02 March 2021
বিলাহী চাৰিটকা ৰঙলাউ ১০ টকাকৈও বিক্ৰী হোৱানাই গোলাঘাটৰ দ চমুৱাৰ শগুনপাৰাৰ কৃষকৰ ৷
গোলাঘাট চহৰৰ কাষেৰে যোৱা মাতৃসম ধনশিৰি নদীৰ পাৰত আৰু ধনশিৰি এৰাসুতি শগুণপাৰা বিলৰ পাৰত
খেতিকৰি জীৱন নিৰ্বাহ
কৰিছে শ শ কৃষকে ৷ ৯৯শতাংশ কৃষক থকা এই গাঁওখনৰ কৃষকে চৰকাৰি আঁচনিলৈ ৰৈ নেথাকি নিজৰ কাম নিজেই কৰে ৷ তথাপিও তেওলোকৰ চৰকাৰৰ কৃষি বিভাগৰ প্ৰতি আছে তীব্ৰ ক্ষোভ ৷ কৃষক সকলৰ ভিতৰত ভাই চুতীয়া ; খগেনছেত্ৰী ; অতনী চুতীয়া আৰু তেওঁৰ পত্নী কল্পনা চুতীয়া আহিয়ে বতৰৰ কৃষিজাত ফচল বতৰত উত্পাদন কৰি বজাৰত বিক্ৰী কৰে খগেন বিভিন্ন কৃষকৰ লগতে এই তিনিটা কৃষক পৰিয়ালেও কৰা বিলাহী আৰু ৰঙালাউ খেটিত ব্যাপক লোকচানৰ সন্মুখিন হৈছে ৷ বিভিন্ন ঠাইৰ পৰা যোৱা বেপাৰীক খাতিবাতি কৰিহে ফচল বিক্ৰী কৰিবলগা হৈছে ৷ সাৰুৱা পলসুৱা মাটিত কম পৰিমানৰ সাৰ প্ৰয়োগেৰে কৰা বিলাহীৰ প্ৰতিকেজি চাৰিটকা আৰু ৰঙলাউ দহটকাকৈও কিনাৰ বেপাৰীৰ অভাব ৷ বিলাহী দ’ম দ’ম কৰি বাৰিতেই ৰাখি বেপাৰীৰ আশাত ৰৈ থাকিবলগা হয় ৷ টঙীঘৰত নিশা হাতী ৰখি কৰা ৰঙলাউ হাতীয়ে ধাহিমুহি শেষ কৰিলে ৷ অবশিষ্ট খিনি গ্ৰাহক নোহোৱাত ঘৰৰ বাৰাণ্ডাতেই দ’মাই ৰখা হৈছে ৷ এওলোকৰ অভিযোগ যে ফচল বিক্ৰীৰ বজাৰ অভাৱ ৷ চৰকাৰে সময়ত সুবিধা দিলে এই সকলে আৰু অধিক ফচল উৎপাদন কৰিব পাৰিব ৷ আৰু নৱপ্ৰজন্মও কৃষিৰবাবে উৎসাহিত হব ৷
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া