Friday, 26 March 2021

২৭ মাৰ্চত হবলগা প্ৰথমপয্যায়ৰ ভোট গ্ৰহণৰ বাবে আজি

 26 March, 2021


২৭ মাৰ্চত হবলগা প্ৰথমপয্যায়ৰ ভোট গ্ৰহণৰ বাবে আজি


৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই সমষ্টিৰ ভোটকেন্দ্ৰ সমূহলৈ নিযোজিত   বিষয়া কৰ্মচাৰীসকল ৰাওনা হৈছে ৷জিলা প্ৰশাসনে সু পৰিকল্পিত ভাবে  গোলাঘাটৰ

 বগৰিজেং ফিল্ড আৰু পুলিবৰ হাইস্কুলৰ ফিল্ডৰ পৰা দুয়োটা সমষ্টিৰ ভোত কেন্দ্ৰ সমূহলৈ গাড়ীৰ যোগে ভোতিংমেচিন সমূহ প্ৰেৰণ কৰা দেখা গৈছে ৷ অৱশ্যে এই ব্যৱস্থাতো সামাণ্য ক্ৰতি ৰৈ যোৱাবুলি এজন বিষয়াই মন্তব্য কৰিলে :: 


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Thursday, 25 March 2021

বিধানসভা নিৰ্বাচনৰ বাবে গোলাঘাট জিলা প্রশাসনৰ প্রস্তুতি সম্পূর্ণ

25 March, 2021

বিধানসভা নিৰ্বাচনৰ বাবে গোলাঘাট জিলা প্রশাসনৰ প্রস্তুতি সম্পূর্ণ 

২৬ মার্চ পুৱা ৮ বজাৰ পৰা নিৰ্বাচনৰ সা-সামগ্রী বিতৰণ

এতিয়ালৈকে ১৭২৭ গৰাকী ভোটদাতাই পষ্টেল বেলটযোগে দিলে ভোট

২১টা ভোটগ্ৰহন কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব 

গোলাঘাট, ২৫ মার্চ : বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ত অহা ২৭ মাৰ্চত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিত অহা ২৭ মাৰ্চত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে গোলাঘাট জিলা প্রশাসনে সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে। প্রিজাইডিং, প'লিং  বিষয়া আৰু মাইক্র'অৱজাৰ্ভাৰ সকলৰ প্রশিক্ষণ প্রদানকার্য ইতিমধ্যে  সম্পূর্ণ হৈ উঠিছে । 

কোবিড-19ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে । গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭টা ভোটগ্ৰহন কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে । সমষ্টি দুটাত মুঠ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা ৪৮৬ টা । ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰ থাকিব । সমষ্টি দুটাৰ তিনিটা ভোটগ্ৰহন কেন্দ্ৰ জটিল (critical) হিচাপে চিনাক্ত কৰা হৈছে । কেন্দ্ৰকেইটা হৈছে গোলাঘাট সমষ্টিৰ ৩৫-হিন্দী বিদ্যালয় আৰু ১৯৪-ৰতনপুৰ প্ৰাথমিক বিদ্যালয় আৰু খুমটাই সমষ্টিৰ ৮৪- জৰাগুৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহন কেন্দ্ৰ । তদুপৰি আইন-শৃংখলাজনিত দিশৰপৰা গোলাঘাট সমষ্টিৰ ১৮টা আৰু খুমটাই সমষ্টিৰ ৭টা কেন্দ্ৰ জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । এইবাৰ গোলাঘাট সমষ্টিত ১৯টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহন কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব । 

ভোটগ্ৰহন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে দুয়োটা সমষ্টিক ১০ টা জ'ন আৰু ৩৯ টা চেক্টৰত ভাগ কৰি জ'নেল আৰু চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে । গোলাঘাটত ৬টা আৰু খুমটাইত ৪টা জ'ন কৰা হৈছে । আনহাতে গোলাঘাটত ২৩ টা আৰু খুমটাইত ১৬ টা চেক্টৰ কৰা হৈছে । গোলাঘাট সমষ্টিত ৩১৭ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৯৫১ গৰাকী পলিং বিষয়া নিয়োগ কৰা হৈছে । আনহাতে খুমটাই সমষ্টিত ২১৯ গৰাকী প্ৰিজাইডিং আৰু ৬৫৭ গৰাকী প'লিং বিষয়া নিয়োগ কৰা হৈছে । এইবাৰ মুঠ মহিলা ভোটগ্ৰহনকাৰী বিষয়াৰ সংখ্যা ৯৬ গৰাকী । ইয়াৰে গোলাঘাটত ৮৪ গৰাকী আৰু খুমটাইত ১২ গৰাকী । প্ৰতিটো চেক্টৰতে এজনকৈ অৰ্থাৎ ৩৯ গৰাকী মাইক্ৰ' অৱজাৰ্ভাৰ নিয়োগ কৰা হৈছে ।

২৬ মার্চ, ২০২১ তাৰিখে পুৱা ৮ বজাৰ পৰা বিভিন্ন ভােট গ্রহণ কেন্দ্রলৈ যাবলগীয়া প্রিজাইডিং আৰু প'লিং বিষয়াসকলক নিৰ্বাচনৰ সা-সামগ্রীসমূহ বিতৰণ কৰা হব । ২৭ মাৰ্চ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহন কৰা হ'ব । ভোটগ্ৰহন অন্ত পৰাৰ নিৰ্ধাৰিত সময়ৰ ৪৮ ঘণ্টাৰ পূৰ্বে অৰ্থাৎ আজি সন্ধিয়া ৬ বজাত প্ৰচাৰ অভিযান বন্ধ কৰিব লাগিব । 

পষ্টেল বেলট ভোটিঙৰ প্ৰতি এইবাৰ বিশেষ সঁহাৰি পৰিলক্ষিত হৈছে । সমষ্টি দুটাত ১০৯২গৰাকী ৮০ বছৰৰ উৰ্ধৰ ভোটদাতা(গোলাঘাট ৬৬৪/খুমটাই ৪২৮), ৩০৬গৰাকী বিশেষভাৱে সক্ষম ভোটদাতা(গোলাঘাট ২১১/খুমটাই ৯৫), ২৫ গৰাকী অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতা (গোলাঘাট ১৯/খুমটাই ৬) আৰু ৩০৪ গৰাকী নিৰ্বাচনত নিয়োজিত লোকে (গোলাঘাট ১৯২/খুমটাই ১১২) পষ্টেল বেলটযোগে ভোটদান কৰিছে । 

ইফালে গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে । দুয়োটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ' ছাৰ্ভিলেন্স দলে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হোৱা দিন ধৰি এতিয়ালৈকে ১৯, ৪৬, ২০০টকাৰ নগদ ধন আৰু ৪০,৩০,৬৬৫ টকা মূল্যৰ সুৰা জব্দ কৰিছে ।গোলাঘাট বিধানসভা সমষ্টিৰ অধীনৰ বিভিন্ন স্থানৰ পৰা ১৫,৩৬,২০০টকা নগদ ধন আৰু খুমটাই সমষ্টিৰ অধীনৰ বিভিন্ন ঠাইৰ পৰা  নগদ ৪,১০,০০০ টকা জব্দ কৰা হৈছে । ইয়াৰে গোলাঘাটৰ পৰা প্ৰায় ২৪ লাখৰো অধিক টকা মূল্যৰ সুৰা আৰু খুমটাইৰ পৰা প্ৰায় ১৫ লাখ টকাৰো অধিক মূল্যৰ সুৰা জব্দ কৰা হৈছে । 

উল্লেখ্য যে, ৯ মার্চত প্রকাশ পােৱা ২০২১ চনৰ চুড়ান্ত ভোটাৰ তালিকা অনুসৰি গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৭ । ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৯২ গৰাকী । গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭১২গৰাকী মহিলা ভোটদাতা । সমষ্টি দুটাত ৫১৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ৭৪১৬ গৰাকী ১৮ৰ পৰা ১৯ বছৰ বয়সৰ, ৩৮৮৪ গৰাকী ৮০ বছৰ বয়সৰ উৰ্ধৰ, ৭২০ গৰাকী ডি ভোটাৰ আৰু ৫৫৮ গৰাকী চাৰ্ভিছ ভোটাৰ আছে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটৰপৰা প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷নিৰ্বাচন সম্পৰ্কীয় বিষয়লৈ গোলাঘাটৰ জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰ সংবাদমেল

 25 March, 2021

গোলাঘাটৰপৰা প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷নিৰ্বাচন সম্পৰ্কীয় বিষয়লৈ গোলাঘাটৰ জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰ সংবাদমেল 



প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

Wednesday, 24 March 2021

বসন্তৰ আগমনৰ আগজাননী বিৰিখৰ কঁহী পাতে আনিছে বহাগৰ বতৰা

 24 March, 2021


বসন্তৰ আগমনৰ আগজাননী  বিৰিখৰ কঁহী পাতে  আনিছে বহাগৰ বতৰা


বিহু বিহু লাগিছে অসমীয়াৰ মনত ৷ ডেকা গাভৰুও সাজু হৈছে বহাগক আদৰিবলৈ ৷ পৰম্পৰা ৰক্ষা কৰি মৰঙিৰ পংকা গাৱঁত সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ সহযোগত চ’ত মাহৰ দ্বিতীয় বুধবাৰ অৰ্থাৎ আজিৰ দিনটোত তৰাচিৰা বিহু উদযাপন কৰে ৷ মৰঙিৰ পংকা গাৱঁৰ সপ্তশ্বহীদ সমন্বয় ক্ষেত্ৰত বিভিন্ন কাৰ্যসুচীৰে তৰাচিৰা বিহু উদযাপন কৰাৰ লগতে ঠেঙাল কছাৰী জনজাতিৰ পৰম্পৰাগত সাংস্কৃতিক কাৰ্যসুচী অনুষ্ঠিত কৰে৷


কল্পনা ফুকনৰ  ৰিপৰ্ট গোলাঘাট ৷

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

24 March, 2021 বিশ্ব যক্ষ্মা দিৱস পালন

 24 March, 2021

বিশ্ব যক্ষ্মা দিৱস পালন


-----------==---------------------

সমগ্ৰদেশ জুৰি যক্ষ্মা দিবস পালন কৰাৰ লগতে আজি গোলাঘাট জিলা স্বাস্থ্যবিভাগৰ উদ্যোগত এই দিৱস পালন কৰা হয় ৷জি এন এম ট্ৰেইনিং চেণ্টাৰত এই উদ্দেশ্যে অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালক ডা° অৰুণচন্দ্ৰ মহন্তই ৷  মুখ্য অতিথিৰূপে দেৰগাৱৰ বিশিষ্ট সাহিত্যিক সুৰেন মোহন হাজৰিকা আৰু বোলচবি প্ৰযোজক দিনেশ গগৈয়ে অংশগ্ৰহণ কৰে ৷ বিশিষ্ট অতিথি ৰূপে জিলা সত্ৰ ও ন্যায়াধীশ নাৰায়ণ কুৰি ; প্ৰৱক্তা °লুকুমণি গোস্বামী ; তৰালী গগৈ ; লেখিকা অপৰাজিতা বৰুৱা ; নিলিমা ফুকন ; ডা°চুৰেন্দ্ৰ নাথ তামুলী উপস্থিত আছিল ৷ আমণ্তিত অতিথি সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীৰ সপোন "২০২৫ চনৰ ভিতৰত কিদৰে যক্ষ্মাৰোগ নিৰ্মুল কৰিব পাৰি” সিই বিষয়টোৰ ওপৰত ভাষণ দিয়ে ৷ সভাৰ মাজতেই বিশ্বৰ যক্ষ্মাৰোগৰ ভয়াবহতা“ বিষয়ক ৰচনাকৰা এখন বাটৰনাট প্ৰদৰ্শন কৰা হয় ৷ জিলা যক্ষ্মাৰোগ বিষয়া ডা°সুনিতা এক্কাই আতঁধৰা এই সমৰ্গ্ৰ অনুষ্ঠানৰ মাজতেই য্ক্ষ্মাৰ পৰা আৰোগ্য লাভকৰা দহ গৰাকী লোকক সম্বদ্ধনা জনোৱা হয় ৷ সভাৰ শেষত ডা° সুণিতা এক্কাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে ৷ ::::


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

নাগৰিকত্ব সংশোধনী আইন বাটিলৰ দাবীত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই বুধবাৰে ১১ ঘন্টীয়া অনশন কাৰ্যসূচী পালন

 24 March, 2021


নাগৰিকত্ব সংশোধনী আইন বাটিলৰ দাবীত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই বুধবাৰে   ১১ ঘন্টীয়া অনশন কাৰ্যসূচী পালন


কৰে । গোলাঘাট জিলাৰ ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰক কা বাতিল নকৰিলে  সংগঠন টোৱে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক ভাৱে আন্দোলন চলাই যাব বুলিও সকীয়াই দিয়ে । অসমৰ ৰাইজে কা মানি নলয় আৰু যদি বিজেপি দলে অসমৰ নিৰ্বাচনী প্ৰচাৰত কা বাতিল নকৰো বুলি প্ৰচাৰ চলাই দেখুৱাই দিয়ক  বুলিও তেওঁ লগতে প্ৰত্যহ্বান জনাই । অসমত কা বলবত  হলে অসমীয়াই নিজৰ  ভাষা , কলা সংস্কৃতি হেৰুৱাই পেলাব বুলি  সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক  অভিবতন গোস্বামীয়ে দাবী কৰে । 


প্ৰকাশ শৰ্মা গোলাঘাট ৷

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

লখিমপুৰ খেল* Date :- 24/3/21

 24 March, 2021


*লখিমপুৰ খেল* Date :- 24/3/21



## লখিমপুৰত নিৰ্বাচনী বতাহৰ মাজতে ফুকনহাট চৰাইমৰীয়াত বাৰ্ষিক অধিবেশনৰ।


## চৰাইমৰীয়া যুৱ সমাজৰ সৌজন্যত ৩৫ তম্ বাৰ্ষিক অধিবেশন খনি দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় চৰাইমৰীয়া খেল পথাৰত।


## বিভিন্ন ধৰণৰ খেল ধেমালি উপৰিও মঙ্গলবাৰে পুৱা ৫ বজাত মাৰাথান দৌ আৰু নিশালৈ নিমন্ত্ৰিত শিল্পী দ্বৰা সাংস্কৃতিক সন্ধ্যা আয়োজন কৰা হয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...