, 2021


*NCC Lakhimpur* Date :- 5/4/21


## লখিমপুৰত উপস্থিতি হয় তেজপুৰ হেড কোৱাটাৰৰ গ্ৰোপ কামাণ্ডাৰ বিৰ্গেডাৰ এ এছ কাছানা ভিচেটৰ।


## বছেৰেকীয়া ভ্ৰমণ সূচীত আজি লখিমপুৰ জিলাৰ চাবতিত থকা 72 Girl's NCC অফিচত তেখেতক NCC কেদাৰ সকলে উস্ম আদৰনি জনায়।


## NCC কেদাৰ সকলে পৰীক্ষাৰ বাবে কেনেদৰে সাজু হব লাগে এই বিষয়ে আলোচনাত মিলিত হয়।


Byte :- NCC কেদাৰ


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।